Skip to content
২৩ জুলাইৰ নৈশ ভোজতে অসমক অশান্ত কৰাৰ সিদ্ধান্ত হৈছিল আর্চাদ মাদানিয়ে লুৰীণজ্যোতি গগৈ কংগ্ৰেছীৰ “পাশাখেলৰ গুটি” মাত্রঃ ৰাজ্যিক বিজেপি
গুৱাহাটী: “আর্চাদ মাদানিয়ে আৰম্ভণিৰে পৰা কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহৰ বাবে সদায় পৰিপূৰক হিচাপে কাম কৰি আহিছে। অখিলেশ যাদব নেতৃত্বাধীন সমাজবাদী পার্টি আৰু কংগ্ৰেছৰ যৌথ প্রার্থী হিচাপে ৰাজ্য সভাৰ সাংসদ হোৱা মাদানি মূলত কংগ্ৰেছী ৰাজনীতিৰ শ্লিপাৰ চেল”- ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাই মাদানিৰ ৰাজনৈতিক পৰিচয়ক এনেদৰে বৰ্ণনা কৰি লগতে কয়- “যোৱা লোকসভা নির্বাচনত মহাৰাষ্ট্ৰ, উত্তৰ প্রদেশ, হাৰিয়ানা, দিল্লী, পশ্চিম বংগ, ঝাৰখণ্ড আৰু বিহাৰত মাদানিয়ে কংগ্ৰেছ নেতৃত্বাধীন মৰ্চাৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্রচাৰ চলাইছিল।
কিন্তু এইজন মাদানিকেই অসম প্রদেশ কংগ্রেছ কমিটি আৰু তেওঁলোকৰ মূল সহযোগী জাতীয় পৰিষদে বিজেপিৰ এজেন্ট বুলি দাবী কৰিব খোজে। কিন্তু মাদানিৰ ৰাজনৈতিক পৰিচয় জনা সকলৰ বাবে তেওঁ আচলতে কাৰ এজেন্ট সেয়া নিশ্চয় বহলাই কোৱাৰ কোনো প্রয়োজন নাই বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্র গৰাকীয়ে বৰ্ণনা কৰে।” দলৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভবনত আয়োজিত সংবাদমেলত শৰ্মাৰ লগতে দলৰ আন এগৰাকী মুখপাত্র জেফৰিণ মেহজাবিনো উপস্থিত আছিল।ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনৰ মতে কংগ্ৰেছ আৰু মাদানিয়ে গোপনে মিতিৰালি কৰি চলাই থকা ভোট বেংক তুষ্টিকৰণৰ ৰাজনীতিত সমন্বয়ক আৰু সংৰক্ষকৰ ভূমিকাত অবতীর্ণ হৈছে জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ। বর্তমান সময়ত অসম জাতীয় পৰিষদৰ সভাপতিজন কংগ্ৰেছ দলৰ প্ৰধান প্রবক্তাত পৰিণত হোৱাৰ লগতে কংগ্ৰেছৰ সাম্প্রদায়িক মেৰুকৰণৰ ৰাজনীতিৰ অন্যতম কেডাৰলৈ ৰূপান্তৰিত হৈছে। নিজকে আঞ্চলিকতাবাদী বুলি দাবী কৰা নেতা লুৰীণজ্যোতি গগৈ বর্তমান দিল্লীৰ ১০ নং জনপথৰ “ব্লু-আইড বয়”হে। এগৰাকী আঞ্চলিকতাবাদী ৰাজনৈতিক নেতাৰ এনে মতাদর্শগত আৰু ৰাজনৈতিক অবক্ষয় সঁচাকৈ লজ্জাজনক ঘটনা বুলি শর্মাই বর্ণনা কৰে। মাদানিৰ অসম আগমণ কোনো আকস্মিক ঘটনা নহয়, বৰঞ্চ ই এক পৰিকল্পিত আৰু পূর্ব নির্ধাৰিত সাম্প্রদায়িক ৰাজনীতিৰ এটা অংশ বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র গৰাকীয়ে মতপোষন কৰি লগতে কয়। অসমত ভোটাৰৰ মেৰুবিভাজন ঘটাই পৰিকল্পিত ভাবে সাম্প্রদায়িক ৰাজনীতি কৰাৰ কাৰণে যোৱা ২৩ জুলাইৰ নিশা সিদ্ধান্ত গ্রহণ কৰা হৈছিল।
উল্লেখযোগ্য যে মাদানিৰ আহ্বান ক্রমে কংগ্ৰেছ নেতৃত্বাধীন মৰ্চাৰ অংশীদাৰ ৰাজনৈতিক দলৰ কেইবাজনো জ্যেষ্ঠ নেতা আৰু সাংসদ ২৩ জুলাইৰ নিশা দিল্লীৰ এক পঞ্চতাৰকা হোটেলত নৈশ আহাৰৰ বাবে মিলিত হৈছিল। এই বৈঠকত সমাজবাদী পার্টিৰ ইক্রন হাশ্বন, মহিবুল্লা নকভি, জিয়াউৰ বেহমান বার্ক আৰু এইচ. মল্লিক, কংগ্ৰেছৰ ইমৰান মাছুদ, ইমৰান প্রতাপগড়ী আৰু জাবেদ খান উপস্থিত আছিল। ঠিক একেদৰে ফাৰুক আব্দুল্লাৰ নেতৃত্বাধীন নেশ্বনেল কনফাঞ্চেৰ আগা কহুল্লা আৰু মিয়ান আলতাফ তথা উত্তৰ প্ৰদেশৰ আন এগৰাকী ৰাজনৈতিক নেতা চন্দ্রশেখৰ আজাদো এই নৈশ ভোজত উপস্থিত আছিল।
