...

নাগৰিকত্ব বিচৰা ব্যক্তিসকলৰ বাবে সময় সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি

Spread the love

নাগৰিকত্ব বিচৰা ব্যক্তিসকলৰ বাবে সময় সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি

 

চাইন অন ডেস্ক:

নাগৰিকত্ব (সংশোধনী) আইনৰ অধীনত নাগৰিকত্ব বিচৰা ব্যক্তিসকলৰ বাবে ভাৰতত প্ৰৱেশৰ সময় সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে।
আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ সদস্য — হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান — ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা লোকসকলক পাছপ’ৰ্ট বা অন্যান্য ভ্ৰমণৰ নথি-পত্ৰ অবিহনে দেশত থাকিবলৈ দিয়া হ’ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
যোৱা বছৰ বলবৎ হোৱা নাগৰিকত্ব (সংশোধনী) আইন (CAA) অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে ভাৰতলৈ অহা এই নিৰ্যাতিত সংখ্যালঘুসকলৰ সদস্যসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *