...

মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Spread the love

মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

অসমৰ মহিলা আজি এক জাগ্রত শক্তিলৈ ৰূপান্তৰ হৈছে: মুখ্যমন্ত্ৰী

 

চাইন অন ডেস্কঃ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এক বিশাল অনুষ্ঠানত ডিব্রুগড় বিধানসভা সমষ্টিৰ ১৪,০২৫ গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰে ৭,৭৭৭ গৰাকী হিতাধিকাৰী গ্রামাঞ্চলৰ আৰু ৬,২৪৮ গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ।খনিকৰৰ খেলপথাৰত প্ৰতিকুল বতৰকো নেওচি পুৱাৰে পৰা সমৱেত হোৱা হাজাৰ-হাজাৰ মহিলা,আত্মসহায়ক গোটৰ সদস্য সকল উপস্থিত থকা বিশাল জনসভাত সম্বোধন কৰি ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰাৰ পিছত আজি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ আই-মাতৃসকলক লৈ এতিয়ালৈকে ৰাজ্যৰ ১৭ টা বিধানসভা সমষ্টিত এই উদ্যমিতা পুঁজি বিতৰণ কৰা হৈছে। তেওঁ কয় যে ২০২০ চনৰ পৰা ৰাজ্যত অব্যাহত থকা অৰুণোদয় আঁচনিখনৰ বিষয়ে ৰাইজ অৱগত। অসমে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছত এনে আঁচনি ছত্তিশগড়, মধ্যপ্রদেশ, কর্ণাটক আৰু মহাৰাষ্ট্ৰ চৰকাৰে এই আঁচনিখন সেই ৰাজ্যসমূহতো বলবৎ কৰিছে। অতি কম দিনৰ ভিতৰতে দিল্লী আৰু হাৰিয়ানা চৰকাৰেও অনুৰূপ আঁচনি ৰূপায়ণ কৰিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰি পশ্চিমবংগ চৰকাৰেও অসমৰ অৰুণোদয় আঁচনিৰ দৰেই লক্ষী ভাণ্ডাৰ নামেৰে এখন আঁচনি সেই ৰাজ্যত ৰূপায়ণ কৰিছে বুলি সদৰী কৰে।
তেওঁ কয় যে নাৰীশক্তিৰ মর্যাদা আৰু মহিলা সৱলীকৰণৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ দৰে অসম চৰকাৰে মহিলা উদ্যমিতা অভিযান নামৰ এই নতুন আঁচনিখনৰ শুভাৰম্ভ কৰিছে। ভাৰতবৰ্ষৰ ভিতৰতে অভূতপূর্ব সহাৰি লাভ কৰা এই আঁচনিখনৰ বিষয়ে কিছুদিন পূর্বে বিহাৰ চৰকাৰে অসম চৰকাৰৰ পৰা সকলো শিকি-বুজি গৈছে। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰদান কৰা ১২৫০ টকাৰে ঘৰ এখন চলাবলৈ সুবিধা হয় যদিও মহিলা উদ্যমিতা আঁচনিৰ উদ্দেশ্য সুকীয়া বুলি মন্তব্য কৰি তেওঁ কয় যে আত্মসহায়ক গোটৰ সদস্যাসকলক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ কৰিছে। মুখ্যমন্ত্রীয়ে কয় যে অসমৰ মহিলা আজি এক জাগ্রত শক্তিলৈ ৰূপান্তৰ হৈছে। আজি অসমৰ ৪০ লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ পৰিছে আৰু ৪ লাখ আত্মসহায়ক গোট ৰাজ্যখনত সক্রিয় হৈ আছে। অসমৰ মহিলাই তাঁতশালত সপোন ৰচিব জানে বুলি মহাত্মা গান্ধীৰ এই অমৰ বাণীৰ উদ্ধৃতি দি তেওঁ কয় যে অসমীয়া মহিলাই যুগে যুগে সমাজত উদ্যমিতা প্রতিষ্ঠা কৰি আহিছে। বীৰাংগণা সাধনীৰ পৰা সতী ৰাধিকালৈকে, কনকলতাৰ পৰা ভোগেশ্বৰী ফুকননীলৈকে অসমীয়া মহীয়সী নাৰীয়ে সমাজৰ দায়িত্ব গ্রহণ কৰি আহিছে। আধুনিক যুগত আত্মসহায়ক গোটৰ গঠনৰ লগে লগে অসমীয়া মহিলাৰ মাজত এক নৱ জাগৰণৰ সৃষ্টি হয়।
মহিলা আত্মসহায়ক গোট, ছিএলএফ, ভি অ’, জীবিকা সখী, বেংক সখী, পশু সখী আদিয়ে ৰাজ্যৰ অর্থনীতিত এক নতুন গতি প্রদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ মহিলাসকলে আত্মসহায়ক গোটৰ নামত বেংকৰ পৰা লাভ কৰা ঋণৰ ৯৯ শতাংশই ওভতাই দিয়ে আৰু তাৰ বাবে আজি বেংকসমূহে ৰাজ্যৰ মহিলাসকলক বেছিকৈ ঋণ দিব বিছাবে। ভাৰতবৰ্ষৰ তিনি কোটি মহিলাক লাখপতি বাইদেউলে ৰূপান্তৰ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সপোন সাকাৰ কৰাৰ বাবে অসমত ৪০ লাখ মহিলাক এই উদ্যমিতা পুঁজি যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। অসমত মহিলা উদ্যমিতাৰ ৰূপৰেখা