...

উলেমা-ই-হিন্দৰ মুৰব্বী মাদানীক গ্ৰেপ্তাৰৰ দাবী

Spread the love

 

 

উলেমা-ই-হিন্দৰ মুৰব্বী মাদানীক গ্ৰেপ্তাৰৰ দাবী

 

 

ডিব্ৰুগড়ত জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰতিবাদ
আজি পুত্তলিকাহে দাহ কৰিছোঁ তেতিয়া জীৱন্তে দাহ কৰিম

 

 

চাইন অন ডেস্ক:

উলেমা-ই-হিন্দৰ মুৰব্বী আজাদ মাদানীৰ বক্তব্যৰ বিৰুদ্ধে দেওবাৰে ডিব্ৰুগড়ত জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড় মহানগৰৰ চৌকিডিঙ্গী চাৰিআলিত ঐক্য মঞ্চৰ শতাধিক নেতা-কৰ্মীয়ে আজাদ মাদানিৰ পুত্তলিকা দাহ কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

ডিব্ৰুগড়ৰ জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চৰ সভাপতি ৰাণাৰঞ্জন গগৈৰ নেতৃত্বত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অসম আৰু অসমীয়া জাতিক ভেঙুচালি কৰি অপমান কৰিবলৈ কুন্ঠাবোধ নকৰা আজাদ মাদানীক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে অসমীয়া জাতিৰ ওচৰত আঠু কাঢ়ি ক্ষমা খুজিবলৈ দাবী জনাইছে।

ঐক্য মঞ্চৰ নেতাজনে লগতে কয়, অসমৰ বায়ুপানীৰ সৈতে সম্পৰ্ক নথকা মাদানী নামৰ ব্যক্তিজনে দিল্লীত বহি আমাৰ মৰমৰ মুখ্যমন্ত্ৰীজনক তুচ্ছ-তাচ্ছিল্য কৰিব, সেয়া আমি মানি লোৱা নহ’ব। আৰু জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চই এইক্ষেত্ৰত হাত-সাৱটি বহি নাথাকে। সোণৰ অসমক ভাগ ভাগ চক্ৰান্ত ৰচিছে মাদানীয়ে। এইয়া আমি হ’বলৈ দিয়া নহ’ব।

মাদানিক আমি যদিহে উজনি অসমত পাওঁ, তেনেহ’লে আজি পুত্তলিকাহে দাহ কৰিছোঁ তেতিয়া জীৱন্তে দাহ কৰিম। অসম উত্তপ্ত কৰিব পৰা মন্তব্য আমি কোনো কাৰণতে মানি লোৱা নহ’ব। পূৰ্ববংগীয় মূছলমানৰ লোকসকলে উজনি অসমত চৰকাৰী মাটি দখল কৰি থকাসকলক মুখ্যমন্ত্ৰীয়ে চলোৱা উচ্ছেদ অভিযানৰ কাৰ্যসূচীক আমি আদৰণি জনাইছোঁ।

অসমত কি হৈছে, কি নাই হোৱা সেইবোৰ কথা বাহিৰৰ মানুহে মন্তব্য কৰাৰ অধিকাৰ নাই। এইবোৰ আমাৰ ঘৰুৱা কথা। আমাৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে, বৰ্খাস্ত কৰিব লাগে বুলি কোৱাৰ অধিকাৰ মাদানীৰ নাই। ইফালে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মনোজ কছাৰীয়ে আজাদ মাদানীৰ বক্তব্যক ঘোৰ বিৰোধিতা কৰি অতি শীঘ্ৰে মাদানীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।

শান্তিৰ অসমখনক অশান্তিৰ বীজ বিয়পাব খোজা মাদানীক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *