...

এমবিবিএছৰ আসনৰ সংখ্যা ২৫০ লৈ বৃদ্ধি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Spread the love

এমবিবিএছৰ আসনৰ সংখ্যা ২৫০ লৈ বৃদ্ধি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, এক বৃহৎ শৈক্ষিক উন্নীতকৰণৰ বাবে সাজু হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে যে চলিত শৈক্ষিক বৰ্ষৰ তুলনাত এমবিবিএছৰ আসনৰ সংখ্যা ২০০ৰ পৰা ২৫০লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।এ এম চি এইচ কেম্পাছত ৩৫৭ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ সময়ত এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্রীয়ে সদৰী কৰে যে আসন বৃদ্ধিৰ প্রস্তাৱৰ অনুমোদনৰ অন্তিম পর্যায়ত আছে আৰু এইবাৰেই অতিৰিক্ত ৫০খন আসন বৃদ্ধি হ’ব বুলি চৰকাৰ আশাবাদী৷

Leave a Reply

Your email address will not be published. Required fields are marked *