এজন যুৱকৰ পৰিকল্পনাত ৰাছিয়াত ইউক্ৰেইনে চলালে ধ্বংসলীলা! ৰাছিয়াৰ বিমানঘাটিত চলোৱা আক্ৰমণৰ পিছতে মস্কোৰ চোৰাংচোৱাৰ হিট লিষ্টতলৈ আহিছে এজন যুৱকৰ এটা বিশেষ নাম। আনকি ৰাছিয়াৰ সংবাদ মাধ্যমতো এই যুৱকজনৰ ফটো প্ৰচাৰ কৰি তেওঁৰ বিষয়ে বিভিন্ন তথ্য প্ৰকাশ কৰা হৈছে।
এই বিশেষ যুৱকজনৰ নাম আৰ্টেম টাইমোফিয়েভ। যোৱা ১ জুনত ইউক্ৰেইনত চলোৱা ‘স্পাইডাৰ ৱেব’ অভিযানৰ সময়ত ৰাছিয়াৰ অলেনিয়া আৰু বেলায়া বিমান ঘাটিত একপ্ৰকাৰে ধ্বংসলীলা চলিছিল।
এই আক্ৰমণৰ গোটেই পৰিকল্পনা প্ৰস্তুত কৰি তাক বাস্তৱায়িত কৰাৰ মাষ্টাৰ মাইণ্ড আছিল আৰ্টেম টাইমোফিয়েভ। তেওঁৰ পৰিকল্পনা অনুসৰিয়েই কিভৰ পৰা কেইবা হাজাৰ মাইল দূৰত্বত সংঘটিত হৈছিল এই ড্ৰোণ আক্ৰমণ। য’ত ৰাছিয়াৰ ৭ বিলিয়ন ডলাৰৰ লোকচান হোৱা বুলি জানিব পৰা গৈছে।