দাঙি ধৰি মুখ্যমন্ত্রীয়ে কয় যে ডিব্রুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ গংগোত্রী ছিএলএফৰ অধীনত সোণালী আত্মসহায়ক গোটৰ সদস্যা মনীষা গগৈ নেওঁগে ২০১৮ চনত নিজা প্রচেষ্টাৰে নিজ গৃহতে ধূপকাঠি বনোৱা এটা সৰু প্রতিষ্ঠান আৰম্ভ কৰি লাহে লাহে আগবাঢ়ি গৈ আজি তেওঁ প্রতিমাহে ২০-৩০ হাজাৰ টকালৈ উপার্জন কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে দীপালী খনিকৰ নামৰ আন এগৰাকী সদস্যায়ো ১৭ টা ছাগলী আৰু ৫০ টা কুকুৰা লগত লৈ ব্যৱসায় কৰি আজি বছৰি ডেৰ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এনেদৰে অসমৰ নাৰী সমাজে নিৰৱে ঘৰখন পৰিচালনা কৰিবৰ বাবে স্বামীক সহায় কৰাৰ উপৰি ল’ৰা-ছোৱালীক শিক্ষিত কৰি তুলিছে আৰু আমাৰ জাতিটোক প্রাণবন্ত তথা জীৱন্ত কৰি ৰাখিছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে তিনি বছৰৰ ভিতৰত মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য আগত লৈছে।
অৰুণোদয় আঁচনিৰ ধনৰাশি যিদৰে বৃদ্ধি হৈ গৈ আছে সেইদৰে উদ্যমিতা পুঁজিৰ জৰিয়তে আগবঢ়োৱা সাহায্য ১০ হাজাৰতে ৰৈ নাযায় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই পুঁজি যথাযথভাবে ব্যৱহাৰ কৰিলে মহিলাসকলে চৰকাৰৰ তৰফৰ পৰা ভৱিষ্যতে আৰু অধিক সুবিধা লাভ কৰিব। অভিযানখনৰ অন্তৰ্গত প্রদান কৰা উদ্যমিতা পুঁজিৰ ব্যৱহাৰ সম্পর্কে তেওঁ কয় যে একোটাকৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাই লাভ কৰা পুঁজি যদি একগোট কৰে তেন্তে আত্মসহায়ক গোটটোত ১ লাখ টকা জমা হ’ব। বৰ্দ্ধিত পুঁজিৰে ব্যৱসায় কৰিলে তেওঁলোকে বেংকৰ পৰাও ঋণ লাভ কৰিবলৈ সক্ষম হ’ব। গোটৰ সদস্যাসকলে ব্যক্তিগতভাবে হাঁহ-কুকুৰা-গৰু আদি পালন কৰি বা গামোচা-কাপোৰ আদি প্রস্তুত কৰিও এই পুঁজি ব্যৱহাৰ কৰিব পাৰে অথবা যিসকল মহিলাৰ স্বামীৰ সৰু-সুৰা ব্যৱসায় বা দোকান আদি আছে তাতো তেওঁলোকে এই পুঁজি বিনিয়োগ কৰিব পাৰে। তেওঁ কয় যে অহা ছয়মাহৰ পিছতে এই পুঁজিৰ বিনিয়োগৰ মূল্যাংকন কৰা হ’ব। যিসকল আত্মসহায়ক গোটৰ সদস্যাই উদ্যমিতা পুঁজি উচিতভাৱে ব্যৱহাৰ কৰিব তেওঁলোকে অহা বছৰ ২৫ হাজাৰ টকাকৈ লাভ কৰিব। আনহাতে, যিসকল সদস্যাই ২৫ হাজাৰ টকাৰ সদ ব্যৱহাৰ কৰিব তৃতীয় বর্ষত তেওঁলোকক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। তেওঁ কয় যে এইদৰে একোগৰাকী গোটৰ সদস্যাই ৮৫ হাজাৰ টকা পর্যন্ত উদ্যমিতা পুঁজি লাভ কৰিব পাৰিব। ৰাজ্যৰ ৪০ লাখ মহিলাই ৮৫ হাজাৰ টকাকৈ লাভ কৰিলে অসমৰ গ্ৰাম্য অর্থনীতিত নিশ্চিতভাবে এক যুগান্তকাৰী পৰিৱৰ্তন আহিব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে।আজিৰ অনুষ্ঠানত কেন্দ্রীয় জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱাল, অসম চৰকাৰৰ শক্তি আদি বিভাগৰ মন্ত্রী তথা স্থানীয় বিধায়ক প্রশান্ত ফুকন, পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্রী বণজিত কুমাৰ দাস, পৰিবহণ আদি বিভাগৰ মন্ত্রী তথা অভিভাৱক মন্ত্রী যোগেন মহন, উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্রী বিমল বৰা, বিধায়ক বিনোদ হাজৰিকা, পোনাকন বৰুৱা, তেৰছ গোৱালা আৰু তৰংগ গগৈ, সোণোৱাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, ডিব্ৰুগড়ৰ মেয়ৰ ডঃ সৈকত পাত্র, ডিব্রুগড় জিলা পৰিষদৰ সভানেত্রী পুষ্পাঞ্জলি সোণোৱাল প্রমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি, জিলা আযুক্ত বিক্রম কৈৰী, অসম ৰাজ্যিক গ্রামীণ জীরিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ সমন্বিতে বিভাগীয় বিষয়ববীয়াসকল আৰু আত্মসহায়ক গোটৰ হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *