ডিব্ৰুগড়ত বিজেপিৰ চাৰিখন বৈঠকৰ সামৰণি
দলৰ বাবে নিস্বাৰ্থভাৱে কাম কৰাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
চাইন অন ডেস্ক:
২০২৬ৰ নিৰ্বাচনক লৈ ডিব্রুগড়ত চাৰিখনকৈ বিজেপিৰ ৰুদ্ধদ্ধাৰ বৈঠক সম্পন্ন হয়।বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড় আৰক্ষী চাউনীৰ বহুমুখী উপযোগিতা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ চাৰিখন সভাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অন্তিমখন বৰ্ধিত কাৰ্যনিবাহক সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি দলীয় বিষয়ববীয়াক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ন কৰি থকা জনকল্যাণমূলক আঁচনিসমূহ সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ চলাই জনমত গঠনৰ বাবে পৰামৰ্শ আগবাঢ়য়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘সৱকা সাথ
সৱকা বিকাশ’ নীতিক সাৰোগত কৰি দলৰ প্ৰতিজন কৰ্মকৰ্তাক কাম কৰি যাবলৈ আহ্বান জনায়। জাতি-মাটি আৰু ভেঁটি ৰক্ষাৰ বাবে এইখন চৰকাৰে কাম কৰি অহা কথাবোৰ জনসাধাৰণক বুজাব লাগিব বুলি উল্লেখ কৰি ২০২৬ চনত যাতে বিজেপি পুনৰ শাসনলৈ তাৰ প্ৰতি নিষ্ঠাসহকাৰে কাম কৰি যাবলৈ আহ্বান জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কালি পুৱাৰ ভাগত সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পাছত ৰাজ্যিক বিষয়ববীয়া সভা আৰু অনুষ্ঠিত হয় বৰ্ধিত কাৰ্যনিবাহক সভা। ইফালে নিশাৰ ভাগত অনুষ্ঠিত হয় কৰ্ণধাৰ সমিতিৰ বৈঠক। ১২ জন সদস্যৰে গঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যিক কৰ কমিটিৰ বৈঠকত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন কমিটি যেনে- নিৰ্বাচন পৰিচালনা সমিতি, মেনুফেষ্টু সমিতি গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে। গুৱাহাটীত বিজেপিৰ বুথ সভাপতিসকলক লৈ এখন সমাৱেশ অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিভিন্ন বুথৰ যুৱ মৰ্চাৰ সভাপতিসকলক লৈয়ো যুৱ সমাৱেশ অনুষ্ঠিত কৰাৰ সম্পৰ্কে ৰাজ্যিক কৰ্ণধাৰ সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। সমান্তৰালভাৱে আগন্তুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ অসম ভ্ৰমণ কাৰ্যসূচী সম্পৰ্কতো আলোচনা কৰা হয়। ইফালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ তদন্তৰ গতি ন্যায় পৰ্যায়লৈকে যাতে যাব পাৰে তাৰ বাবে চৰকাৰক নিজৰ দায়িত্ব পালন কৰিবলৈ কৰ্ণধাৰ সমিতিয়ে অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰি বিটিচি নিৰ্বাচনৰ পৰ্যালোচনা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। দল আৰু চৰকাৰৰ দৃষ্টিভংগী এইক্ষেত্ৰত আমি ভাৱৰ বিনিময়ৰ জৰিয়তে একত্ৰিতভাৱে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত মিত্ৰদল সমূহৰ সৈতে একত্ৰিতভাৱে নিৰ্বাচন খেলাৰ প্ৰসংগত এখন এখন সমিতি গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই দুদিনীয়া বৈঠকত আন বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, এই দুদিনীয়া বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সম্পাদক ৰবীন্দ্ৰ ৰাজু, প্ৰভাৰী হৰিশ দ্বিবেদী, মন্ত্ৰী প্ৰশান্ত ফুকন, বিমল বৰা, ৰঞ্জিত কুমাৰ দাস, যোগেন মহন, ৰূপেশ গোৱালা, অশোক সিংহাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, প্ৰদান বৰুৱাৰ উপৰি ৰাজ্যৰ বহুকেইগৰাকী বিধায়ক উপস্থিত থাকে।