কোৱা হৈছে যে তিনিওজন একেটা পৰিয়ালৰ আৰু তেওঁলোক ইন্দোৰত বাস কৰিছিল।তেওঁলোকে কিয় আৰু কাৰ নিৰ্দেশত ৰাজা ৰঘুবংশীক হত্যা কৰিলে সেই সম্পৰ্কে বৰ্তমান একো ক’ব পৰা হোৱা নাই।এই কথা শ্বিলং আৰক্ষীৰ জেৰাৰ অন্ততহে পোহৰলৈ আহিব।
একে সময়তে ৰাজা ৰঘুবংশীৰ ভাতৃ বিপুল ৰঘুবংশীয়ে সংবাদ সংস্থা এ এন আইক জনাইছে যে হত্যাকাণ্ডৰ গোচৰত ৰাজ কুশৱাহাৰ নাম পোহৰলৈ আহিছে।অৰ্থাৎ হত্যাকাণ্ডত সোনমৰ হাত থাকিব পাৰে।ৰাজ কুশৱাহা আছিল সোনমৰ পাৰিবাৰিক ব্যৱসায়ৰ কৰ্মচাৰী। তেওঁলোকে অবিৰতভাৱে ফোনত কথা পাতিছিল।যেতিয়া তেওঁলোকৰ বিবাহ ঠিক হ’ল, তেতিয়া দুয়ো সুখী আছিল।
বিপুলে কয়, “আমি কেতিয়াও ভবা নাছিলো যে সোনমে এনেকুৱা কিবা এটা কৰিব। মেঘালয় চৰকাৰে মিছা কথা কোৱা নাই।মই এতিয়ালৈকে ৰাজ কুশৱাহাক দেখা নাই, মাত্ৰ তেওঁৰ নাম শুনিছো।ইয়াৰ লগত সোনমো জড়িত হ’ব পাৰে।মা কামাখ্যা মন্দিৰত পূজা কৰিবলৈহে তেওঁলোক অসমলৈ গৈছিল।ইয়াৰ পিছত তেওঁলোক শ্বিলঙলৈ গ’ল।দুয়োৰে ভিতৰত কোনে মেঘালয় ভ্ৰমণৰ পৰিকল্পনা কৰিছিল আমি নাজানো।তেওঁলোকে ঘূৰি অহাৰ টিকট বুকিং কৰা নাছিল ৷”
জানিব পৰা অনুসৰি সোনমৰ পিতৃৰ এটা মাইকাৰ কাৰখানা আছে, য’ত আগতে ৰাজ কুশৱাহাই মানৱ সম্পদ বিভাগৰ মেনেজাৰ হিচাপে কাম কৰিছিল।সোনমো একেটা কাৰখানাতে মানৱ সম্পদ বিভাগত আছিল।বিয়াৰ আগে আগে ৰাজ কুশৱাহাৰ লগত সোনমৰ প্ৰেমৰ সম্পৰ্ক আছিল।
এনে পৰিস্থিতিত এই প্ৰেমৰ বাবে সোনমে ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ পেছাদাৰী ঘাতকক নিয়োগ কৰিছিল বুলি জল্পনা-কল্পনা কৰা হৈছে। সোনমৰ পিতৃ দেৱী সিং ৰঘুবংশীয়ে কয় যে এই ঘটনাৰ দুদিন আগলৈকে ৰাজে কাৰখানাটোত কাম কৰি আছিল।
সোনমৰ মাতৃ সংগীতাই কয় যে তেওঁৰ কন্যাক বিচাৰি পোৱাত তেওঁ সন্তুষ্ট।কিন্তু তেওঁৰ হৃদয়ত এতিয়াও বিষ অনুভৱ কৰিছে। “এতিয়া আমি জানিব বিচাৰো ৰাজাৰ হত্যাৰ আঁৰত কোন আছিল।ছোৱালীজনী ঘূৰি আহিছে, কিন্তু আমি ৰাজাক হেৰুৱাইছো।” মাতৃ সংগীতাই কয়।