...

ডিব্ৰুগড়ৰ সংবাদমেলত লুৰিণজ্যোতি গগৈৰ বিস্ফোৰক মন্তব্য

Spread the love

 

 

ডিব্ৰুগড়ৰ সংবাদমেলত লুৰিণজ্যোতি গগৈৰ বিস্ফোৰক মন্তব্য

 

 

মাদানীক অসমলৈ আনি তৃতীয়বাৰলৈ সাম্প্ৰদায়িক বিয়পোৱৰ ষড়যন্ত্ৰ কৰিছিল মুখ্যমন্ত্ৰীয়ে

 

চাইন অন ডেস্ক:

মেহমুদ আশ্বাদ মাদানীক অসমলৈ আনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰক্ষণাবেক্ষণ আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱৰ বাবে তৃতীয়বাৰলৈ ষড়যন্ত্ৰ ৰচিছিল। আজি ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি এই বিস্ফোৰক অভিযোগ আনিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ডিব্ৰুগড় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত কৰা সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে কয়, এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক বিজেপিয়ে ‘বি’ টীম হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰি আহিছে। এতিয়া বদৰুদ্দিন আজমলৰ কাম নোহোৱা হ’ল। অসমৰ মানুহে গম পাই গৈছে যে, বদৰুদ্দিন আজমল বিজেপিৰ ‘বি’ টীম। সেইবাবে মেহমুদ মাদানী, চৈয়দা হামিদৰ দৰে ব্যক্তিসকলক অসমলৈ আনি সাম্প্ৰদায়িক কথা-বতৰাবোৰ ক’বলৈ বাধ্য কৰিছে। মাদানী অসমলৈ অহাৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে দিয়া টুইট সম্পৰ্কতো লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মাদানী অসমলৈ অহাৰ কথা মুখ্যমন্ত্রীয়ে গম নাপায়? ই আচৰিত। শ্রীৰামপুৰ গেটেৰে আহি গোৱালপাৰাৰ আল চালাম হস্পিতালৰ পিছফালৰ
বদৰুদ্দিন আজমল থকা গৃহত আছিল মেহমুদ মাদানী। সাধাৰণতে জমিয়তৰ সভাপতি আহিলে আগতেই ৰাজহুৱা কৰা হয়। এইবাৰ কিয় কৰা নহ’ল? মনে মনে আহি অসমত থকাৰ কথা মুখ্যমন্ত্রীয়ে গ’ম নোপোৱা কথাই হ’ব নোৱাৰে।কাৰণ সকলোবোৰ বিজেপিৰ কৌশল বুলি ক’লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বিয়াগোম গৃহবিভাগ তথ চোৰাংচোৱাৰ হাতত তথ্য নথকাতো অসম্ভৱ বুলি মন্তব্য কৰিছেলুৰিণজ্যোতি গগৈয়ে। ইফালে গোৱালপাৰাৰ উচ্ছেদস্থলীৰ যি ঠাইত সাহায্য বিতৰণৰ বাবে কোনো লোকক যাবলৈ দিয়া হোৱা নাই, তাত মাদানী কেনেকৈ উপস্থিত হৈছিল বুলি প্ৰশ্ন কৰিছে লুৰিণে। একেটা প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে কয়, আজমল ফ্লপ হোৱাৰ পাছত, চৈয়দা হামিদক আনিছিল, কামত নাহিল। তাৰ পাছত এতিয়া মাদানীক আনি তৃতীয়বাৰলৈ ষড়যন্ত্ৰ কৰিছে। ১৪৪ ধাৰা বলৱৎ নকৰি চৰকাৰে মাদানীক ৰক্ষণাবেক্ষণ দিছে। মাদানীক কিয় কৰায়ক্ত নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে?অজাপই মাদানী অসমত উপস্থিত হোৱা সম্পৰ্কে তথ্য ফাদিল কৰাৰ পাছতেহে চৰকাৰে গম পোৱাৰ দৰে দেখাইছে। জনৰোষৰ বলি হ’ব বুলি নিশা ৩ বজাতে মাদানীয়ে গোৱালপাৰাৰ গোপন আশ্রয় স্থানৰ পৰা গুৱাহাটীলৈ প্ৰেছ মিট দিবলৈ ওলাই আহে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰে সংবাদমেলত। আজিৰ এই সংবাদমেলত অসম জাতীয় পৰিষদৰ উপ-সভাপতি বীৰেন বৰুৱাও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *