মাইনাছ ৬৭.৭ ডিগ্ৰী চেলছিয়াছত জীৱন সম্ভৱ নে ?
চাইবেৰিয়াৰ অয়ম্যাকন বিশ্বৰ আটাইতকৈ ঠাণ্ডা বসতিপ্ৰধান
চাইন অন ডেস্ক:
কিমান ঠাণ্ডাত জীৱ-জন্তুৱে সাধাৰণ ভাবেই জীৱন যাপন কৰিব পাৰে ? উদ্ভিদ, কীট-পতংগ জীয়াই থকাৰ সক্ষম হব। মাইনাছ কিমান ডিগ্ৰীত আপোনাৰ বা মোৰ জীৱনক ধৰি ৰখাৰ প্ৰয়াস কৰিব পাৰিম ? কাশ্মীৰৰ আন্তৰ্জাতিক সীমান্তত ভাৰতীয় সেনাই -৪৫ ডিগ্ৰীটো অতন্দ্ৰ প্ৰহৰীৰ দৰেই দায়িত্ব পালন কৰি আহিছে।কিন্তু এইবাৰ আমি বিশ্বৰ বিষয়ে কবলৈ ওলাইছো।
ৰাছিয়াৰ চাইবেৰিয়া অঞ্চলত অৱস্থিত অয়ম্যাকন বিশ্বৰ আটাইতকৈ ঠাণ্ডা বসতিপ্ৰধান স্থান বুলি গণ্য কৰা হয়। ইয়াত শীতকালত তাপমাত্ৰা -৫০ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামি যায়। ২০২৫ চনৰ জানুৱাৰী মাহত এই স্থানত -৬৭.৭ ডিগ্ৰী চেলছিয়াছ উষ্ণতা ৰেকৰ্ড কৰা হৈছিল, যিটো এতিয়ালৈকে সৰ্বনিম্ন উষ্ণতাৰ ভিতৰত অন্যতম।
এই গাঁওখন বৰফৰ ধুমুহা, নিথৰ গছ আৰু ঠাণ্ডা উশাহৰ বাবে বিখ্যাত। ইয়াৰ মানুহে বিশেষ উলৰ কাপোৰ, কোট আৰু নোমৰ পৰা তৈয়াৰী জোতা ব্যৱহাৰ কৰে। আনকি পানীৰ পাইপবোৰো জমা হৈ পৰে, গতিকে মানুহে বৰফ গলি খোৱাপানী প্ৰস্তুত কৰে।
তাপমাত্ৰা ৫২ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামিলেহে বিদ্যালয়সমূহো বন্ধ থাকে। অয়ম্যাকনৰ এই জীৱনশৈলীয়ে সমগ্ৰ বিশ্বকে আচৰিত কৰি তোলে। ইয়াৰ পিছতো ইয়াৰ বাসিন্দাসকলে এনেধৰণৰ শীতকালক নিজৰ সংস্কৃতিৰ অংশ হিচাপে গণ্য কৰে।
এই অঞ্চলটো কেৱল পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা অঞ্চল নহয়, মানুহৰ সাহস আৰু জীৱনশৈলীৰ এক সুন্দৰ নিদৰ্শন বুলিও উল্লেখ কৰিব পাৰি।