...

কেঁচা চাহপাতৰ নূন্যতম মূল্য বিচাৰি ডিব্ৰুগড় ৰাজপথ কঁপালে হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ বাগিচা খেতিয়কে

Spread the love

 

 

কেঁচা চাহপাতৰ নূন্যতম মূল্য বিচাৰি ডিব্ৰুগড় ৰাজপথ কঁপালে হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ বাগিচা খেতিয়কে

 

 

জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

 

 

চাইন অন ডেস্ক:

দুশ বছৰীয়া অসমৰ চাহ উদ্যোগলৈ নামি আহিছে সংকট। উপযুক্ত মূল্য নোপোৱাত হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে চাহ উদ্যোগৰ সৈতে অসমৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। যাৰ বাবে আজি ডিব্ৰুগড়ৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়সকল। কেঁচা চাহপাতৰ উচিত মূল্য বিচাৰি ডিব্ৰুগড় ৰাজপথ কঁপাই তুলিলে ক্ষুদ্র চাহ খেতিয়ক সন্থাই। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিলে ক্ষুদ্ৰ চাহ খেতিয়কসকল। ভাৰতীয় চাহ বৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচা চাহপাতৰ নূন্যতম মূল্য নিৰ্ধাৰণ কৰাৰ পাছতো চাহ কলঘৰ তথা বটলিফ ফেক্টৰীৰ মালিকসকলে নিজ ইচ্ছানুসৰি কেঁচা চাহপাতৰ দাম নিৰ্ধাৰণ কৰি আহিছে। বটলিফ ফেক্টৰীসকলৰ মইমতালিৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। আজি ডিব্ৰুগড় মহানগৰৰ জালান চাহ বাগিচাৰ ডিব্ৰুগড় জিলা

আয়ুক্তৰ কাৰ্যালয়লৈকে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি চৰকাৰ আৰু বটলিফ ফেক্টৰীৰ মালিকসকলৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰুবুল হাতীবৰুৱাই প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰি কয়, ক্ষুদ্র চাহ খেতিয়কসকলে চাহ খেতিৰ জৰিয়তে গ্রাম্য অর্থনীতি টনকীয়াল কৰাৰ উপৰিও নিবনুৱা সমস্যা, সীমা সুৰক্ষা, অবৈধ অনুপ্রৱেশকাৰী ৰোধ কৰি আহিছে। আমি কেতিয়াও ৰাজপথত আহি আন্দোলন কৰিব নিবিচাৰো, কোনো কাৰণতে খেতিয়কসকলে নিজৰ বাগিচাখন এৰি আহিব নিবিচাৰে।

কিন্তু প্রতিবছৰৰ দৰে এই বছৰো কেঁচা চাহপাতৰ মূল্য হ্রাস পাইছে, কলঘৰসমূহে নিজৰ খেয়াল খুচিমতে মূল্য নির্ধাৰণ কৰিবলৈ লৈছে, বিভিন্ন অজুহাত দেখুৱাই বিষয়টি কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে, প্ৰতি কিলোগ্ৰাম চাহ পাত উৎপাদন কৰা সময়ত ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰায় ২২ টকা খৰচ কৰি অৱশেষত বটলিফ ফেক্টৰীৰ মইমতালিৰ বাবে মাত্ৰ ১২-১৫ টকাত বিক্ৰী কৰিব লগা হৈ অহাৰ কথা উল্লেখ কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক বিৰিঞ্চি বৰুৱাই। নিজকে চাহ বেপাৰী বুলি দাবী কৰি অহা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ চাহ উদ্যোগটোক টনকিয়াল কৰাৰ স্বাৰ্থত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সংগঠনটোৰ সম্পাদক বিৰিঞ্চি বৰুৱাই ক্ষোভ প্ৰকাশ কৰিছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণ সময়ত এবাৰো ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰসংগ উল্লেখ নকৰাত ক্ষোভ প্ৰকাশ কৰি বিজেপি শাসিত কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ লগতে ভাৰতীয় চাহ ব’ৰ্ড আৰু বটলীফ ফেক্টৰী বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। আনহাতে শীঘ্ৰেই কেঁচা চাহ পাতৰ মূল্য নিৰ্ধাৰণ নকৰিলে পুনৰ দিশপুৰ লগতে নতুন দিল্লী কপাবলৈ সাজু থকা বুলি সকীয়নি প্ৰদান কৰে। ইফালে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ক্ষুত্ৰ চাহ খেতিয়কসকলৰ উৎপাদিত কেঁচা চাহপাতৰ নূন্যতম মূল্য দিয়াৰ ব্যৱস্থা কৰা, এশ শতাংশ ৰাজহুৱা নীলাম ব্যৱস্থাৰ জৰিয়তে পকা পাতৰ বিক্ৰীৰ ব্যৱস্থা কৰা, উপকৰ পুঁজিৰ জমা ধনেৰে ক্ষুদ্র চাহ খেতিয়কৰ বাবে কলঘৰ স্থাপনৰ ক্ষেত্ৰত প্রধানমন্ত্রীৰ লোকেল ফ’ৰ ভোকেলৰ ব্যৱস্থা গ্রহণ কৰা, চৰকাৰী নির্দেশনা মানি নচলা কলঘৰৰ বিৰুদ্ধে অতি শীঘ্রে প্রশাসনিক ব্যৱস্থা গ্রহণ কৰা, বহিঃৰাজ্যৰ অনুন্নত কেঁচা চাহপাত সৰবৰাহ বন্ধ কৰাৰ ব্যৱস্থা কৰা, বহিঃৰাজ্যৰ কেঁচা পাত ৰোধৰ ক্ষেত্ৰত গেজেট ন’টিফিকশ্যনৰ দ্বাৰা (NOC)-ৰ ব্যৱস্থাটোক বাধ্যতামূলক কৰা, অসমৰ ক্ষুদ্র চাহ খেতিয়কৰ খেতিটোক ভাৰতীয় চাহ ব’ৰ্ডৰ পৰা আঁতৰাই অসম চৰকাৰে সুকীয়া এক ক্ষুদ্র চাহ খেতিয়কৰ সদস্যক লৈ মন্ত্রনালয় গঠন কৰা, খিলঞ্জীয়া ক্ষুদ্র চাহ খেতিয়কক ভূমিৰ ম্যাদী পট্টা প্রদান কৰাকে ধৰি কেইবাটাও দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে। অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখন অনাগত দিনত কাৰ্যকৰী কৰাৰ ব্যৱস্থা নকৰিলে আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *