Skip to content লাহৰীঘাটত চোৰাং চৰাই চিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
বহু সংখ্যক দুষ্প্ৰাপ্য চৰাই উদ্ধাৰ
পলায়ন দুই চোৰাং চিকাৰী
মৰিগাঁও:
মৰিগাঁও জিলাৰ লাহৰীঘাটত চোৰাং চৰাই চিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ।যোৱা নিশা লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে লাহৰীঘাটৰ পলাশজুৰিত অভিযান চলাই বহু সংখ্যক দুষ্প্ৰাপ্য চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।আৰক্ষীয়ে দুষ্প্ৰাপ্য চৰাই উদ্ধাৰ কৰাৰ সময়তেই দুই চোৰাং চৰাই চিকাৰী পলায়ন কৰিবলৈ সক্ষম হয় ।
পলায়ন কৰা চোৰাং চৰাই চিকাৰী হবিবুৰ ৰহমান আৰু বাহাৰুল ইছলামে দীৰ্ঘদিন ধৰি দুষ্প্ৰাপ্য চৰাই চিকাৰ কৰি আহিছে।বিভিন্ন চৰাইৰ মাত ৰেকৰ্ডিং কৰি দুষ্প্ৰাপ্য চৰাই ধৰি আহিছে। পিছত এই দুষ্প্ৰাপ্য চৰাই সমূহ একাংশ মাংস লোভী লোকৰ হাতত ১৫০-২০০ টকাত বিক্ৰী কৰি দিয়ে।
কিছুদিন পূৰ্বে আৰক্ষীয়ে অভিযান চলাই কেবাটাও চোৰাং চৰাই চিকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে বহু সংখ্যক দুষ্প্ৰাপ্য চৰাই উদ্ধাৰ কৰিছিল।