...

হ’ট এয়াৰ বেলুনত জুই লাগিল 🔥

Spread the love

হ’ট এয়াৰ বেলুনত জুই লাগিল 🔥

ঠিতাতে মৃত্যু ৮ আহত ১৩ চাঞ্চল্য

ব্ৰাজিলত হ’ট এয়াৰ বেলুনত লাগিল জুই,প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ মৃত্যু হ’ল বহু যাত্ৰীৰ ৷

 

ৰিঅ’ ডি জেনেইৰ’ :

চৰণেহে যানে মৰণৰ ঠাই ! কাৰ মৃত্যু ক’ত,কেতিয়া,কেনেকৈ হব, তাৰ উমান কোনেও নাজানে !
হঠাতে এয়া কি হৈ গ’ল ! কোনেও একো ধৰিবই নোৱাৰিলে।মৃত্যু চকুৰ আগত ৷ চকুৰ সন্মুখতে জ্বলি গ’ল হ’ট এয়াৰ বেলুন (hot-air balloon)। এইবাৰ হ’ট এয়াৰ বেলুনত লাগিল জুই ৷ কেবাজনো পৰ্যটকে মাজ আকাশৰ পৰা প্ৰকৃতিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যাওঁতেই সংঘটিত হয় এই অঘটনটো ৷
এই ঘটনাটো শনিবাৰে সংঘটিত হয় ব্ৰাজিলৰ দক্ষিণৰ ৰাজ্য চাণ্টা কেটাৰিনাত ৷ লাভ কৰা তথ্য মতে, হ’ট এয়াৰৰ এটা বেলুনত জুই লগাৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে তেৰজন লোক আহত হৈছে ৷
স্থানীয় বাতৰি সংস্থা G1-এ শ্বেয়াৰ কৰা ফুটেজত দেখা গৈছে যে হ’ট এয়াৰ বেলুনটো পুনৰ মাটিলৈ ঘূৰি অহাৰ সময়তে হঠাতে বেলুনটোত জুই লাগে ৷ মুহূৰ্ততে এই জুয়ে সমগ্ৰ বেলুনটো আগুৰি ধৰে ৷ ফলত ভয়ত বিতত হৈ পৰে বেলুনটোত যাত্ৰা কৰা যাত্ৰীসকল ৷
চাণ্টা কেটাৰিনাৰ সামৰিক অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, এই ঘটনাৰ ফলত তেৰজন লোক ৰক্ষা পৰে আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ আনহাতে, হ’ট এয়াৰ বেলুনটো চলোৱা পাইলটকে ধৰি মুঠ ২১জন লোক বিমানখনত আছিল ।
এক্সত গৱৰ্ণৰ জৰ্জিনহো মেলোৱে কয়, “আমি দোষ পাইছো ৷ এটা ডাঙৰ ট্ৰেজেডী সংঘটিত হৈছে । কেনেকৈ, কিয় এই ঘটনাটো সংঘটিত হ’ল, সেয়া আমি তদন্ত কৰিম ৷” মেলোৱে কয় যে তেওঁ বিপভাগীয় সকলো কৰ্তৃপক্ষক দুৰ্ঘটনাতত পতিত হোৱা সকলো লোককে উদ্ধাৰ কৰিবলৈ, সহায় কৰিবলৈ, চিকিৎসালয়লৈ নিবলৈ লগতে ভুক্তভোগী পৰিয়ালসমূহৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে ৷
প্ৰাইয়া গ্ৰেণ্ডেৰ মুখ্য আৰক্ষী বিষয়া টিয়াগো লুইজ লেমছৰ উদ্ধৃতিৰে ফ’লহা ডি চাও পাওলো কাকতখনত কয়, ‘‘জীৱিতসকলৰ ভিতৰত থকা এজন পাইলটৰ মতে প্ৰথমে বেলুনটোৰ ওপৰৰ ভিতৰৰ অংশত জুই লাগিছিল তাৰ পিছত লাহে লাহে জুইৰ শিখাই সমগ্ৰ বেলুনটো আগুৰি ধৰে ৷’’ লেমছে লগতে কয়, “একাংশ লোকে হ’ট এয়াৰ বেলুনটোত জুই লগা দেখি ওপৰৰ পৰাই জপিয়াবলৈ ধৰে ৷’’
G1-এ উল্লেখ কৰিছে যে এই বেলুনটোৰ উৰণৰ সময় ৪৫ মিনিট, বেলুনটোৰ উচ্চতা ১০০০ মিটাৰ পৰ্যন্ত হৈছিল আৰু প্ৰতিজন যাত্ৰীৰ বাবে খৰচ হৈছিল ৫৫০ ৰিয়েল (প্ৰায় ১০০ ডলাৰ)।

Leave a Reply

Your email address will not be published. Required fields are marked *