...

শিল্পী সমাজ,অসমৰ উদ্যোগত ৮,৯ আৰু ১০ ছেপ্টেম্বৰত বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ওপজা দিনৰ আয়োজন

Spread the love

শিল্পী সমাজ,অসমৰ উদ্যোগত ৮,৯ আৰু ১০ ছেপ্টেম্বৰত বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ওপজা দিনৰ আয়োজন

নগাঁও :-
অসমৰ সমাজ জীৱনৰ সকলো স্তৰৰ সমল ব্যক্তি,শিল্পী,সাহিত্যিক, বুদ্ধিজীৱী আৰু শৈল্পীক আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল এচাম গুণমুগ্ধ শুভানুধ্যায়ীৰ সমন্বয়ত যোৱা ২০১৪ চনত গঠন হৈছিল শিল্পী সমাজ,অসমৰ । এই বৰ্ষত শিল্পী সমাজ,অসমৰ দ্বাদশ সংখ্যাক প্ৰতিষ্ঠা দিৱস।
সামাজিক,সাংস্কৃতিক,শৈক্ষিক কাৰ্যসূচী ৰূপায়ণ কৰি অহা শিল্পী সমাজ,অসমে বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ওপজা দিনটো তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰিছে । অহা ৮,৯ আৰু ১০ ছেপ্টেম্বৰত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালি আৰু জিলা পুথিভঁৰালত উক্ত অনুষ্ঠান আয়োজন কৰা হৈছে । কাৰ্যসূচী অনুসৰি ৮ ছেপ্টেম্বৰত পুৱা ৮ঃ৩০ বজাত বোলছবি অভিনেতা, পৰিচালক আৰু শিল্পী সমাজ,অসমৰ সভাপতি ব্ৰজেন বৰাই পতাকা উত্তোলনেৰে অনুষ্ঠানৰ আৰম্ভণি কৰাৰ পাছতে ৯ বজাত শিল্পী সমাজ, অসমৰ উপ-সভাপতি পৰাণ মহন্তই শ্বহীদ তৰ্পণ আৰু ১২ঃ৩০ বজাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰিব নগাঁও নেহেৰুবালিত শিল্পী,সাহিত্যিক,বুদ্ধিজীৱী,শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবা হাজাৰ লোকৰ উপস্থিতিত পৰিৱেশন কৰিব লগা সুধাকন্ঠৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” । বিয়লি ১ বজাত অনাতাঁৰ শিল্পী মীনা শইকীয়াই উদ্বোধন কৰিব নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিতব্য সদৌ অসম ভিত্তিত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা । দুটা শাখাত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ নগদ পোন্ধৰ হাজাৰ,দ্বিতীয় পুৰস্কাৰ দহ হাজাৰ আৰু তৃতীয় পুৰস্কাৰ সাত হাজাৰ পাঁচশ টকা নগদ ধনৰে পুৰস্কৃত কৰা হʼব। ৯ ছেপ্টেম্বৰত পুৱা ৯ বজাত শিল্পী সমাজ,অসমৰ কাৰ্যকৰী সভাপতি ভদ্ৰকান্ত মুক্তিয়াৰে নগাঁও জিলা পুথিভঁৰালত সুধাকন্ঠৰ প্ৰতিকৃতিত মাৰ্ল্যাপনেৰে কাৰ্যসূচী আৰম্ভ হ’ব। ১০ বজাত দুটা শাখাত অনুষ্ঠিত হ’ব চিত্ৰাংকন প্ৰতিযোগিতা । বিয়লি ৫ বজাত শিল্পী সমাজ, অসমৰ সভাপতি ব্ৰজেন বৰাই সভাপতিত্বত অনুষ্ঠিত সভাখনিত বিশিষ্ট বোলছবি খলনায়ক তথা শিল্পী সমাজ,অসমৰ মুখ্য উপদেষ্টা দীনেশ দাস বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব। উক্ত সভাতে স্মৃতিগ্ৰন্থ “ৰঙ্গশালা” উন্মোচন কৰিব নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নিশা ৮ বজাত নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব জিলাখনৰ আমন্ত্ৰিত শিল্পীসকলে । উক্ত অনুষ্ঠানতে বিশিষ্ট কথাছবি অভিনেতা আৰু পৰিচালক ব্ৰজেন বৰাক প্ৰদান কৰিব ২০২৫ বৰ্ষৰ “শিল্পীৰত্ন বঁটা” । ১০ ছেপ্টেম্বৰত সন্ধিয়া ৮ বজাত নগাঁও জিলা পুথিভঁৰালত বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ নাটক “ভুল নুবুজিবা ভূপেন দা” নাটকখন মঞ্চস্থ কৰিব। নগাঁৱৰ বিশিষ্ট নাট পৰিচালক গগন চৌধুৰী পৰিচালনা কৰা নাট খনি উদ্বোধন কৰিব শিল্পী সমাজ, অসমৰ উপদেষ্টা পুণ্যদা বৰাই। ৰবিবাৰে নগাঁও উত্তৰ হয়বৰগাঁৱৰ মহিলা সমিতিৰ প্ৰেক্ষাগৃহত এখন সংবাদ মেলাৰ আয়োজন কৰি বিস্তৃত কাৰ্যসূচী সম্পৰ্কে জানিবলৈ দিয়ে শিল্পী সমাজ,অসমৰ সাধাৰণ সম্পাদক যোগানন্দ দেৱ ভট্টাচাৰ্যই। সুধাকন্ঠৰ শতবৰ্ষ ওপজা দিনৰ তিনিদিনীয়াকৈ আয়োজিত প্ৰতিটো কাৰ্যসূচীত নগঞা ৰাইজৰ সহায় সহযোগৰ লগতে উপস্থিতিৰ একান্ত কামনা কৰিছে ।
নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *