Skip to content মিছামাৰীত দুই কণমানি দ খাৱৈত পৰি মৃত্যু
কলমৌ শাক ছিঙিবলৈ পানীত নামোতেই অঘটন
মিছামাৰী:
শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰবিল গাঁৱত কালি আবেলি সংঘটিত মৰ্মান্তিক আৰু হৃদয় বিদাৰক এটা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।গাঁওখনৰ বাসিন্দা বেনাদিক টেটে আৰু নাজু কেৰ্কেটাৰ দুই কন্যা সন্তান তথা স্থানীয় মিছামাৰীৰ চেণ্ট মাইকেল স্কুলৰ ছাত্ৰী ৰেজেনা টেটে (৯) আৰু আলফঞ্চা কেৰ্কেটা (১০) এটা দ খাৱৈৰ পানীত পৰি একেলগে সলিল সমাধি ঘটে৷
জানিব পৰা অনুসৰি কালিও ছাত্ৰীদ্বয় বিদ্যালয়লৈ গৈছিল আৰু বিদ্যালয় ছুটিৰ পাছত ঘৰত গৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি সমনীয়াৰ সৈতে ওচৰতে থকা এটা দ খাৱৈৰ পাৰত ফুৰিবলৈ যায়। খাৱৈটোৰ পাৰত ঘুৰি ফুৰোঁতে আটাইৰে চকু পানীত লহপহকৈ লাগি থকা কলমৌ শাকৰ ওপৰত দৃষ্টিগোচৰ হয় আৰু শাক ছিঙিবলৈ বুলি লগৰবোৰৰ সৈতে ৰেজেনা আৰু আলফঞ্চা দুয়ো পানীত নামিছিল কিন্তু কেনেবাকৈ পিছল খাই দুয়ো পানীৰ গভীৰতালৈ সোমাই পৰে ৷
প্ৰত্যক্ষদৰ্শী সকলে জানিবলৈ দিয়ামতে উক্ত দুই কন্যা শিশুৰ লগত কেইবাগৰাকীও পানীত নামিছিল যদিও পাৰত থকা লগৰ বোৰে কিছুমানক হাতত ধৰি পাৰলৈ তুলি আনিবলৈ সক্ষম হয়। ইফালে দুৰ্ভগীয়া ৰেজেনা আৰু আলফঞ্চা খাৱৈটোৰ গভীৰ পানীলৈ সোমাই পৰাত সিহঁতক পাৰত তুলি আনিবলৈ সক্ষম নহ’ল ৷ ঘটনাৰ পাছত সকলোৱে চিঞৰ বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীলৈ দৌৰি যায় আৰু দুয়োকে পানীৰ পৰা তুলি পাৰলৈ উঠাই আনে যদিও তেতিয়ালৈকে সিহঁত দুয়োৰে শ্বাসপ্ৰশ্বাস বন্ধ হৈ পৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে।
পাছত দুৰ্ভগীয়া ৰেজেনা আৰু আলফঞ্চাক সুস্থ কৰি তুলিবলৈ ততাতৈয়াকৈ তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসালয় খনৰ চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে।
Like this:
Like Loading...