...

১০ শতাংশ সংৰক্ষণৰ দাবী আহোম সভাৰ

Spread the love

১০ শতাংশ সংৰক্ষণৰ দাবী আহোম সভাৰ

অইল ইণ্ডিয়াত টাই আহোম জনগোষ্ঠীৰ নিযুক্তিৰ দাবীত

 

চাইন অন ডেস্ক:

অইল ইণ্ডিয়া লিমিটেডত টাই আহোম জনগোষ্ঠীৰ বাবে ১০ শতাংশ মকৰলৰ সংৰক্ষণ ব্যৱস্থাৰ বাবে দাবী জনাইছে সদৌ অসম আহোম সভা ডিব্ৰুগড় জিলা সমিতিয়ে।
অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা মূখ্য পৰিচালন সঞ্চালকলৈ আজি ডিব্ৰুগড় জিলা আযুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি আহোম জনগোষ্ঠীৰ বাবে এই দাবী উৎথাপন কৰে। ডিব্ৰুগড় জিলা আহোম সভাৰ সভাপতি ৰঞ্জিত বৰুৱা আৰু সাধাৰণ সম্পাদক দিগন্ত ফুকনে এক স্মাৰকপত্ৰৰ জৰিয়তে কয় যে, ছশ বছৰ শাসনৰ জড়িয়তে বৰ অসমৰ ভেটি স্থাপন কৰা টাই আহোম জনগোষ্ঠীটো লোকসকল স্বাধীনতা লাভ কৰা ৮২ বছৰতো সদায়ে ৰাজনৈতিক আর্থ-সামাজিক দিশত নিষ্পেষিত হৈ আহিছে।
যাৰ বাবে জনগোষ্ঠীটোৰ লোক সকলে ইয়াৰ পৰিত্ৰাণৰ বাবে অহৰহ সংগ্ৰাম কৰি আহিব লগা হৈছে। উত্তৰ-পূব ভাৰতৰ যিখিনি ঠাইত অইল ইণ্ডিয়া লিমিটেড খাৰুৱা তেল খনন আৰু উৎপাদন কার্য্য চলাই আহিছে সেই ভূ-খণ্ড সুৰক্ষা দিয়াৰ বাবে টাই আহোম জনগোষ্ঠীৰলোকে নিজৰ তেজ পয্যন্ত দিব লগা হৈছে।
সেয়ে অইল ইণ্ডিয়া লিমিটেডে এনে এটি জনগোষ্ঠী লোকৰ নিয়ায্য দাবী মানি লৈ উত্থাপিত দাবীৰ ক্ষেত্ৰত ১০০ শতাংশ কায্যকৰী কৰিবলৈ আহ্বান জনাইছে। অন্যথা অইলৰ কতৃপক্ষই ইয়াৰ কঠোৰ প্রত্যাহবান সম্মুখীন হব লাগিব বুলি সকীয়াই দিয়ে।লগতে কয় যে, টাই আহোম জনগোষ্ঠী এটা সংগ্রামী সর্তা, এই দাবী পূৰণ নহলে জনগোষ্ঠীটোৱে আহোম সভাৰ জৰিয়তে কঠোৰ পৰা কঠোৰতম সংগ্রামী কাৰ্য্যসূচী হাতত লবলৈ বাধ্য হব বুলি জানিবলৈ দিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *