...

পথ সুৰক্ষাৰ বাবে ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠান

Spread the love

 

 

পথ সুৰক্ষাৰ বাবে ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠান

 

 

প্ৰতীকী হেলমেট উদ্বোধন জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত কাৰ্যালয়টোৰ প্ৰাংগণত জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ অৰ্থে সাজি উলিওৱা ‘প্ৰতীকী হেলমেট’ৰ কালি শুভ উদ্বোধন কৰে জিলা আয়ুক্ত বিক্ৰম কৈৰী সমন্বিতে জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰই। এই উপলক্ষে জ্যেষ্ঠ সাংবাদিক তথা ডিব্ৰুগড় জিলা পথ সুৰক্ষা সমিতিৰ সদস্য ৰতন হাজৰিকাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ শুভ উদ্বোধনী অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যাৰ লগতে আদৰণি ভাষণ আগবঢ়ায় জিলা পৰিবহণ বিষয়া হিৰকজ্যোতি ডেকাই। অনুষ্ঠানত জিলা পৰিবহণ বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকাৰ লগতে চহৰখনৰ বিভিন্ন যান-বাহনৰ ডীলাৰৰ প্ৰতিনিধিৰ লগতে এই প্ৰতীকটো নিৰ্মাণ কাৰ্যত সহযোগিতা কৰা বিশিষ্ট ব্যবসায়ী সঞ্জয় জৈন, কুশল হাজৰিকা, নিখিল আগৰৱাল, অৰুণ জৈন, ৰঞ্জিত সিং আদি উপস্থিত থাকে। আনহাতে, কাঁচেৰে আবৃত এই ‘প্ৰতীকী হেলমেট’টো নিৰ্মাণ কৰিছিল শিল্পী নিকু শইকীয়াই। উল্লেখ্য যে এই প্ৰতীকী হেলমটটো চলিত বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত উদযাপিত ৰাজ্যিক পৰ্যায়ৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত প্ৰতীকপট হিচাপে প্ৰদৰ্শিত হৈছিল আৰু শ্ৰেষ্ঠ হিচাপে ডিব্ৰুগড় জিলাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। অনুষ্ঠানত প্ৰতীকপটটো নিৰ্মাণ কৰা শিল্পীগৰাকীৰ লগতে নিৰ্মাণ কাৰ্যত সহযোগিতা কৰা ব্যক্তিসকলক ফুলাম গামোচাৰে আদৰণি জ্ঞাপন কৰাৰ লগতে তিনিগৰাকী ছাত্ৰীক একোটাকৈ হেলমেট প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *