Skip to content জাতীয় যুৱ শক্তি ,অসম ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সাংগঠনিক সভা সম্পন্ন
চাইন অন ডেস্ক:
জাতীয় যুৱ শক্তি,অসম ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক তথা সাংগঠনিক সভাখন ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ বৰবৰুৱাস্থিত চ্যুকাফা ভৱনত অনুষ্ঠিত হৈ যায়।
জিলা সমিতিৰ অন্তৰ্গত ৬ টা বিধান সভা সমষ্টিৰ কৰ্মকৰ্তা সকলে উক্ত সভাত অংশ গ্ৰহণ কৰে। সভাপতিত্ব কৰে জাতীয় যুৱ শক্তি ,অসম ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিশ্বজিৎ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্যবাখ্যা আগবঢ়াই বিতুপন গগৈয়ে।
উক্ত কাৰ্যনিৰ্বাহক সাংগঠনিক সভাত উপস্থিত থাকি জাতীয় যুৱ শক্তি কেন্দ্ৰীয় সম্পাদক স্বাক্ষৰ জ্যোতি বৰগোহাঁই, উপ সভাপতি দিজু গগৈ, সাংগঠনি সম্পাদক নিতেন দেউৰী, কাৰ্যনিৰ্বাহক সদস্য সুৰজিত বড়া, অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় উপ সভাপতি দিলীপ ভূঞা, কাৰ্যনিৰ্বাহক সদস্য অনন্ত গগৈ, অজাপৰ জিলা সভাপতি শুভাকৰণ কোহাঁঞ দেৱে নিজৰ ভাষণত জাতীয় যুৱ শক্তি ডিব্ৰুগড় জিলা সমিতিৰ কৰ্মকৰ্তা সকলক জাতীয় চিন্তা চেতনাৰে উদ্বুদ্ধ হৈ সাংগঠনিক স্থিতি শক্তিশালী ৰূপত গঢ়াৰ প্ৰয়াসেৰে , জনসাধাৰণৰ সেৱা মানসেৰে সেৱাত ব্ৰতী হবলৈ আহ্বান জনায়।সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে নিজৰ ভাষণত প্ৰসংগত জাতীয় যুৱ শক্তিৰ প্ৰতি গৰাকী সদস্যক জাতিটোৰ বাবে উৎসগিত হ’বলৈ আহ্বান জনাই, তেওঁ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰতি গৰাকী অসমীয়াৰ প্ৰতি সুহৃদ হৈ বৃহত্বৰ অসমীয়া জাতিটোক আগবঢ়াই নিবৰ বাবে কৰ্মী সকলক উৎসাহিত কৰি তোলে।
সভা খনত জিলা খনৰ প্ৰায় দুই শতাধিক জাতীয় যুৱ শক্তিৰ জাতীয় সেৱকে অংশ গ্ৰহণ কৰে।