বন্ধ হল আকাশমাৰ্গ, বন্ধ হল বিমান সেৱা !
ইজৰাইল, ইৰাণ, জৰ্ডানৰ আকাশমাৰ্গ বন্ধ হৈ পৰিছে
ইজৰাইল-ইৰাণৰ মাজৰ যুদ্ধৰ ফলত বিশ্বৰ বিমান সেৱা ব্যাহত হৈছে
ইৰানে নিজ দেশৰ বিমান সেৱা বন্ধ কৰি দিছে
তেওঁলোকৰ আকাশমাৰ্গো বন্ধ কৰি দিছে
ইজৰাইল-ইৰাণৰ মাজৰ সংঘাতৰ ফলত সমগ্ৰ বিশ্বৰে বিমান সেৱা ব্যাহত হৈ পৰিছে। ইতিমধ্যে ইৰানে নিজ দেশৰ বিমান সেৱা বন্ধ কৰি দিয়াৰ লগতে তেওঁলোকৰ আকাশমাৰ্গো বন্ধ কৰি দিছে।যাৰ ফলত মুম্বাইৰ পৰা লণ্ডনলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান আদ বাটৰ পৰাই পুনৰ মুম্বাইলৈ ঘূৰাই আনিব লগাত পৰে।
ইজৰাইলৰ ৰাজধানী টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰ পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। ইৰান, ইজাৰইল আৰু জৰ্ডানৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তত বিমান সেৱা ব্যাহত হৈ পৰিছে।
আন এটা বিমান সংস্থা এমিৰেটছে ইৰাক, জৰ্ডান, লেবানন আৰু ইৰাণলৈ সেৱা বন্ধ কৰি দিয়া বুলি জানিবলৈ দিছে। এয়াৰ ইণ্ডিয়াৰ ইউৰোপলৈ যোৱা বিমানসমূহো পূৰ্বে পশ্চিম এছিয়াৰ সেই বহুলভাৱে ব্যৱহৃত আৰু জনপ্ৰিয় কৰিড’ৰেৰে যাত্ৰা কৰিছিল।