Skip to content ঐতিহাসিক ডিব্ৰুগড় নিমজ্জিত হব নেকি ব্ৰহ্মপুত্ৰৰ বুকুত ?
চপৰা চপৰকৈ খহিছে ডিব্ৰুগড় মহানগৰৰ সুৰক্ষা বান্ধৰ কাষত
শ-শ জিঅ’ বেগ উটি গল ব্ৰহ্মপুত্ৰ নদীত
উদ্যান,খেলপথাৰ, যোগাসনৰ কেন্দ্ৰ পূজা বিসৰ্জ্জন স্থলী নদীৰ বুকুত
চাইন অন ডেস্ক:

ঐতিহাসিক ডিব্ৰুগড় নিমজ্জিত হব নেকি ব্ৰহ্মপুত্ৰৰ বুকুত ? পুনৰ এক মহা শংকাত ডিব্ৰুগড়বাসী।ডিব্ৰুগড় মহানগৰলৈ আহি পৰা এক প্ৰবল ভাবুকিত নিদ্ৰা হৰণ হৈছে মহানগৰবাসীৰ।চকুৰ পলকতে চপৰা চপৰকৈ খহিবলৈ ধৰিছে ডিব্ৰুগড় মহানগৰৰ সুৰক্ষা বান্ধৰ কাষত।নিমিষতে ব্ৰহ্মপুত্ৰ নদীত উটি গল শ-শ জিঅ’ বেগ।কেৱল সিমানেই নহয়,এখন উদ্যান, বিশাল খেলপথাৰ,এটা যোগাসনৰ পকী কেন্দ্ৰ আৰু পূজা বিসৰ্জ্জন দিয়া স্থলী।মাত্ৰ ৩০ মিনিটৰ ভিতৰতেই সকলো ঘটি গল।নিৰ্বিকাৰ হৈ ৰল জলসম্পদ বিভাগ।প্ৰকৃতিৰ ৰুদ্ৰ মূৰ্ত্তিৰ আগত যেন সকলো অসহায়।ডিব্ৰুগড় মহানগৰৰ কাছাৰীঘাটত অৰ্থাৎ ডিব্ৰুগড়ৰ পুৰনি কৰ্টৰ ঠিক পিছফালে সংঘটিত হৈছে এই ভয়ানক ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া। বিয়লিলৈ সকলো ঠিকেই আছিল।কিন্তু তাৰ পাছতেই আহিনৰ ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰে।অলপ অলপ কৰি প্ৰায় ৩০ ফুট প্ৰধান সুৰক্ষা মথাউৰিৰ পৰা খহাই নিয়ে।জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে সাজু কৰি ৰখা জিঅ’ বেগ সমূহৰ অধিকাংশ উটুৱাই নিয়ে।পৰৱৰ্তী সময়ত সেই জিঅ’ বেগ সমূহ উদ্ধাৰৰ চেষ্টা চলোৱা হয়।ঘটনাৰ উমান পাই ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন,জিলা আয়ুক্ত বিক্ৰম কৈৰী,অতিৰিক্ত আয়ুক্ত মনিকা বৰা,চাৰ্কোল অফিচাৰ সমুজ্জ্বল বৰাৰ সহিতে বন বিভাগৰ বিষয়া আৰু জলসম্পদ বিভাগৰ উচ্চস্তৰীয় বিষয়ববীয়া খহনীয়া স্থলীত উপস্থিত হয়।ৰাজ্যৰ মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ঘটনাস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে মাত্ৰ আধা ঘন্টাৰ ভিতৰতেই যোগাসনৰ এটা কেম্প আৰু বহুত জিঅ’ বেগ সমূহ ভূমিকম্প অহাৰ দৰেই বৃহৎ অঞ্চল বহি গল।এই স্থানত ১৫/২০ মিটাৰ ওপৰত পানী আছে।যদিও ইয়াক সময়ত নিয়ন্ত্ৰণ কৰিব পৰা যাব।এই মথাউৰিৰ তলত ‘৬২ চনৰে ব্লাষ্টেড বল্ডাৰ আছে।সেয়ে ইমান চিন্তনীয় নহয় আৰু সুৰক্ষা বান্ধটো সুৰক্ষিত হৈ থাকিব বুলি মন্ত্ৰী প্ৰশান্ত ফুকনে উল্লেখ কৰে।জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে জানিব দি কয় যে জলসম্পদ বিভাগক নিদেশ দিয়া হৈছে।যাতে নিশাৰ ভাগতে সকলো কাম সম্পূৰ্ণ কৰি তোলা হয়।

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তনুজ হালৈয়ে কয় যে ৰাজ্যৰ খহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আছুৱে দাবী জনাই আহিছে।এনে পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়ত উপস্থিত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই খহনীয়াৰ ভয়াৱহতা নিজে পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনায় ছাত্ৰ নেতা গৰাকীয়ে।আনহাতে এই বাতৰি যুগুত কৰালৈ ডিব্ৰুগড় মহানগৰৰ অন্যতম সুৰক্ষা কৱচ,ডিব্ৰুগড় সুৰক্ষা বান্ধ প্ৰায় স্পৰ্শ কৰিছে বৰলুইতে। ব্ৰহ্মপুত্ৰৰ এই ভয়াৱহতা দেখি আতংকিত হৈ পৰিছে মহানগৰবাসী।বিগত দিন কেইটাত মহানগৰৰ উপকন্ঠ অঞ্চল মাইজান ঠাকুৰাবাৰীত হৈ থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত কেইবাশ মিটাৰ ভূমি জাহ যোৱা লগতে নামনি অংশতো আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া। মাইজানৰ উজনিৰ অংশত ৭.৪ স্পাৰটো ভঙাৰ পাছতেই নামনি অংশত ভয়াৱহ ৰূপ লৈছে খহনীয়াই। সময়মতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত গুৰুত্ব নিদিয়াৰ বাবেই বৰলুইতৰ এতিয়া ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই নৈপৰীয়া ৰাইজক আতংকিত কৰি তোলাই নহয়, নিদ্ৰাহৰণ কৰিছে।ইতিমধ্যে টালি-টোপোলা বান্ধি নিৰাপদ দূৰত্বত আশ্ৰয় ল’বলৈ সাজু হৈছে নৈপৰীয়া। ক্ষীপ্ৰগতিৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাম আৰম্ভ কৰিছে যদিও প্ৰতিৰোধ কৰি তুলিব পৰা নাই ব্ৰহ্মপুত্ৰৰ খহনীয়া।