...

নামৰূপত অসমীয়া মাধ্যম ছহিদ প্ৰমোদ বড়াৰ স্মৃতিচাৰণ অনুষ্ঠান

Spread the love

নামৰূপত অসমীয়া মাধ্যম ছহিদ প্ৰমোদ বড়াৰ স্মৃতিচাৰণ অনুষ্ঠান

নামৰূপ:

‘অসমীয়া ভাষা ছহিদ স্মৃতিৰক্ষা সমিতি, অসম’ৰ নামৰূপ মহাবিদ্যালয় শাখাৰ উদ্যোগত আৰু নামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত নামৰূপ মহাবিদ্যালয়ত আজি দিনৰ ১১.৩০ বজাৰ পৰা ছহিদ প্ৰমোদ বড়ালৈ শ্ৰদ্ধাঞ্জলি জনাই স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দূৰ্গা প্ৰসাদ গগৈয়ে সভাপতিত্ব কৰা সভাখন আঁত ধৰে অসমীয়া ভাষা ছহিদ স্মৃতিৰক্ষা সমিতিৰ নামৰূপ মহাবিদ্যালয় শাখাৰ সম্পাদক নামৰূপৰ সাংস্কৃতিক কৰ্মী ব্ৰজানন্দ ভূঞাই । উক্ত অনুষ্ঠানটোত মাধ্যম ছহিদ প্ৰমোদ বড়াৰ ভাতৃ লীলা বড়াৰ লগতে তেওঁলোকৰ পৰিয়ালৰ অন্যান্য সদস্যসকল উপস্থিত থাকে ৷ আৰম্ভণিতে ছহিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে ভাতৃ লীলা বড়াই । বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অধ্যক্ষ ডঃ দূৰ্গা প্ৰসাদ গগৈ, অসমীয়া ভাষা ছহিদ স্মৃতিৰক্ষা সমিতি নামৰূপ মহাবিদ্যালয় শাখাৰ সভাপতি ডঃ ছবি গগৈ, ছহিদ পৰিয়ালৰ সদসয়সকল, শিক্ষকসকল আৰু ছাত্ৰ একতা সভাৰ বিষববীয়া সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মহাবিদ্যালয়ৰ ছাত্ৰী ৰশ্মি বৰাই প্ৰমোদ বড়াৰ লগতে ভাষা ছহিদসকলৰ ত্যাগ আৰু বলিদানৰ বিষয়ে আলোকপাত কৰি ভাষণ আগবঢ়ায় ৷ ডঃ দূৰ্গা প্ৰসাদ গগৈ, লীলা বড়া, ব্ৰজানন্দ ভূঞা, ডঃ ছবি গগৈ, ৰেৱত বড়া আদিয়ে বক্তব্য আগবঢ়াই অসমীয়া ভাষাৰ মৌখিক আৰু লিখিত ব্যৱহাৰত শুদ্ধতাৰ ওপৰত গুৰুত্ব দি অসমীয়া ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনত সৈনিকৰ ভূমিকা ল’বলৈ আহ্বান জনায় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত ‘ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ ব্যৱহাৰ’ শীৰ্ষক প্ৰবন্ধ প্ৰতিযোগিতাও আয়োজন কৰা হয় আৰু পু্ৰস্কৃত সকলৰ মাজত উক্ত অনুষ্ঠানতে বঁটা বিতৰণ কৰে ৷ প্ৰৱন্ধ প্ৰতিযোগিতাত দিনা দাস প্ৰথম, পল্লৱী ফুকন দ্বিতীয় আৰু ৰূপজ্যোতি গগৈয়ে তৃতীয় স্থান লাভ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *