...

ডিব্ৰুগড়ত অব্যাহত বৰলুইতৰ গৰাখহনীয়া

Spread the love

ডিব্ৰুগড়ত অব্যাহত বৰলুইতৰ গৰাখহনীয়া

শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ আশ্বাস মন্ত্ৰী প্ৰশান্ত ফুকনৰ

চাইন অন ডেস্ক:
ডিব্ৰুগড়ত অব্যাহত ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়া। দিনে-নিশাই চলাই থকা প্ৰতিৰোধ ব্যৱস্থাৰ মাজতো জিঅ’বেগ খহাই নি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰলুইতে। ইতিমধ্যে ডিব্ৰুগড় মহানগৰৰ অন্যতম সুৰক্ষা কৱত ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধ স্পৰ্শ কৰিছে বৰলুইতে। ব্ৰহ্মপুত্ৰৰ এই ভয়াৱহতা দেখি আতংকিত হৈ পৰিছে মহানগৰবাসী।

মহানগৰৰ উপকন্ঠ অঞ্চল মাইজান ঠাকুৰাবাৰীত হৈ থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে প্ৰায় ৫০-৬০ মিটাৰ ভূমি। কেৱল ইমানেই নহয় নামনি অংশতো আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া। অভিযোগ অনুসৰি মাইজানৰ উজনিৰ অংশত ৭.৪ স্পাৰটো ভঙাৰ পাছতেই নামনি অংশত ভয়াৱহ ৰূপ লৈছে খহনীয়াই।

অভিযোগ অনুসৰি সময়মতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত গুৰুত্ব নিদিয়াৰ বাবেই বৰলুইতত জাহ গ’ল মাইজান ঠাকুৰবাৰী আৰু বৰশইকীয়া গাঁৱৰ বৃহৎ অংশ। শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই নৈপৰীয়া ৰাইজক আতংকিত কৰি তোলাই নহয়, নিদ্ৰাহৰণ কৰিছে। ইতিমধ্যে টালি-টোপোলা বান্ধি নিৰাপদ দূৰত্বত আশ্ৰয় ল’বলৈ সাজু হৈছে নৈপৰীয়া।

শেহতীয়াকৈ ক্ষীপ্ৰগতিৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাম আৰম্ভ কৰিছে যদিও প্ৰতিৰোধ কৰি তুলিব পৰা নাই ব্ৰহ্মপুত্ৰৰ খহনীয়া। ইফালে মাইজানৰ খহনীয়াস্থলীৰ পৰা মুখ্যমন্ত্ৰীৰ সচিৱালয়লৈকে দূৰত্ব মাত্ৰ ২ কিলোমিটাৰ। তাৰোপৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম চিকিৎসা শিক্ষা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিমানবন্দৰো নাতি দূৰৈত অৱস্থিত।

তেনেস্থলত ডিটিপি ডাইকতো চিগিলেই মহানগৰখনলৈ ভয়ংকৰ ভাবুকি নামি অহাটো প্ৰায় নিশ্চিত। অন্যহাতে বিভাগীয় অভিযন্তাই মহানগৰবাসীক চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই বুলি আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছে যদিও বৰলুইতৰ ভয়ংকৰ খহনীয়া দেখি আতংকিত হৈ পৰিছে মহানগৰবাসী।

ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। মাইজানৰ ঠাকুৰবাৰী অঞ্চলত চলি থকা গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা পৰ্যবেক্ষণ কৰি অতি শীঘ্ৰে প্ৰতিৰোধ ব্যৱস্থা সম্ভৱ কৰি তোলাৰ আশ্বাস প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *