...

ডিব্ৰুগড় চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৮৬’ৰ সতীৰ্থ সন্মিলনঃ চাৰিদশকৰ পাছত গুৰু-শিষ্যৰ মিলন

Spread the love

ডিব্ৰুগড় চৰকাৰী লৰাৰ বিদ্যালয়ৰ ‘৮৬ চনৰ প্ৰাক্তন শিক্ষাৰ্থীৰ পুনৰ মিলন সমাৰোহ “সতীৰ্থ”

সুৰ্দীঘ ৪০ বছৰৰ পিছত গুৰু – শিষ্য একত্ৰিত হল এখন মঞ্চত

ডিব্ৰুগড়ত মনোজ্ঞ “সৰ্তীথ” সন্মিলন

আপোন বন্ধুক লগ পাই আবেগিক হৈ পৰিল প্ৰাক্তন শিক্ষাৰ্থীসকল

চাইন অন ডেস্ক:
সুৰ্দীঘ ৪০ বছৰৰ পিছত ডিব্ৰুগড়ত একত্ৰিত হল গুৰু – শিষ্য, একেখন মঞ্চত।নিজ বন্ধুক সুদীৰ্ঘকালৰ বিৰতিত লগ পাই আবেগিক হৈ পৰিল প্ৰাক্তন শিক্ষাৰ্থীসকল।ডিব্ৰুগড় চৰকাৰী লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ‘৮৬ চনৰ প্ৰাক্তন শিক্ষাৰ্থীৰ পুনৰ মিলন সমাৰোহখনি “সতীৰ্থ” নামেৰে যোৱা ১৭ আগষ্টত ডিব্ৰুগড়স্থিত বৈৰাগীমঠৰ প্ৰীমলেণ্ড ৰেষ্টুৰেণ্টত সুকলমে অনুষ্ঠিত হৈ যায়।শিক্ষাগুৰু কিৰণ চন্দ্ৰ মেছ আৰু লুচি শইকীয়াৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ যথেষ্ট বৃদ্ধি কৰা পৰিলক্ষিত হয়।

প্ৰাক্তন শিক্ষাৰ্থী বিভাস দুৱৰাই আঁত ধৰা অনুষ্ঠানত শিক্ষাগুৰু দুগৰাকীক ডাঃ প্ৰশান্ত বৰা,অনুপজ্যোতি ভৰালী,অনিৰুদ্ধ দত্ত, চন্দ্ৰশেখৰ বুঢ়াগোহাঁই,ডাঃ অৱনী মিলি,ৰাজীৱ গগৈ আৰু বিশ্বজিত কোঁৱৰে
একোখনকৈ গামোচা,শৰাই আৰু এটি উপহাৰ টোপোলা আগবঢ়াই সন্মান প্ৰদান কৰে।ইয়াৰ পাছতে বিগত সময়ত চিৰ বিদায় লোৱা শিক্ষাগুৰু তথা ছাত্ৰ সকলৰ স্মৃতিত এক মিনিট মৌন পাৰ্থনাৰে বন্তি প্ৰজ্বলন কৰা হয়।প্ৰাক্তন ছাত্ৰ সকলে শিক্ষাগুৰুৰ পৰা সমুহীয়া আৰ্শীবাদ গ্ৰহণ কৰাৰ পাছতেই গুৰুজনাৰ বৰগীত পৰিৱেশন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা যোৰহাট টিয়কৰ নিবাসী সাধক সত্যজিত বৰা তথা সহযোগী সকলে।

আনহাতেদি অনুষ্ঠানৰ মাজে মাজে প্ৰাক্তন শিক্ষাৰ্থী সকলৰ চিনাকি পৰ্ব্বৰ লগতে,বিভিন্ন জনৰ পৰিয়ালবৰ্গৰ সতেও চিনাকি কৰাই দিয়া হয়।প্ৰাক্তন ছাত্ৰৰ বিৰল সাফল্যত দুয়োগৰাকী শিক্ষাগুৰু অভিভূত হৈ ক্ষণিক আৱেগিক হৈ পৰাও দেখা যায়।শিক্ষক কিৰণ চন্দ্ৰ মেছে কয় যে একালৰ সৰু ছাত্ৰ সকল,এতিয়া এক দায়বদ্ধ পুৰুষ।এই ছাত্ৰ সকলৰ অতীতৰ প্ৰতি শ্ৰদ্ধা আছে আৰু ভবিষ্যতৰ প্ৰতিও আস্থা আছে।তাকে দেখি মই বহুত আনন্দিত হৈছো আৰু এ

