অৱশেষত মঙলবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২৫ৰ ফাইনেলত পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি ১৮ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই আৰ চি বিয়ে।
আই পি এলত RCB এ প্ৰথম খিতাপ জয়ৰ পিছতে বিৰাট কোহলীয়ে অনুৰাগীসকলক এই বিশেষ দিনটো উদযাপনৰ বাবে প্ৰতিশ্ৰুতি দিছিল।কিছু ঘণ্টাৰ ভিতৰতে আৰ চি বিয়ে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে বেংগালুৰুত বিজয় পেৰেডৰ বাবে মুকলি বাছ ঘোষণা কৰে । অৱশ্যে যান-জঁটৰ আশংকাত বেংগালুৰু আৰক্ষীয়ে এই পৰিকল্পনাৰ বিৰোধিতা কৰিছিল যদিও আৰ চি বিয়ে তথাপিও বিজয় উল্লাস উদযাপন কৰাৰ সিদ্ধান্ত লয়।
প্ৰতিষ্ঠিত এম চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত আৰ চি বিয়ে আই পি এল বিজয় উৎসব উদযাপনৰ সময়তে এই ঘটনাটো সংঘটিত হৈছিল, য’ত হাজাৰ হাজাৰ অনুৰাগীয়ে নিজৰ প্ৰিয় খেলুৱৈসকলৰ এবাৰ কাষৰ পৰা চাবলৈ সমবেত হৈছিল। ফলত সংঘটিত হৈছিল পদপিষ্টৰ ঘটনা।এনে ভয়াৱহ ঘটনাৰ পিছতো শ্ব’টো বন্ধ হোৱা নাছিল।
এই ঘটনা সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) কৈছে যে এই অনুষ্ঠানৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই সংবাদ সংস্থা ANI-ৰ আগত কয়, ‘‘BCCI-এ এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে আৰু মৃতকৰ পৰিয়ালক আমাৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছো।বেংগালুৰুত যি ঘটিল সেয়া দুৰ্ভাগ্যজনক; প্ৰত্যকৰে জীৱন বহুমূলীয়া।এয়া আৰ চি বিৰ অনুষ্ঠান।বি চি চি আইৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই, কাৰণ আমি কেৱল সামৰণি অনুষ্ঠানলৈকেহে জবাবদিহি। আমি ইয়াক অতি ভালদৰে আয়োজন কৰিলো, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এক লাখতকৈ অধিক লোকক চম্ভালিলো।’’
শইকীয়াই লগতে কয়, ‘‘যোৱা বছৰ টি-২০ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলটোৰ বিজয়ৰ পেৰেড অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, সেই সময়ত এনে কোনো ঘটনা হোৱা নাছিল। কাৰণ আমি সকলো পৰিকল্পনা কৰিছিলো আৰু মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যন (এম চি এ) আৰু কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছিলো।সেই সময়ত সঠিক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘‘বিজয় উৎসৱ উদযাপনৰ সময়তে এক বৃহৎ শোকাৱহ ঘটনা সংঘটিত হ’ল। চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপতে সংঘটিত হৈছিল এই ঘটনা।মৃতকৰ বাবে ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে। আহতসকলক চৰকাৰে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব।”
এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয়, ”এই ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন আহত হয় । এই শোকাৱহ ঘটনাটো সংঘটিত হ’ব নালাগিছিল।এই ঘটনাক লৈ চৰকাৰে গভীৰ শোক প্ৰকাশ কৰিছে।”