তিনিখন পুষ্পসজ্জা বাহনেৰে জগন্নাথৰ ৰথযাত্ৰা
প্ৰথমবাৰৰ বাবে বিশাল ৰথযাত্ৰা ডিব্ৰুগড়ত
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা উপস্থিত
চাইন অন ডেস্ক:
উত্তৰ-পূৱৰ ভিতৰতে প্ৰথমবাৰৰ বাবে তিনিখন পুষ্পসজ্জা বাহনৰ জৰিয়তে ডিব্ৰুগড়ত বাহিৰ কৰিলে বিশাল ৰথযাত্ৰা। প্ৰখৰ ৰদৰ মাজতো ডিব্ৰুগড় খনিকৰস্থিত জগন্নাথ মন্দিৰত সমবেত হ’ল হাজাৰ ভক্ত।
দ্বিতীয় পুৰীলৈ ৰূপান্তৰিত হ’ল ডিব্ৰুগড় মহানগৰ। হিন্দু ধৰ্মৰ চাৰি ধামৰ অন্যতম উৰিষ্যাৰ পুৰীত অৱস্থিত শ্ৰীজগনাথ মন্দিৰক আৰ্হি হিচাপে লৈ ২০১৪ চনত এই মন্দিৰ নিৰ্মাণ কৰা ডিব্ৰুগড়-তিনিচুকীয়া বাইপাছ পথৰ খনিকৰত স্থাপিত জগন্নাথ মন্দিৰত দেখা গ’ল উখল-মাখল পৰিৱেশ। মূল জগনাথ মন্দিৰ দ্বিতীয় স্বৰূপ ডিব্ৰুগড় জগন্নাথ মন্দিৰত আয়োজন কৰা ৰথযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে বিভিন্ন প্ৰান্তৰ অজস্ৰ লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। মন্দিৰৰ বাহিৰে-ভিতৰে ভিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়।
বিগত বৰ্ষত কেৱল এখন পুষ্পসজ্জা বাহনৰ জৰিয়তে ৰথযাত্ৰা উলিওৱা হৈছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জগন্নাথ মন্দিৰে তিনিখন পুষ্পসজ্জা বাহনৰ জৰিয়তে বাহিৰ কৰা হয় ৰথযাত্ৰা। উত্তৰ-পূৱৰ ভিতৰতে প্ৰথমবাৰৰ বাবে তিনিখন পুষ্পসজ্জা বাহনৰ জৰিয়তে ৰথযাত্ৰা কৰা মন্দিৰ হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় জগন্নাথ মন্দিৰ।
শ্ৰীশ্ৰী জগন্নাথ সাংস্কৃতিক ন্যাসৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰথযাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে।
ইফালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ, ডিব্ৰুগড় মেয়ৰ ডাঃ সৈকত পাত্ৰ, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা উপস্থিত থাকে।
প্ৰথম বাৰৰ বাবে ৩ খন ৰথত বলভদ্ৰ, সুভদ্ৰা আৰু ভগৱান জগন্নাথৰ বাবে তিনিটাকৈ পৃথক পৃথক ৰথ প্ৰস্তুত এই যাত্ৰাৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু আছিল। য’ত প্ৰায় ১৫ হাজাৰ ভক্তৰ উপস্থিতিত বিশাল ৰথযাত্ৰা আয়োজন কৰা হয়।
ৰথযাত্ৰা সূচনাৰ আগতে মন্দিৰ প্ৰাংগণত পূজা অৰ্চনা, সংকীৰ্তন আৰু ধৰ্মীয় আয়োজন আদি সম্পন্ন কৰা হয়। উৎসৱ উপলক্ষে ডিব্ৰুগড় খনিকৰত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি জনসাধাৰণৰ সমাগম আৰু জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাই শান্তি, সম্বন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা কৰে।
আনহাতে মন্ত্ৰী বিমল বৰাই ৰথ যাত্ৰাৰ তাৎপৰ্য উল্লেখ কৰি এইয়া এক সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা কৰে।


