...
Spread the love

ইমান টকাৰ মোহ! তাকো আই এচ বিষয়া !

১০লাখ টকাৰ উৎকোচৰ সৈতে ধৰা পৰিল IAS বিষয়া ধিমান চাকমা

২০২১চনত ইউ পি এছ চিৰ পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হৈছিল ধিমান চাকমা।

এন আই টি আগৰতলাৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ধিমান চাকমা

 

চাইন অন ডেস্কঃ

ইমান টকাৰ মোহ! তাকো আই এচ বিষয়া ! ১০লাখ টকাৰ উৎকোচৰ সৈতে ধৰা পৰিল IAS বিষয়া ধিমান চাকমা।
ভীষণ প্ৰত্যাহ্বানৰ মাজতো ২০২১চনত ইউ পি এছ চিৰ পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হৈছিল ধিমান চাকমা।এন আই টি আগৰতলাৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ধিমান চাকমাই প্ৰথমে ভাৰতীয় বন সেৱা আৰু পিছত প্ৰশাসনিক সেৱাত যোগদান কৰাৰ সুবিধা লাভ কৰিছিল।
বৰ্তমান ওড়িশাৰ কালাহাণ্ডী জিলাৰ ধৰমগড়ত উপ আয়ুক্ত হিচাপে কৰ্মৰত অতি মেধাৱী ধিমান চাকমা শেহতীয়াকৈ ধৰা পৰিল ১০লাখ টকাৰ উতকোচ লোৱাৰ সময়তে। এগৰাকী ব্যৱসায়ীৰ পৰা ১০লাখ টকাৰ উৎকোচ লোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে ধিমান চাকমাক।
প্ৰাপ্ত তথ্য অনুসৰি, এক বিশেষ প্ৰকল্পৰ অনুমোদনৰ বাবে ২০লাখ টকা দাবী কৰিছিল আই এ এছ বিষয়াগৰাকীয়ে। প্ৰথম কিস্তিত ১০লাখ, আৰু দ্বিতীয় কিস্তিত ১০লাখ টকা দিয়াৰ বাবে সন্মতি দিছিল ব্যৱসায়ীগৰাকীয়ে। প্ৰথম কিস্তিৰ ধন ১০লাখ টকা লোৱাৰ সময়তে হাতে-লুটে ধৰা পৰিল ধিমান চাকমা।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম কিস্তিৰ ধন দিবলৈ অহাৰ আগতেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত গোচৰ ৰুজু কৰিছিল বিষয়াগৰাকীয়ে। তাৰ পিছতে মুখ্যমন্ত্ৰী তদাৰকী কোষে হাতে-লুটে ধৰা পেলায় বিষয়াগৰাকীক। বিষয়াগৰাকীৰ চৰকাৰী বাসগৃহৰ পৰা ৪৭লাখ টকা নগদ ধন উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাই।

Leave a Reply

Your email address will not be published. Required fields are marked *