...

চাহ জনগোষ্ঠী জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নয়ন তথা বিকাশৰ বাবে কাম কৰিম

Spread the love

 

চাহ জনগোষ্ঠী জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নয়ন তথা বিকাশৰ বাবে কাম কৰিম

আটছাৰ ডিব্ৰুগড় জিলা সম্পাদক চুনু উৰাঙ

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ চ্যুকাফা ভৱনত অনুষ্ঠিত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনত ডিব্ৰুগড় জিলা সমিতিৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক চুনু উৰাঙে ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠী জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নয়ন তথা বিকাশৰ বাবে সদায় সেৱা আগবঢ়াই যাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ডিব্ৰুগড় জিলা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সম্পাদক গৰাকীয়ে কয় যে নৱনিৰ্বাচিত সমিতিৰ সভাপতি প্ৰমুখ্যে কাৰ্যনিৰ্বাহক সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা অসম চাহ জনজাতি ছাত্ৰ সন্থাই চাহ জনগোষ্ঠী জনসাধাৰণৰ সামগ্ৰিক সমস্যাৱলীৰ ওপৰত আলোকপাত কৰি সমাধানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰি যাব। বিশেষকৈ ডিব্ৰুগড় জিলাৰ চাহবাগিচাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, চাহ শ্ৰমিকৰ আৰ্থিক দুৰদৰ্শা, চাহবাগিচাৰ শ্ৰমিকসকলৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক, বৌদ্ধিক উত্তৰণ, চাহবাগিচাৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন, প্ৰতিভাসম্পন্ন চাহ শ্ৰমিক সন্তানক ক্ৰীড়া ক্ষেত্ৰখনত অগ্ৰগতি কৰিব পৰাকৈ যাবতীয় পদক্ষেপ গ্ৰহণ, চাহ শ্ৰমিকৰ ভূমি পট্টা প্ৰদান কৰা ,চাহ শ্ৰমিকক ভূমি অধিকাৰ পোৱা, তথা চাহ জনগোষ্ঠী জনসাধাৰণৰ ভূমি যাতে ভূ-মাফিয়াই হস্তগত কৰিব নোৱাৰে তাৰ ওপৰত সদায় ডিব্ৰুগড় জিলা অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী ধাৰা বহন কৰি চাহ জনগোষ্ঠী জনসাধাৰণৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে সেৱা আগবঢ়ায় যাব। ডিব্ৰুগড় জিলাৰ চাহবাগিছা অঞ্চলৰ যাতায়ত,পথ , শিক্ষাৰ উন্নয়ন তথা উত্তৰণকে চাহ জনগোষ্ঠী জনসাধাৰণৰ সামগ্ৰিক সমস্যাৱলীৰ ওপৰত ডিব্ৰুগড় জিলা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে সেৱাত ব্ৰতী হব বুলি ডিব্ৰুগড় জিলা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সম্পাদক চুনু উৰাঙে জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *