Skip to content ডিব্ৰুগড়ত শুভাৰম্ভণি বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰৰ
আজি চাবুৱাৰ ডি ডি আৰ কলেজত প্ৰথম খন মেগা স্বাস্থ্য শিবিৰৰ
*অংশ ললে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,
বিধায়কদ্বয় পোনাকণ বৰুৱা আৰু বিনোদ হাজৰিকাই*
চাইন অন ডেস্ক:
আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্হিতিত ডিব্ৰুগড় জিলাৰ চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ত প্ৰথমখন বিধানসভা সভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰা তথা নেতৃত্বত আৰু মাননীয় স্বাস্থ্যমন্ত্রী অশোক সিংঘাল ডাঙৰীয়াৰ নির্দেশনাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ছেপ্টেম্বৰ মাহৰ পৰা সমগ্ৰ ৰাজ্যজুৰি বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰ আৰম্ভ কৰিবলৈ লোৱা পদক্ষেপৰ অংশ হিচাপে ডিব্ৰুগড় জিলাত আজি চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত ডি ডি আৰ মহাবিদ্যালয়ত প্ৰথমটো মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । মাননীয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ৰ লগতে চাবুৱা -লাহোৱাল বিধানসভা সমষ্টিৰ
দুই বিধায়ক মাননীয় পোণাকণ বৰুৱা আৰু বিনোদ হাজৰিকাৰ উপস্থিতিত শুভাৰম্ভণি হোৱা এই মেগা স্বাস্থ্য শিবিৰত আজি সমষ্টিটোৰ প্ৰায় ১০০ৰো অধিক বিদ্যালয় আৰু ৩০০ ৰো অধিক অংগনবাদীৰপৰা অহা ১৮ বছৰৰ তলৰ প্ৰায় দুই সহস্ৰাধিক শিশু আৰু কিশোৰ – কিশোৰীক বিস্তৃত স্বাস্থ্যসেৱা প্ৰদান কৰণৰ লগতে ৫০টা জটিল ৰোগ/অৱস্থা চিনাক্ত কৰণ,ৰোগ/অৱস্থা অনুযায়ী ৰেফাৰেলৰ লগতে পৰবর্তী পর্যায়ত যথোপযুক্ত চিকিৎসা প্রদান আৰু ৰোগ অনুসৰি পৰ্য্যায়ক্ৰমে উন্নত তথা বিনামূলীয়া পুনৰীক্ষণ আৰু চিকিৎসাৰ ব্যবস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । এই
মেগা হেল্থ কেম্পে স্বাস্থ্য সেৱাৰ এক শৃংখল আগবঢ়াইছে য’ত ৫০+ পূৰ্ব চিনাক্তকৃত স্বাস্থ্যজনিত অৱস্থা (জন্মগত হৃদৰোগ, স্নায়ুজনিত বিকাৰ, ওঁঠ আৰু তালু ফটা, স্বাস্থ, ৰক্ত বিকাৰ আদি) , যকৃত, বৃক্ক, বংশগত ৰোগ , হাওঁফাওঁ ইত্যাদি ৰোগৰ নিৰ্ণায়ক পৰীক্ষা আৰু চিকিৎসাৰ প্ৰট’কল অনুসৰি ৰোগীৰ চিকিৎসা ব্যৱস্থাপনা কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি ডি ডি আৰ মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰথমটো স্বাস্থ্য শিবিৰত ১৫ টা অ’পিডি য’ত শিশু চিকিৎসক,হৃদৰোগ বিশেষজ্ঞ,চকুৰ চিকিৎসক,অৰ্থপেডিক্স বা হাড়ৰ বিশেষজ্ঞ, চৰ্মৰোগ বিশেষজ্ঞ, ই এন টি বিশেষজ্ঞ,জেনেৰেল চাৰ্জন,স্নায়ুচাৰ্জন, স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ , ৩ জন সাধাৰণ, ১ জন ডেন্টাল, আৰু ১ জন আয়ুস চিকিৎসকে স্বাস্থ্য সেৱা আগবঢ়ায়। একেদৰে,ৰোগ নিৰ্ধাৰণৰ বাবে হিম’গ্লবিন পৰীক্ষা, কেপিলাৰী ব্লাড গ্লুক’জ, চিকেল চেল স্ক্ৰীনিং, HBsAg, Hep B, আৰু HCV পৰীক্ষা,
