ডিব্ৰুগড় কছাৰী ঘাটৰ ভয়াবহ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীয়ুজ হাজৰিকাৰ
ডিব্ৰুগড় খহনীয়া প্ৰতিৰোধৰ বাবে ৩৭৫ কোটি টকাৰ প্ৰতিৰোধ আঁচনি ৰূপায়ন
৩২ হেজাৰ চি টাইপ জিঅ’বেগ প্ৰয়োজন হ’ব
চাইন অন ডেস্ক:
ডিব্ৰুগড় কছাৰী ঘাটত হোৱা ভয়াবহ গড়াখহনীয়া বৃহস্পতিবাৰে পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুজ হাজৰিকাই।ডিব্ৰুগড় মহানগৰৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰতিটো বাৰিষাত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি ডিব্ৰুগড় বাসীক আতংকিত কৰি আহিছে। জলসম্পদ মন্ত্ৰী গৰাকীয়ে ব্ৰহ্মপুত্ৰ নদীৰ দৰে
উল্লেখযোগ্য যে, ডিব্ৰুগড় মহানগৰলৈ আহি পৰা এক প্ৰবল ভাবুকিত নিদ্ৰা হৰণ হৈছে মহানগৰবাসীৰ।চকুৰ পলকতে চপৰা চপৰকৈ খহিবলৈ ধৰিছে ডিব্ৰুগড় মহানগৰৰ সুৰক্ষা বান্ধৰ কাষত।নিমিষতে ব্ৰহ্মপুত্ৰ নদীত উটি গল শ-শ জিঅ’ বেগ।এখন উদ্যান, বিশাল খেলপথাৰ,এটা যোগাসনৰ পকী কেন্দ্ৰ আৰু পূজা বিসৰ্জ্জন দিয়া স্থলী,মাত্ৰ প্ৰায় ১৫ মিনিটৰ ভিতৰতেই প্ৰায় এশ মিটাৰ ভূমি জাহ গল।ডিব্ৰুগড় মহানগৰৰ কাছাৰীঘাটত অৰ্থাৎ ডিব্ৰুগড়ৰ পুৰনি কৰ্টৰ ঠিক পিছফালে সংঘটিত এই ভয়ানক ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া। আহিনৰ ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰি প্ৰায় এশ মিটাৰ প্ৰধান সুৰক্ষা মথাউৰিৰ পৰা খহাই নিয়ে।জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে সাজু কৰি ৰখা জিঅ’ বেগ সমূহৰ অধিকাংশ উটুৱাই নয়াৰ লগতে যোগাসনৰ এটা কেম্প আৰু বহুত জিঅ’ বেগ সমূহ ভূমিকম্প অহাৰ দৰেই বৃহৎ অঞ্চল বহি গল। ডিব্ৰুগড় মহানগৰৰ অন্যতম সুৰক্ষা কৱচ,ডিব্ৰুগড় সুৰক্ষা বান্ধ প্ৰায় স্পৰ্শ কৰিছে বৰলুইতে। বিগত দিন কেইটাত মহানগৰৰ উপকন্ঠ অঞ্চল মাইজান ঠাকুৰাবাৰীত হৈ থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত কেইবাশ মিটাৰ ভূমি জাহ যোৱা লগতে নামনি অংশতো আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া। মাইজানৰ উজনিৰ অংশত ৭.৪ স্পাৰটো ভঙাৰ পাছতেই নামনি অংশত ভয়াৱহ ৰূপ লৈছে খহনীয়াই। সময়মতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত গুৰুত্ব নিদিয়াৰ বাবেই বৰলুইতৰ এতিয়া এনেদৰে ভয়ংকৰ ৰূপ।ইয়াৰ মাজতে জলসম্পদ মন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড় গড়াখহনীয়াক লৈ যথেষ্ট গুৰুত্ব দিয়া বুলি কৈ প্ৰচেষ্টা অব্যাহত ৰখা বুলি কয়। এই পৰিদৰ্শন কালত মন্ত্ৰী গৰাকী সৈতে মন্ত্ৰী প্ৰশান্ত ফুকনসহ জলসম্পদ বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে।