Skip to content নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য আৰু খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন
নগাঁও,29 আগষ্টঃ— অসমৰ বাণিজ্য শিক্ষাৰ এক অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শুক্ৰবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটি উদযাপন কৰা হয়। হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিনটো গোটেই ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপনৰ লগতে সংগতি ৰাখি নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাংগণত পুৱাৰ ভাগত মহাবিদ্যালয়ৰ মিনি অʼডিটৰিয়ামত সুস্থ আৰু নিৰোগী হৈ জীয়াই থকাৰ কৌশলৰ ওপৰত এটি বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ভাৰতীয় যোগ ফেডাৰেচনৰ উপ-সভাপতি তথা অসম যোগ সংস্থাৰ সম্পাদক,যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰা। যোগ গুৰু গৰাকীয়ে তেখেতৰ নিজৰ জীৱনৰ বহুকেইটা গুৰুত্বপূৰ্ণ উদাহৰণেৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক সাৱলীল ভাষণ প্ৰদান কৰে। শাৰীৰিক সক্ষমতা থাকিলেহে যে শিক্ষা, খেলা-ধূলা আদি সকলো দিশতে আগবাঢ়ি যাব পাৰি সেইকথা তেখেতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ব্যাখ্যা কৰে। শ্বাস-প্ৰশ্বাস লোৱাৰ পদ্ধতি আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বৰাই সকলোকে সজাগ হ’বলৈ আহ্বান জনায়। মহাবিদ্যালয়খনৰ ক্ৰীড়াৰ তত্বাৱধায়ক ড° কল্পেন্দ্ৰ দাস দেৱ আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ,গ্ৰন্থাগাৰিককে প্ৰমুখ্য কৰি সকলো অধ্যাপক-অধ্যাপিকাই অংশগ্ৰহণ কৰে। প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আয়োজন কৰা উক্ত অনুষ্ঠানৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেৰম,দবা,ৰছীটনা,টেকেলীভঙা আদি আমোদজনক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়। সকলোৰে সহায়- সহযোগিতাৰ মাজেৰে উদযাপন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সফল সামৰণিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়াই সকলোকে ধন্যবাদ জনায়। জিলাখনৰে অগ্ৰণী
শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়তো হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিন ৰাষ্ট্ৰীয় ক্ৰীড়া দিবস ৰূপে পালন কৰা হয় । সেই উপলক্ষে আয়োজিত বৰ্ণাঢ়্য কাৰ্যসূচী আৰু পৰম্পৰাগত খেল-ধেমালিৰে মুখৰিত হৈ পৰে মহাবিদ্যালয় প্ৰাংগণ । পুৱাৰ ভাগত অনুষ্ঠানৰ উদ্বোধন কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সাংবাদিক -লেখক দেৱজিৎ হাজৰিকাই । মহাবিদ্যালয়ৰ অধ্যাপিকা অজন্তা বৰা,অধ্যাপক মইনুল হক খণ্ডকাৰ, অধ্যাপক তথা মুখ্য-সম্বন্বয়ক ৰাইহান আহমেদে ক্ৰীড়া কাৰ্যসূচী সমূহ পৰিচালনা কৰে। উল্লেখ্য যে, পৰম্পৰাগত ক্ৰীড়া সমূহৰ ভিতৰত কুকুৰা যুঁজত ইফাজুল হকে প্ৰথম স্থান,নজৰুল আলীয়ে দ্বিতীয় আৰু মহিবুৰ ৰহমানে তৃতীয় স্থান লাভ কৰে । ‘পুখুৰী-পাৰ’ খেলত মমি বেগমে প্ৰথম,ৰেখাশ্ৰী দাসে দ্বিতীয়,নজৰুল আলীয়ে তৃতীয় স্থান লাভ কৰে । মিউজিকেল চেয়াৰত ৰেখাশ্ৰী দাসে প্ৰথম, নিছিৰ হুছেইনে দ্বিতীয়, ৰুকচানা বেগেমে তৃতীয় স্থান লাভ কৰে । ক্ৰীড়া সমাৰোহত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উৎসৱমুখৰ পৰিবেশ গঢ় লৈ উঠে ।
নগাঁও