চিবিচি, তেজৰ গ্ৰুপিং, ছিৰাম ইলেক্ট্ৰলাইট, ৰেনাল ফাংচন টেষ্ট, লিভাৰৰ ফাংচন টেষ্ট, লিপিড প্ৰফাইল, আৰু ইচিজিকে ধৰি বিভিন্ন পৰীক্ষাৰ ব্যৱস্থা কৰা হয় এই মেগা স্বাস্থ্য শিবিৰত । ইয়াৰ উপৰিও এই মেগা স্বাস্থ্য শিবিৰত ফাৰ্মাচী সেৱা ,মোবাইল মেডিকেল ইউনিট (এমএমইউ) সেৱা, স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু শিক্ষা আৰু কাউন্সেলিং, আয়ুষ্মান ভাৰত কাৰ্ডৰ ই কে ৱাই চি, স্বাস্থ্য সজাগতা কক্ষ, স্বাস্থ্য সম্পৰ্কীয় সজাগতা মূলক দৃশ্য-শ্ৰৱ্যৰ প্ৰদৰ্শন, আভা আই ডি খোলাৰ সুবিধাও উপলব্ধ কৰোৱা হয় । তদুপৰি চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰেলৰ প্ৰয়োজন হোৱা ৰোগীসকলক পথ প্ৰদৰ্শনৰ বাবে চিকিৎসা প্ৰতিষ্ঠান ( চিকিৎসা মহাবিদ্যালয়) তথা ৰেফাৰেল কেম্পৰ তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হয় আজিৰ এই মেগা স্বাস্থ্য শিবিৰত । প্ৰণিধানযোগ্য যে, শুশ্ৰূষা সেতু তিনিটা পৰ্যায়ত বিভক্ত। প্ৰথম পৰ্যায়ত ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত প্রতিটো বিধান সভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰৰ জৰিয়তে ৰোগ নিৰ্ণায়ক পৰীক্ষাৰ দ্বাৰা স্বাস্থ্যজনিত সমস্যাসমূহ চিনাক্তকৰণ আৰু প্ৰয়োজন সাপেক্ষ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰেল , দ্বিতীয় পৰ্যায়ত নবেম্বৰ মাহত চিকিৎসা মহাবিদ্যালয়ত বিশেষ শিবিৰ অনুষ্ঠিত কৰি সেই সকল ল’ৰা – ছোৱালীৰ ৰোগ নিশ্চিতকৰণ আৰু তৃতীয় পৰ্যায়ত ডিচেম্বৰৰ পৰা প্রয়োজন অনুসৰি উন্নত চিকিৎসা আৰু আন প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণকৰা হ’ব । উল্লেখযোগ্য যোগ্য যে, আজিৰ এই মেগা স্বাস্থ্য শিবিৰতডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, অসম চৰকাৰৰ যুটীয়া সচিব তথা ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ অভিভাৱক বিষয়া ডাঃ প্ৰণতি গগৈ, স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱা প্ৰমুখ্যে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয় ববীয়া , ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ জিলা পৰামৰ্শ দাতা আনন্দ শৰ্মা , স্বাস্থ্য বিভাগৰ জিলা আৰু ব্লক পৰ্যায়ৰ বিষয়া কৰ্মচাৰী,ডি ডি আৰ মহাবিদ্যালয়ৰ সমূহ অধ্যাপক – কৰ্মচাৰী তথা ছাত্ৰ – ছাত্ৰী, বিদ্যালয়সমূহৰ শিস্হানীয় গণ্য মান্য ব্যক্তি সমষ্টিবাসী ৰাইজ উপস্হিত থাকে। উল্লেখযোগ্য যে,ডিব্ৰুগড় জিলাত অহা ৯ অক্টোবৰত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত মাইজান চাহ বাগিচা চিকিৎসালয়ত দ্বিতীয় খন মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব । ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে প্ৰতিজন পিতৃ- মাতৃ, অভিভাৱক, পৰিয়ালৰ সদস্য আক শিক্ষক-শিক্ষয়িত্রীসকলক
প্রতিগৰাকী শিশু, কিশোৰ-কিশোৰীক এই বৃহৎ স্বাস্থ্য শিবিৰলৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাই নিজৰ সক্ৰিয় অংশগ্ৰহণেৰে এই শিবিৰ সমূহ সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনাইছে।