সুখকৰ নহ’ল ৰাজা-সোণমৰ শ্বিলং ভ্ৰমণ !
বহুতো আশা আৰু প্ৰত্যাশা লৈ আৰম্ভণি কৰিছিল জীৱন !
পৰিণতিত জীৱন হেৰুৱাব লগীয়া হল ৰাজাই ! সোণমৰ আজিও নাই সন্ধান !
এক নৱ দম্পতীৰ হনিমুন ! বহুতো আশা আৰু প্ৰত্যাশা লৈ আৰম্ভণি কৰিছিল।দুয়োৱে সপোন গঢ়িছিল,জীৱনক লৈ।আৰু সেয়ে নতুন জীৱনৰ আৰম্ভণিৰ প্ৰাকক্ষণত মধ্যপ্ৰদেশৰ ইন্দোৰৰ দম্পতীটোৱে হনিমুনৰ বাবে বাছি লৈছিল মেঘালয়ৰ শ্বিলঙ।
নতুন জীৱনৰ পাতনি মেলাৰ পূৰ্বে দুয়োগৰাকীয়ে মধুচন্দ্ৰিকা উদযাপনৰ উদ্দেশ্যে উপস্থিত হৈছিল মেঘে আৱৰা ৰাজ্যৰ মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত ৷ প্ৰথমাৱস্থাত সকলো ঠিকেই আছিল যদিও বিগত ২৩ মে’ত তেওঁলোকৰ ফোনটোৰ সংযোগ বিচ্ছিন্ন হৈ যায় বন্ধ হৈ যায় ৷
ধাৰাবাহিকভাৱে চলোৱা অভিযানৰ দশমটো দিনৰ অন্তত ৰাজা ৰঘুবংশীৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। হাতত অংকিত টাটুৰ দ্বাৰা মৃতদেহটো ৰাজাৰ বুলি চিনাক্ত কৰা হয়।অৱশ্যে ৰাজাৰ পত্নী সোণম সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে।সোণমক বিচাৰি অব্যাহত আছে অনুসন্ধান ।