ই ছাত্ৰ সকলে বৰ্তমানে নিজকে সামাজিকভাবে সবলভাবে প্ৰতিস্থা কৰিবলৈকো সক্ষম হোৱাত অতিশয় সুখী হোৱা বুলি প্ৰাক্তন শিক্ষক মেছে উল্লেখ কৰে।আনহাতেদি শিক্ষয়িত্ৰী লু

চি শইকীয়াই কয় যে আজিৰ এই অনুষ্ঠানে মোক কিছু আৱেগিক কৰি পেলাইছে।আজি মোৰ

এনে অনুভৱ হৈছে যেন মই পুত্ৰ সকলৰ লগতহে আছো।ছাত্ৰ সকলৰ কৰ্মপন্থাত অভিভূত হোৱা বুলি মন্তব্য কৰি সকলোৰে আৰু পৰিয়ালৰ সতি-সন্তানৰ উজ্জ্বল ভবিষ্যত কামনা কৰে।

ছাত্ৰ সকলৰ চিনাকি পৰ্ব্বৰ মাজতেই প্ৰাক্তন ছাত্ৰ নিলীম সন্দিকৈৰ পত্নী তথা নৃত্য পটীয়সী ৰুবী গগৈ সন্দিকৈৰ পৰিচালনাত কন-কন কিশোৰীৰ দ্বাৰা দুটি সুমধুৰ নৃত্য পৰিৱেশনে দৰ্শকক মোহিত কৰে।কন কন শিশু নৃত্য শিল্পীক অনুষ্ঠানতে আয়োজক সলকে একোটাকৈ উপহাৰ প্ৰদান কৰি উৎসাহিত কৰে।আনহাতেদি উক্ত অনুষ্ঠানতে কনমানি দেবাংগীনি কোঁৱৰৰ নৃত্যই সকলোকে আপ্লুত কৰা পৰিলক্ষিত হয়।ডিব্ৰুগড়ৰ ৰাজগড়ৰ বিশিষ্ট বাঁহী বাদক বিতুল দুৱৰীৰ বাঁহী বাদনৰে সাংস্কৃতিক সন্ধিয়াটোৰ পৰিৱেশ জীপাল কৰি তোলে।

এগৰাকী প্ৰাক্তন ছাত্ৰ ৰঞ্জিত চুতীয়াৰ পৰিবাৰ,দুবৰী চুতীয়াৰ ভালেকেইটা আধুনিক গীত পৰিৱেশনৰ সমান্তৰালকৈ উত্তম সোণোৱাল আৰু সঞ্জীৱ কাকতীৰ গীতে অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে।অনুষ্ঠানত ৫৪ গৰাকী প্ৰাক্তন ছাত্ৰই অংশ গ্ৰহণ কৰাৰ লগতে একাংশৰ পৰিয়ালেও

অনুষ্ঠানত বিশেষভাবে উপস্থিত থাকে।আনহাতেদি সতীৰ্থৰ শীৰ্ষ গীত এটিও উক্ত অনুষ্ঠানতে মুকলি কৰা হয়।বিদ্যালয় খনৰে প্ৰাক্তন ছাত্ৰ তথা যোৰহাট নিবাসী বিশিষ্ট সুৰকাৰ মৃদুল ভূঞাই সুৰ কৰা গীতৰ ৰচক অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী, সাহিত্যিক স্বৰ্গীয় নুৰুল হক।দুয়োজনকে অনুষ্ঠা

নত সতীৰ্থৰ ফালৰ পৰা শ্ৰদ্ধা জনোৱা হয়।

“সতীৰ্থ”ৰ এই প্ৰথম পদক্ষেপত সঞ্জীৱ কাকতি,ৰিজু গোস্বামী,বিভাস দুৱৰা,উৎপল বৰুৱা (মন্টু) , নীলিম সন্দিকৈ, ৰাজ কুমাৰ খাটি, উত্তম সোণোৱাল ( ভাই), অশোক সন্দিকৈ, চমিৰুল বেগ,মিতুন বৰুৱা, দীপক অধিকাৰী আদি কৰি বহু কেইজন প্ৰাক্তন ছাত্ৰৰ নিৰলস প্ৰচেষ্টাৰ বাবেই অনুষ্ঠানটি সাফল্য মণ্ডিত হোৱাত সহায়ক হয় বুলি আয়োজকে সদৰী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *