Skip to content নগাঁৱৰ পুৰণিগুদামৰ পৱন কুমাৰ বৰাক “দেৱচন্স বিশেষ সাহিত্য বঁটা” প্ৰদান
নগাঁও:- “প্ৰতিবন্ধকতা মানুহৰ মনত থাকে, শৰীৰত নহয়৷ সমাজৰ যিসকল লোক বিশেষভাৱে সক্ষম সেই সকলক পুতৌ দৃষ্টিৰে নহয় শ্ৰদ্ধাৰ দৃষ্টিৰে চাব লাগে৷”- এই মন্তব্য ঐতিহাসিক দৰঙী ৰজাৰ পৰি নাতি,দেৱচন্স গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা দৰঙৰ সুযোগ্য সন্তান “দেৱচন্স বিশেষ সাহিত্য বঁটা”ৰ প্ৰৱৰ্তক স্বপ্নদ্ৰষ্টা ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ। নগাঁও জিলাৰ পুৰণিগুদামৰ হাতীগাঁৱৰ নাট্যচ’ৰাত ৰবিবাৰে বিয়লি অনুষ্ঠিত দেৱচন্স বিশেষ সাহিত্য বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সমাজ সেৱক গৰাকীয়ে আৰু কয় যে মানুহে আজিকালি সমাজ বেয়া হ’ল বুলি দোষাৰোপ কৰে কিন্তু প্ৰকৃততে সমাজ বেয়া হোৱা নাই। বেয়া হৈছে মানুহৰ মানসিকতা ৷ মানুহৰ মাজত বিশ্বাসৰ মৃত্যু হৈছে ৷ প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতি বিশ্বাস হেৰুৱাইছে ৷ আমি অনুভৱী হৃদয়েৰে সমাজখন পৰিৱৰ্তন কৰি ল’ব পাৰোঁ ।
আকাশবাণী কেন্দ্ৰ,গুৱাহাটীৰ ঘোষক তথা কণ্ঠশিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা বঁটা প্ৰদানৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি উদ্বোধন কৰে অসমৰ সংবাদ জগতৰ জনপ্রিয় ব্যক্তি ভাৰ্গৱ কুমাৰ দাসে। উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি কৰণাধাৰাৰ উপ-সভাপতি নীলিমা গোস্বামীয়ে সাৱলীল বক্তৃতাৰে উপস্থিত ৰাইজক আপ্লুত কৰে। অনুষ্ঠানতে পুৰণিগুদামৰ বিশিষ্ট শিক্ষাবিদ তথা পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি পুলিন হাজৰিকাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। সভাত লেখক পৱন কুমাৰ বৰাক ২০২৪-২৫ বৰ্ষৰ দেৱচন্স বিশেষ সাহিত্য প্ৰতিভা বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই বঁটাত আছে গামোছা,চেলেং,জাপি,শৰাই, স্মাৰক,কিতাপৰ টোপোলা আৰু নগদ এক লাখ টকাৰ চেক। বঁটা প্ৰাপক পৱন কুমাৰ বৰাই বঁটা গ্ৰহণ কৰি যথেষ্ট উৎসাহিত হোৱা বুলি মন্তব্য কৰে। লগতে তেওঁ লেখক হিচাপে এই বঁটাই অধিক দায়বদ্ধ কৰি তোলা বুলি নিজৰ বক্তব্যত উল্লেখ কৰে। তেওঁ আৰু কয় যে দেৱচন্স বিশেষ সাহিত্য প্রতিভা বঁটা,কেৱল এটি বঁটা নহয়,এয়া যেন মানৱতাৰ জয়গান। হোমেন বৰগোহাঞিদেৱৰ হৃদয়ৰ আন্দোলনৰ এটি উজ্বল ৰং হ’ল এই দেৱচন্স গ্ৰুপৰ মমতাময় বঁটা। দেৱচন্স গ্ৰুপৰ সঁচা মানৱতাৰ বাৰ্তা সকলোতে প্ৰতিধ্বনি হ’ব বুলি লেখক গৰাকীয়ে আশা ব্যক্ত কৰে। উল্লেখ্য যে,২০১৫ চনৰ পৰা প্ৰতিবছৰে (পিচলৈ প্ৰতি দুবছৰ অন্তৰে-অন্তৰে) অসমৰ বিশেষভাৱে সক্ষম সাহিত্যিকসকললৈ ব্যক্তিগতভাৱে এক লাখ টকা মূল্যৰ বিশেষ সাহিত্য প্রতিভা বঁটা আগবঢ়াই আহিছে। এইবছৰ এই বঁটা প্ৰদান কৰা হৈছে নগাঁও জিলাৰ পুৰণিগুদাম হাতীগাঁৱৰ জনপ্ৰিয় যুৱপ্ৰজন্মৰ লেখক পৱন কুমাৰ বৰাক। বাতৰি কাকতৰ নিয়মীয়া লিখক পৱন কুমাৰ বৰাই তেওঁৰ ৰংমনৰ জীৱন (প্ৰকাশক- -অসম শিশু সাহিত্য ন্যাস-২০১২), প্ৰত্যাহ্বান গল্প সংকলন (প্ৰকাশক-সেউজ প্ৰকাশন-২০২৩, সৰুপেটা) গ্ৰন্থৰ বাবে নিৰ্বাচিত হৈছে। এই গাম্ভীর্য্যপূর্ণ অনুষ্ঠানটিত দৰঙৰ লোকসংস্কৃতিৰ সাধক গৱেষক তৰুণ আজাদ ডেকা মুখ্য অতিথিৰূপে উপস্থিত থাকি মননশীল ভাষণ আগবঢ়ায়। অনুষ্ঠানত অসমৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী ৰূপম তালুকদাৰ উপস্থিত থাকি জনপ্ৰিয় দুটি গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰে ।
নগাঁও