কোচ ৰাজবংশী সকলক জনজাতি প্ৰদানৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট
জনজাতিকৰণ, কমতাপুৰ ৰাজ্য,ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ দাবী
চাইন অন ডেস্ক:
ৰাজ্যৰ কোচ ৰাজবংশী সকলক
জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত সোমবাৰে সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় মহানগৰ মাজমজিয়াৰ চৌকিডিঙী চাৰিআলিত ২ ঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্রতিবাদী কাৰ্যসূচীত জিলা আৰু আঞ্চলিক সমিতিসমূহৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কার্ড লৈ “কোচ ৰাজবংশী সকলক জনজাতিকৰণ লাগিবই”, “আমাৰ দাবী মানিবই লাগিব”, “জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰা বন্ধ কৰক” আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এই অৱস্থান ধৰ্মঘট
কাৰ্যসূচীত নেতৃত্ব আগবঢ়াই জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত শইকীয়াই অতি ক্ষোভেৰে কয় যে কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰতাৰণা কৰাৰ প্রতিবাদত পুনৰ ডিব্ৰুগড় জিলা সমিতিয়ে গ্ৰহণ কৰিছে এই প্রতিবাদী কাৰ্যসূচী।আক্ৰাছুৰ জন্মলগনৰে পৰা কোচ ৰাজবংশী সকলৰ ভাষা সংস্কৃতি বিকাশ প্ৰচাৰ প্ৰসাৰ লগতে জনজাতিকৰণ, কমতাপুৰ ৰাজ্যৰ দাবী, ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ প্ৰাপ্যৰ দাবীত চৰকাৰৰ ওচৰত বহু আবেদন নিবেদন কৰাৰ লগতে আন্দোলন কৰাৰ পিছতো আজি পর্যন্ত চৰকাৰে কোচ ৰাজবংশী সকলৰ দাবী প্রতি বিশেষ সঁহাৰি দিয়াৰ পৰিলক্ষিত নহ’ল, কেৱল ১৯৯৬ চনত কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্য্যদা প্রদান কৰিছিল যদিও ছয় মাহ পিছত জনজাতিৰ মৰ্য্যদা পুনৰ কৰ্তন কৰি সমগ্র কোচ ৰাজবংশী জাতিটোক চৰম অপমান কৰিলে, সেইয়ে চৰকাৰে ১৯৯৬ চনত যি ভিত্তিত কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্য্যদা প্রদান কৰিছিল সেই একে ভিত্তিত পুনৰ কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্য্যদা প্রদান কৰিবলৈ আমি চৰকাৰ ওচৰত দাবী জনাই। চৰকাৰে কোচ ৰাজবংশী সকলৰ উন্নয়নৰ কাৰণে যি উন্নয়ন পৰিষদ আৰু স্বায়ত্ত্ব পৰিষদ গঠন কৰিছিল সেই পৰিষদৰ পৰাও দুই এজন ব্যক্তিৰ বাহিৰে কোনো কোচ ৰাজবংশী লোকৰ উন্নয়ন আজিলৈকে হোৱা পৰিলক্ষিত নহ’ল। সেয়ে এই দুয়োখন পৰিষদ ভঙ্গ কৰি সুস্থ সৱল ব্যক্তিক লৈ গঠন কৰিবলৈ আহ্বান জনাই। লগতে কমতাপুৰ স্বায়িত্ব শাসিত পৰিষদখন কেৱল অ-বিভক্ত গোৱালপাৰা জিলাতেই সিমাবদ্ধ নেৰাখি স্বায়িত্ব শাসিত পৰিষদ খন চেটেলাইট ব্যৱস্থাৰে সমগ্ৰ অসমৰ কোচ ৰাজবংশী সকলক আহ্বান জনাইভূমিপুত্ৰ কোচ ৰাজবংশী সকলৰ দির্ঘদীনিয়া সমস্যা সমাধানৰ কাৰণে ত্ৰিপাক্ষিক বৈঠক আয়োজন কৰা, পৃথক কমতাপূৰ ৰাজ্য পুনৰ উদ্ধাৰৰ কৰা,. অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক জনজাতীৰ মৰ্য্যদা প্ৰদান কৰা, বি টি আৰত বসবাস কৰা কোচ ৰাজবংশী সকলক চৰকাৰে যি বৈষম্যমূলক ভাবে ভূমি অধিকাৰ ক্ষেত্ৰত বঞ্চিত কৰা কাৰ্যক ত গৰিহণা দিয়াৰ লগতে অতি শ্রীঘ্রে ভূমি অধিকাৰ প্ৰদান কৰা, KLO লগত সম্মানজনক আলাপ আলোচনাৰে শান্তি চুক্তি কৰা, কোচ ৰাজবংশী সকলক চৰকাৰী বেচৰকাৰী খণ্ডত শিক্ষা আৰু চাকৰী ক্ষেত্ৰত বিশেষ অগ্রাধিকাৰ প্রদান কৰা, অসমৰ সকলো জিলাতে কোচ ৰাজবংশী ভাষা, সংস্কৃতি বিকাশ, প্ৰচাৰ-প্ৰসাৰ কেন্দ্ৰ আৰু একোটাকৈ মিউজিয়াম ও চিলাৰায় প্ৰতিমূর্তি নিৰ্মাণ কৰা, বর্তমান OBC অন্তৰ্গত কোচ ৰাজবংশী সকলৰ জাতিগত প্ৰমাণ পত্ৰ দিবৰ বাবে কোচ ৰাজবংশী সকলৰ জাতীয় সংগঠন আক্ৰাছুক প্ৰদান কৰা,
উজনি অসমত বিধানসভা, লোকসভা আৰু স্থানীয় নিকায় সমূহত কোচ ৰাজবংশী লোকৰ কাৰণে সংৰক্ষনৰ ব্যৱস্থা কৰাৰ লগতে কোচ ৰাজবংশী বাবে প্রতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা প্ৰদান কৰা,কোচ ৰাজবংশী উন্নয়ন পৰিষদখন ভংগ কৰি উজনি, মধ্য আৰু নামনি অসমৰ সংগ্ৰামী জনতাক সাঁঙুৰি লৈ শক্তিশালীকে নতুনকৈ গঠন কৰিব লাগে আৰু লগতে বতমান সময়ৰ লৈকে যি সমূহ কাম হৈ আছে সেই সমূহ কামৰ উচিৎ তদন্ত কৰা,আৰু
কমতাপুৰ স্বায়িত্ব শাসিত পৰিষদখন কেৱল অ-বিভক্ত গোৱালপাৰা জিলাতেই সিমাবদ্ধ নেৰাখি স্বায়িত্ব শাসিত পৰিষদ খন চেটেলাইট ব্যৱস্থাৰে সমগ্ৰ অসমৰ কোচ ৰাজবংশী সকলক সাঁঙুৰি লোৱা দাবী জনাই ডিব্ৰুগড় জিলা আয়ুক্ত যোগেদি অসমৰ মূখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। অৱস্থান ধৰ্মঘটত আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰাঞ্জল দত্ত, আক্ৰছু ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক প্ৰণৱ দত্ত আৰু দিগেন দত্তই নেতৃত্ব প্ৰদান কৰে।