...

নগাঁৱৰ জাজৰিৰ বেলতল বড়িগাঁৱৰ পূণ্য শ্লোক ৰমাকান্ত মুক্তিয়াৰ আতা সমন্বয় ক্ষেত্ৰত ২৭ সংখ্যক শিশু,যুৱ,আই-মাতৃ সমাৰোহ আৰম্ভ

Spread the love

নগাঁৱৰ জাজৰিৰ বেলতল বড়িগাঁৱৰ পূণ্য শ্লোক ৰমাকান্ত মুক্তিয়াৰ আতা সমন্বয় ক্ষেত্ৰত ২৭ সংখ্যক শিশু,যুৱ,আই-মাতৃ সমাৰোহ আৰম্ভ

 

নগাঁও

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাজৰিৰ বেলতল বড়িগাঁৱৰ পূণ্য শ্লোক ৰমাকান্ত মুক্তিয়াৰ আতা সমন্বয় ক্ষেত্ৰত শ্রীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ উদ্যোগত আৰু শিলপুখুৰী আঞ্চলিক শাখাৰ আতিথ্যত দেওবাৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৭সংখ্যক শিশু, যুৱ,আই-মাতৃ সমাৰোহৰ লগতে তৃতীয় বার্ষিক অংকীয়া নাট সমাৰোহ অনুষ্ঠিত হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ উদুলি মুদলি পৰিবেশত পুৱা পৰিৱেশ নিকাকৰণ,খোল-প্ৰসংগৰ অন্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ৫২ জোপা নাহৰ পুলি ৰোপণ কৰা হয়। ৯-০০ বজাত তোৰণ উন্মোচন কৰে চাতিয়া বৰদলৈ আৰু মৰিগাঁও জিলা পৰিষদৰ উপ সভানেত্ৰী অৰ্চনা পাতৰে । ইয়াৰ পিছতে মূলমঞ্চ উন্মোচন কৰে গল্পকাৰ মনোজ কুমাৰ দেউৰজাই।‌‌ ভোজনালয়ৰ আৰু থলুৱা সামগ্ৰীৰ বিপণন কেন্দ্ৰৰ দ্বাৰ উন্মোচনৰ অন্তত ১০ বজাত ২৭ সংখ্যক জিলা শিশু,যুৱ,আই-মাতৃ আৰু তৃতীয় বার্ষিক জিলা অংকীয়া নাট সমাৰোহৰ উদ্বোধনী আৰু মুকলি সভা অনুষ্ঠিত হয়। শ্রীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ সভাপতি অতুল দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনি জিলা সম্পাদক সন্ত নাৰায়ণ ডেকাই উদ্বোধন কৰে। সভাত কলিয়াবৰ জিলা সংস্কৃতি শাখাৰ সভাপতি সমীৰণ জ্যোতি হাজৰিকাই নির্দিষ্ট বক্তাৰূপে অংশগ্রহণ কৰি কয় যে মহাপুৰুষশ্ৰীমন্তশংকৰদেৱ গুৰুজনাই একশৰণ ভাগৱতী ধৰ্ম প্ৰৱৰ্তন কৰি কৃষ্ণ ভক্তিৰ মহিমা জগতলৈ বোৱাই আনিছিল । গুৰুজনাই সৃষ্টি কৰা অংকীয়া নাটৰ মূল উদ্দেশ্য আছিল শ্রীকৃষ্ণ বা ভগৱান শ্ৰীৰামচন্দ্ৰৰ মহিমা প্ৰচাৰ কৰা ।

