Skip to content “আজিৰ দিনটো শোক দিৱস হিচাপে গণ্য কৰিব লাগে”
ড° নগেন শইকীয়া
মই অতিশয় মৰ্মাহত হৈছো।জুবিন বহুত গুণী শিল্পী আছিল।সঁচা কথা কবলৈ গলে জুবিনৰ দোষ কিছু আছিল,তেনেদৰেই কিছু উতপতীয়াও আছিল।কিন্তু জুবিনৰ যিখিনি গুণ,সেইখিনি অসমবাসীয়ে নালাগে ভাৰতবাসীয়েও কেতিয়াও পাহৰিব নোৱাৰে।মই দেখিছো যে জুবিনৰ কণ্ঠত এনে এক সুৰৰ যাদু আছে,যিয়ে মানুহক,শ্ৰোতাক সহজেই আকৰ্ষণ কৰিব পাৰে।কিন্তু জুবিন যে এনে এটা কল্পনা কৰিব নোৱাৰা ঘটনাৰ মুখামুখি হব সেয়াও ভাবিব নোৱাৰি।তেওঁৰ স্মৃতিত গভীৰ বেদনা প্ৰকাশ কৰাৰ লগতে আত্মাৰ সদগতি কামনা কৰিছো।জুবিনৰ বচা বচা গান সমূহ বাছি লৈ এক আকাইভ স্বৃষ্টি কৰি সকলোৱেই তেওঁ প্ৰতি শ্ৰদ্ধা জনাব লাগে।আজিৰ দিনটো শোক দিৱস হিচাপে গণ্য কৰিব লাগে বুলি মই ভাবো।এই সময়ত মোৰ আৰু মনলৈ বেলেগ চিন্তা অহা নাই।
Like this:
Like Loading...