কংগ্ৰেছ দলৰ শ্রুতলিপি মতে আয়োজিত এই নৈশ ভোজতেই অসমৰ ৰাজনীতিত সাম্প্রদায়িকতাৰ বীজ নতুনকৈ ৰোপন কৰি ৰাজনৈতিক পৰিৱেশক অৰাজকতালৈ ঠেলি দিয়াৰ নিকৃষ্ট ব্লু-প্রিন্ট প্রস্তুত কৰা হৈছিল বুলি ৰাজ্যিক বিজেপি মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই গুৰুতৰ অভিযোগ উত্থাপন কৰে।ৰাজ্যিক বিজেপিৰ মুখপাত্র শর্মাই অভিযোগ কৰা মতে কংগ্ৰেছৰ পৰিকল্পনা অনুসৰি আয়োজিত ২৩ জুলাইৰ নৈশ ভোজৰ পিছতেই অসমত চলি থকা বেদখলকাৰীৰ উচ্ছেদৰ বিষয়ক ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিকৃত ৰূপত উত্থাপন কৰি ৰাজনীতিৰ মেৰুকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। দিল্লীত জমিয়ত উলেমা ই হিন্দ আৰু গুৱাহাটীত নাগৰিক সমাজে আয়োজন কৰা সভাৰ তাৰিখ সমূহৰ পৰাই অনুমান কৰিব পাৰি ২৩ জুলাইৰ নৈশ ভোজৰ ৰাজনৈতিক মহত্ব।
ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাৰ মতে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সকলো কার্যক্রম ১৫ আগষ্টৰ পিছত একাদিক ক্রমে ৰূপায়ন কৰাৰ বাবে ২৩ জুলাইৰ নৈশ ভোজতে সিদ্ধান্ত লোৱা হৈছিল। কংগ্ৰেছ দলৰ শ্রুতলিপি মতেই নৈশ ভোজত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি ২১ আগষ্টৰ দিনা সভা পাতি জমিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্রস্তাব গ্রহণ কৰি পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবী তোলে। জমিয়তৰ দিল্লী বৈঠকৰ কেইদিন মানৰ পিছতেই গুৱাহাটীত ডঃ হীৰেণ গোঁহাই, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, ড০ অপূর্ব কুমাৰ বৰুৱা আদিৰ নেতৃত্বাধীন নাগৰিক সমাজে সভা পাতি ছৈয়দা হামিদক সাম্প্রদায়িক মেৰুকৰণ আৰু অসম বিৰোধী বক্তব্য ৰখাৰ বাবে ব্যৱস্থা কৰি দিছিল। হামিদাই কেবল গুৱাহাটীতেই নহয় ২৬ আগষ্টৰ দিনা নতুন দিল্লীতো অসমত চলি থকা উচ্ছেদৰ বিৰুদ্ধে বিকৃত বক্তব্য প্রকাশ কৰি থলুৱা খিলঞ্জীয়া মানুহৰ প্রতি ঘৃণা বিয়পোৱাৰ এক নিকৃষ্ট ষড়যন্ত্রত লিপ্ত হোৱাৰ কথা আমি সকলোবে জানো বুলি শর্মাই কয়।
দিল্লীত হামিদাই অসমৰ বিৰুদ্ধে ঘুণনীয় প্রচাৰ চলোৱাৰ মাত্র সাত দিনৰ পিছতেই মাদানি বাহীনি আহি অসমত উপস্থিত হৈছে। ৰাজ্য চৰকাৰে চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীৰ উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পিছত অসম আৰু নতুন দিল্লীত একাদিক ক্রমে আয়োজিত উচ্ছেদ বিৰোধী কার্যক্রম আয়োজন কৰি অসমৰ সমাজ জীৱনক অস্থিৰ কৰিবলৈ প্রয়াস চলোৱা হৈছিল। ৰাজ্যিক বিজেপিৰ মুখপাত্র শৰ্মাৰ মতে কংগ্ৰেছ ই’ক ব্যবস্থাই আৰম্ভ কৰা এনে কুচকাৱাজ ৰাজ্যৰ জনসাধাৰণৰ ৰাজনৈতিক সচেতনতা আৰু জাগ্রত মনোভাৱৰ বাবে ইতিমধ্যে ব্যর্থ হৈছে। ঘটনাৰ ক্রম সমূহে স্পষ্ট কৰে যে, গুৱাহাটী আৰু দিল্লীত আয়োজিত কার্যক্রম সমূহ কোনো কাকতলীয় ঘটনা নহয় বৰঞ্চ পৰিকল্পিত আৰু পূর্ব নির্ধাৰিত কাৰ্যক্ৰমহে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র জনে মতপোষন কৰে।শৰ্মাৰ মতে ২৩ জুলাইৰ নৈশ ভোজৰ পৰা আৰম্ভ কৰি আজিলৈ হোৱা সকলো ঘটনা কংগ্রেছৰ শ্রুতলিপি মতে হৈ আছে।
জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ নাইবা দেওবন্দৰ আৰ্চাদ মাদানি এই সমগ্র পৰিক্ৰমাত কংগ্রেছী পাশাখেলৰ এক প্ৰকাৰৰ গুটিত পৰিণত হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র বঞ্জীৱ কুমাৰ শৰ্মাই বর্ণনা কৰে। Post navigation