...

মাৰ্ঘেৰিটাৰ বৰগোলাইত বৃহত পৰিমাণৰ অবৈধ গাঞ্জা জব্দ

Spread the love

 

 

মাৰ্ঘেৰিটাৰ বৰগোলাইত বৃহত পৰিমাণৰ অবৈধ গাঞ্জা জব্দ

 

 

মাৰ্ঘেৰিটা:

মাৰ্ঘেৰিটাত সোমবাৰৰ সন্ধিয়া আৰক্ষীৰ অভিযানত নিষিদ্ধ গাঞ্জাসহ আটক এজন । মাৰ্ঘেৰিটাৰ বৰগোলাই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৰ পৰা আটক ধৃত। আটকাধীন লোকজন শন্তু প্ৰসাদ গুপ্তা(৫৬) বুলি জানিব পৰা গৈছে । তিনিচুকীয়া জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফায়েজ আহমেদ আৰু মাৰ্ঘেৰিটা আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈৰ নেতৃত্বত আৰক্ষীৰ অভিযানত আটক লোকজন।
লোকজনে দীৰ্ঘদিনৰ পৰা নিজৰ দোকানতে অবৈধ ভাৱে গাঞ্জা ব্যৱসায় কৰি আহিছিল বুলি আৰক্ষীয়ে এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান চলাই বুলি জানিব পৰা গৈছে। আটকাধীন ধৃত ব্যক্তিগৰাকীৰ জিম্মাৰ পৰা পৰা ২ কেজি ৩শ গ্ৰাম গাঞ্জা জব্দ কৰা হয়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈয়ে সংবাদমাধ্যমক জানিবলৈ দিয়া অনুসৰি অবৈধ ড্ৰাগছ, গাঞ্জা, কাণীৰ বিৰুদ্ধে যি ধাৰাবাহিক অভিযান অব্যাহত আছে সেইয়া চলি থাকিব। উল্লেখ যে ভাৰপ্ৰাপ্ত আৰক্ষী গৰাকীৰ নেতৃত্বত চলি থকা ধাৰাবাহিক অভিযানৰ ফলত ইতিপূৰ্বেই বহুকেইগৰাকী অবৈধ ড্ৰাগছ বেহাৰ সৈতে জড়িত ব্যক্তি ৰঙাঘৰৰ আলহী হ’ব লগা হৈছে। আটকাধীন ব্যক্তিৰ জনৰ পৰা অধিক তথ্যৰ লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। জেৰাত বহুকেইটা অবৈধ বেহাৰ লগত জড়িত ব্যক্তিৰ ৰৌ বৰাল জালত পৰাৰ সম্ভৱনা আছে ।

মানস প্ৰতীম গগৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *