ডিব্ৰুগড় বিশ্ববিদ্যালয়ত Assimilation Week 2025 ৰ সামৰণী অনুষ্ঠান
“এন্টি-ৰেগিং সপ্তাহ” পালন
চাইন অন ডেস্ক:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সপ্তাহজোৰা এচিমিলেশ্যন উইক ২০২৫ (Assimilation Week 2025) ৰ সামৰণী অনুষ্ঠান বুধবাৰে ৰংঘৰ প্ৰেক্ষাগৃহত সম্পন্ন হয়।বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰতিবছৰে ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ “এন্টি-ৰেগিং সপ্তাহ” পালনৰ বাবে নিৰ্দেশনা অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নতুন শিক্ষাৰ্থীসকলৰ বাবে নিৰাপদ, অন্তর্ভুক্তিমূলক আৰু ৰেগিংমুক্ত এক শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে অনুষ্ঠানটো অনুষ্ঠিত হয়।

সামৰণি অনুষ্ঠান বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হয়। আদৰণী ভাষণ প্ৰদান কৰে ছাত্ৰ পৰিক্ৰমা বিভাগৰ গুৰু প্ৰাধ্যাপক সুৰজিত বৰকটকীয়ে। তেওঁ আদৰণি জনাই শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশ,

পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে বিশ্ববিদ্যালয়ৰ সাম্প্ৰতিক উন্নয়ন আৰু শিক্ষাৰ্থী-সুহৃদ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰি কয় যে সমসাময়িক বিশ্বত টিকি থাকিবলৈ সমালোচনামূলক চিন্তা আৰু নৈতিক কাৰ্যক্ষমতা গঢ়ি তোলাত শিক্ষাৰ এক বিশেষ ভূমিকা আছে।কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ড° কৌশিক দাসে বিশ্ববিদ্যালয়ৰ বিভিন্ন কাৰ্যকলাপ সামৰি এক সংক্ষিপ্ত প্ৰেজেন্টেশ্যন প্ৰদান কৰে, য’ত বিভিন্ন পৰিকল্পনা প্ৰতিফলিত কৰা হয়। ‘অভিভাৱকসকলৰ সৈতে মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় যত বিশ্ববিদ্যালয় আৰু অভিভাৱকসকলৰ মাজত বিভিন্ন বিষয় মুকলিকৈ আলোচনা হয়। “Assimilation Week ”ত বিভিন্ন প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহৰ মুখ্য অধীক্ষক ড° দিগন্ত ভূঞাই সকলোৰে প্ৰতি ধন্যবাদ আৰু শলাগ জ্ঞাপন কৰা অনুষ্ঠানটো ৰাষ্ট্ৰীয় সংগীতেৰে সামৰা হয়।
