Skip to content উজনি অসমৰ ৰোগীলৈ সুখবৰ
হেমট’লজী আৰু ব’নমেৰ’ ট্রান্সপ্লান্ট এতিয়া ডিব্ৰুগড়ত
আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিতালত উপলব্ধ হ’ব এই সেৱা
চাইন অন ডেস্ক:
উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিতালে। গুৰুগ্রামস্থিত ফার্টিজ মেম’বিয়েল ৰিছার্চ ইনষ্টিটিউশ্যনৰ সহযোগত ডিব্ৰুগড়ৰ আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিতালত এতিয়াৰ পৰা উপলব্ধ হ’ব হেমট’লজী এণ্ড ব’নমেৰ’ ট্রান্সপ্লান্টৰ সুবিধা। আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেলত কালি এই কথা ঘোষণা কৰে হস্পিতালখনৰ অধীক্ষক কমল বৰাই।
তেওঁ কয় যে এতিয়াৰে পৰা এই চিকিৎসালয়ে ৰক্তৰ বিভিন্ন ৰোগ, হেমট’লজী আৰু বোনমেৰ’ৰ ট্রান্সপ্লান্টৰ ক্ষেত্ৰত উন্নত চিকিৎসা সুবিধা প্রদান কৰিব। ইয়াৰ ফলত এই সমগ্ৰ অঞ্চলৰ ৰোগী বহিঃৰাজ্যলৈ নোযোৱাকৈ উন্নত চিকিৎসাসেৱা ইয়াতেই লাভ কৰিব।
সংবাদমেলত উপস্থিত থাকি ফ’র্টিজ মেম ‘ৰিয়েল ৰিছাৰ্চ ইনষ্টিটিউশ্যনৰ এছ’চিয়েট কঞ্চালটেন্ট ডাঃ অনিন্দিতা পালে কয়-‘মই অসম চিকিৎসা মহাবিদ্যালয়ৰে ছাত্ৰী আছিলোঁ। সেই বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক লৈ কিবা এটা কৰাৰ সপোন সদায়ে মনত আছিল। ডিব্ৰুগড়ৰ আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ যোগেদি সেই সপোন পূৰণ কৰাৰ সুযোগ পালোঁ। যদিও মই গুৰুগ্ৰামৰ ফ’ৰ্টিজ মেম’ৰিয়েল ৰিছাৰ্চ ইনষ্টিটিউশ্যনৰ এগৰাকী এছ’চিয়েট কঞ্চালটেন্ট হিচাপে আছোঁ, তথাপি অসমৰ ৰোগীৰ বাবে ইয়াতে কিবা এটা কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা।’
লগতে ডাঃ পালে আৰু কয় যে ৰক্তহীনতাৰ সমস্যাৰ সন্মুখীন হ’লে হেমট ‘লজীক সাক্ষাৎ কৰি সঠিক সময়ত চিকিৎসা ব্যৱস্থা গ্রহণ কৰিব লাগে। বেকপেইনৰ লগতে শৰীৰৰ অন্যান্য অংশত হোৱা বিষৰ ক্ষেত্ৰতো আমি সজাগ হোৱা উচিত। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এনে সমস্যা উদ্ভৱ হৈ থাকে। এতিয়া চিকিৎসা বিজ্ঞানে যথেষ্ট উন্নতি কৰিছে। আমি সাধাৰণতে ভবা ককৰ্টৰ দৰে ৰোগো বৰ্তমান সময়ত উপযুক্ত চিকিৎসাৰ দ্বাৰা ৭০-৮০ শতাংশ ৰোগীয়ে আৰোগ্য লাভ কৰে।
এই ক্ষেত্ৰত সকলোকে সজাগ হ’বলৈ ডাঃ অনিন্দিতা পালে আহ্বান জনায়। তেওঁ চিকিৎসা ব্যয় আৰু ৰোগৰ লক্ষণসমূহৰ বিষয়ে বহুখিনি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। অতিকৈ ভাল খবৰ যে এতিয়াৰে পৰা ডিব্ৰুগড়ৰ আদিত্য ছুপাৰ স্পেছিয়েলিটি হস্পিতালতে ইয়াৰ চিকিৎসা কৰিব পাৰিব। সংবাদমেলত ফ’র্টিজ মেম’ৰিয়েল ৰিছাৰ্চ ইনষ্টিটিউশ্যনৰ ছেল্ এণ্ড মার্কেটিঙৰ এছিছষ্টেণ্ট মেনেজাৰ দেৱ ৰঞ্জন কুৰীয়েও অংশগ্রহণ কৰে।
Like this:
Like Loading...