...

কামৰূপ জিলাৰ গৰৈমাৰীত “জুবিন গাৰ্গ সেতু”ৰ শুভ উদ্ধোধন

Spread the love

কামৰূপ জিলাৰ গৰৈমাৰীত “জুবিন গাৰ্গ সেতু”ৰ শুভ উদ্ধোধন

চাইন অন ডেস্ক:

কামৰূপ জিলাৰ গৰৈমাৰী অঞ্চলৰ টেকেলিফুটা গাঁওত শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণীৰে অনুপ্ৰাণিত এক অনন্য পদক্ষেপ।
হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে টেকেলিফুটা গাঁওৰ ৰাইজে নিজস্ব উদ্যোগত বাঁহৰ সাঁকোখন নিৰ্মাণ কৰি ইয়াক “জুবিন গাৰ্গ সেতু” নামেৰে নামাকৰণ কৰিছে।দেওবাৰে উক্ত সেতুখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয়।
টেকেলিফুটা গাঁওৰ একাংশ সচেতন লোকৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে এই সেতু।
টেকেলিফুটা বেজৰসুতি ই এণ্ড ডি মথাউৰি সংলগ্ন বাঁহৰ সাঁকোখনৰ উদ্ধোধনী অনুষ্ঠানত ফখৰ উদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নুৰুল ইছলাম,সমাজকৰ্মী মেহবুব আলী, ছাবেল উদ্দিন আহমেদ, যুৱ নেতা আনোৱাৰ হুছেইন, অধিবক্তা আকবৰ আলীসহ বহু সমাজ সচেতন ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানত ফখৰ উদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ সভাপতি নুৰুল ইছলামে জুবিন গাৰ্গক “অসমীয়াৰ হৃদয়ৰ ৰজা” বুলি অভিহিত কৰি জুবিন দা যেন মাথোঁ এজন গায়ক নহয়, তেওঁ অসমীয়াৰ প্ৰতিটো আবেগ, সংস্কৃতি আৰু মৰমৰ প্ৰতীক বুলি কয়‌।

Leave a Reply

Your email address will not be published. Required fields are marked *