সভাত কমল চন্দ্ৰ ফুকন,ডাঃ পুণিৰাম পাতৰ, উৎপলা লস্কৰ,নৃপেন চন্দ্ৰ বৰদলৈ আদি উপস্থিত থাকে। বিয়লি সমাৰোহৰ প্ৰতিযোগীৰ পঞ্জীয়নৰ পিছত সাহিত্য আৰু সংস্কৃতি শাখাৰ প্রতিযোগিতা উদ্বোধন কৰে ধ্রুৱেশ্বৰ ডেকা আৰু ৰণ্টুমণি শইকীয়াই।
বিয়লি গেৰুৱা শংকৰ-মাধৱ আঞ্চলিক শাখাৰ ‘ৰাম বিজয়’ অংকীয়া নাটভাগ উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে আৰু সন্মানীয় অতিথিৰূপে উপস্থিতি থাকে জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস। সন্ধিয়া শংকৰী সংগীত বিদ্যালয়ে পৰিৱেশন কৰা দ্বিতীয়ভাগ অংকীয়া নাট ‘অর্জুন ভঞ্জন’ উদ্বোধন কৰে সাংস্কৃতিক উন্নয়ন বিষয়া অংশুমান দত্তই,সন্মানীয় অতিথি হিচাপে মৰিগাঁও জিলা শাখাৰ উপ-সভাপতি কমল চন্দ্ৰ ফুকন,মৰিগাঁও জিলা শাখাৰ শৰণ সদস্য ধ্ৰুৱেশ্বৰ ডেকা, শৰণ সদস্য নীপেন চন্দ্ৰ বৰদলৈ, শিশু-আই মাতৃ কল্যাণ শাখা সমিতিৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সদস্যা উৎপলা লস্কৰ আৰু বিশিষ্ট অতিথি হিচাপে মৰিগাঁও জিলা শাখা সমিতিৰ প্ৰাক্তন শৰণ সদস্য নোমল চন্দ্ৰ বৰা,মৰিগাঁও জিলা‌ শাখাৰ প্ৰাক্তন সম্পাদক সুশীল চন্দ্ৰ বাংঠাই, প্ৰাক্তন সম্পাদক দিগন্ত মহন্তকে আদি কৰি মৰিগাঁও জিলা শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে‌ ।

আনহাতে সোমবাৰে পুৱা পতাকা উত্তোলনৰ পাছতে ভাগৱত ভ্রমণ আৰু সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে শৰণ সদস্য নিপেন চন্দ্ৰ বৰদলৈয়ে। ১০-৩০ বজাৰ পৰা সাহিত্য আৰু সাংস্কৃতিক প্রতিযোগিতা। শংকৰী সংগীত বিদ্যালয়,মৰিগাঁৱে পৰিৱেশন কৰিবলগীয়া “কালীয় দমন” উদ্বোধন কৰিব জ্যোতি চিত্ৰবনৰ অধ্যক্ষ জনপ্রিয় সংগীত শিল্পী বিদ্যাসাগৰে। সন্মানীয় অতিথিৰূপে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গর্গমোহন দাস উপস্থিত থাকিব । সন্ধিয়া শিলপুখুৰীৰ আঞ্চলিক শাখাই কৰিবলগীয়া “পাৰিজাত হৰণ” অংকীয়া নাটভাগ উদ্বোধন কৰিব শ্রীমন্ত শংকৰদেৱ সংঘৰ সঞ্জয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই আৰু সম্মানীয় অতিথিৰূপে উপস্থিত থাকিব ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক জাকিৰ হুছেইন। ২৮ অক্টোবৰৰ সামৰণিৰ দিনা জিলা শিশু, আই-মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী উৎপলা লস্কৰৰ সভাপতিত্বত অনুষ্ঠিতব্য সাধাৰণ সভাত পদ্মিনী ডেকা,মালিনী বৰদলৈ,দীপালী বৰদলৈ,লাবণ্য বৰদলৈ,ডিম্বেশ্বৰী বৰদলৈ আদিয়ে নির্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব। দিনৰ ১ বজাত বক্তৃতানুষ্ঠান “শংকৰী গীত,বাদ্য আৰু নৃত্যৰ পটভূমি অংকীয়া নাট”ত শংকৰী সংগীত বিদ্যালয়,মৰিগাঁৱৰ অধ্যক্ষ প্রসন্ন কুমাৰ মেধি,গ্রাম্য ৰত্ন বঁটাপ্ৰাপক উৎপলা হোকাই,নর্তম বিশাৰদ তাপস বৰদলৈায়ে বক্তাৰূপে অংশগ্ৰহণ কৰিব। বিয়লি হৰিজোঁৱাই আঞ্চলিক শাখাৰ “পাৰিজাত হৰণ” নাটখনি উদ্বোধন কৰিব হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাই আৰু সন্মানীয় অতিথিৰূপে ৰহা সমজিলাৰ আৰক্ষী অধীক্ষক সোণমণি শইকীয়া উপস্থিত থাকিব। নিশালৈ কপাহেৰা আঞ্চলিক শাখাৰ ‘ৰামবিজয়’ নাটভাগ উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ সভাপতি পবিত্ৰ প্ৰাণ বৰাই আৰু সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব নৰোৱা কুঁজিসত্ৰৰ অধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *