চাহ জনগোষ্ঠীৰ জনজাতিকৰণ!
১৩ অক্টোবৰত ডিব্ৰুগড়ত বিশাল গণ প্ৰতিবাদ কাৰ্যসূচী
তিনি লাখ জনতা সমৱেত সম্ভৱনা
জিলাৰ সকলো বাগিচা হব বন্ধ
চাইন অন ডেস্ক:
অসমৰ চাহ বাগিচা আৰু অসমৰ চুকে কোনে বসবাস কৰা চাহ জনগোষ্ঠীয় লোকসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীটোক লৈ ১৯৪৭ চনৰ পৰাই চাহ শ্ৰমিকসকলে ৰাজপথৰ সংগ্ৰাম কৰি আহিছে যদিও কোনো এখন চৰকাৰে চাহ জনগোষ্ঠীৰ এই দাবীটোৰ প্ৰতি ন্যায্যতা প্ৰদান নকৰিলে।আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে খিলঞ্জীয়া লোকসকলে ভূমি অধিকাৰ পাইছে যদিও যুগ যুগ ধৰি অসমৰ চাহ বাগিচাত বসবাস কৰা লাখ লাখ চাহ শ্ৰমিক পৰিয়ালে আজি পৰ্যন্ত নেপালে ভুমি অধিকাৰ।শাসনৰ বাঘজৰী দখল কৰিয়ে বিজেপি চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান,ভাৰত চৰকাৰৰ নিম্নতম মজুৰি আইনৰ অধীনত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু চাহ জনগোষ্ঠীয় লোকসকলক ভূমি অধিকাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰ।কিন্ত বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈ ৰ’ল।বিজেপি শাসন কালত বিভিন্ন ৰাজপথ,পঞ্চতাৰাকা হোটেল, উদ্যোগ,বিমান বন্দৰ আদিৰ বাবে চাহ বাগিচাৰ হাজাৰ হাজাৰ বিঘা ভূমি উচ্ছেদ কৰাৰ লগতে চাহ বাগিচাৰ ১০ শতাংশ ভূমি অন্য কামত ব্যৱহাৰ কৰাৰ বাবে নতুন আইন প্ৰণয়ন কৰি খাটিখোৱা চাহ শ্ৰমিকৰ জীৱনলৈ বিজেপি চৰকাৰেই চৰম সংকট নমাই আনিছে।আনহাতেদি দি ১০ শতাংশ চাহ বাগিচাৰ ভুমি অন্য কামত ব্যৱহাৰ কৰাৰ নতুন আইন প্ৰণয়ন হোৱাৰ লগে লগে চাহ নগৰী ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততত ব্যক্তিগত খণ্ডৰ বাগিচাৰ মালিকসকলে চাহ শ্ৰমিকৰ অধিকাৰপ্ৰদত্ত বাগিচাৰ মাটি খণ্ড খণ্ড কৈ বিক্ৰী বিক্ৰী শ্ৰমিকৰ অস্থিত্বৰ প্ৰতি নমাই আনিছে চৰম ভাবুকি।গতিকে অসমৰ চাহ জনগোষ্ঠীয় লোকসকলক শীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা,চাহ শ্ৰমিক পৰিয়ালক পট্টাসহ ভূমি অধিকাৰ প্ৰদান কৰা আৰু
ভাৰত চৰকাৰৰ নিম্নতম মজুৰ আইনৰ আধাৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰাৰ মুল দাবীক লৈ অসম চাহ জনজাতি ছাত্ৰ সন্হা,অসম চাহ মজদুৰ সংঘ,অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জনজাতি পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্হাৰ যৌথ উদ্যোগত অহা ১৩ অক্টোবৰত ডিব্ৰুগড়ত হব বিশাল গণ আন্দোলন।যৌথ সংগঠন সমুহৰ অন্যতম আহ্বায়ক আটছা ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা লখিন্দৰ কুৰ্মি,সভাপতি বিমল বাঘ আৰু সম্পাদক চনু উৰাঙে জানিবলৈ দিয়ামতে উক্ত দিনা পাচটা দিশৰ পৰা প্ৰায় দুই লাখৰ পৰা তিনি লাখ চাহ জনগোষ্ঠী-আদিবাসী ৰাইজ গোট খাব।সেয়েহে চাহ শ্ৰমিকৰ অস্থিত্ব ৰক্ষাৰ দাবীত ঘোষণা কৰা এই গণ আন্দোলনত সকলো শ্ৰেণীৰ ৰাইজক সহযোগ কৰিবলৈ আটছা নেতৃত্বই আহ্বান জনাইছে।