আটছাৰ ঊনবিংশতিতম দ্বি বাৰ্ষিক মৰিয়নী সাধাৰণ অধিৱেশন
সহকাৰী সাধাৰণ সম্পাদকৰ শীৰ্ষ পদত ডিব্ৰুগড়ৰ লখিন্দৰ কুৰ্মি
চাইন অন ডেস্ক:
তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আটছাৰ ঊনবিংশতিতম মৰিয়নী সাধাৰণ অধিৱেশনৰ প্ৰতিনিধি সভাত সভাপতি হিচাপে গোলাঘাটৰ জগদীশ বৰাইক আৰু সাধাৰণ সম্পাদক হিচাপে লখিমপুৰ সুনীল তিৰ্কি নিৰ্বাচিত হোৱাৰ বিপৰীতে তিনিজনীয়া সহকাৰী সাধাৰণ সম্পাদকৰ ভিতৰত আটাইতকৈ বেছি ভোটৰ সমৰ্থন লাভ কৰি আটছাৰ সহকাৰী সাধাৰণ সম্পাদকৰ শীৰ্ষ পদত নিৰ্বাচিত হ’ল ডিব্ৰুগড়ৰ লখিন্দৰ কুৰ্মি।উল্লেখ
যে আটছাৰ জকাই উপ শাখা,ডিব্ৰুগড় শাখা আৰু দীৰ্ঘদিন ধৰি আটছা ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদকৰ দায়িত্বত থাকি নিপীড়িত চাহ জনগোষ্ঠী সমাজখনক সন্মুখৰ পৰা নেতৃত্ব দি অহা লখিন্দৰ কুৰ্মিয়ে কিছুদিনৰ আগতে আটছা ডিব্ৰুগড় জিলা সমিতিৰ সপ্তম দ্বি বাৰ্ষিক দুলিয়াজান অধিৱেশনত সম্পাদকৰ দায়িত্ব এৰিছিল।মনকৰিবলগীয়া যে অসমৰ জাতীয় জীৱনৰ লগতে দশক দশক ধৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ থকা খাটিখোৱা চাহ জনগোষ্ঠী লোকসকলৰ ন্যায্যপ্ৰাপ্তিৰ দাবীত দীৰ্ঘদিন ধৰি আপোচহীনভাৱে মাত মাতি অহা লখিন্দৰ কুৰ্মিয়ে আটছাৰ ঊনবিংশতিতম সাধাৰণ অধিৱেশনত সহকাৰী সাধাৰণ সম্পাদকৰ পদত প্ৰতিদদ্বিতা আগবঢ়াইছিল।জাতিটোৰ বিপদ কালত সন্মুখৰ পৰা নেতৃত্ব দিয় অহা এই গৰাকী আটছা নেতাক বিপুল ভোটৰ সমৰ্থন দি আটছাৰ সহকাৰী সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত কৰোৱা বাবে ডিব্ৰুগড় জিলাৰ তৃণমূল পৰ্যায়ৰ আটছা কৰ্মীসকল উৎফুল্লিত হৈছে।