...
Spread the love

 

ৰাছিয়াত ইউক্ৰেইনে চলালে ধ্বংসলীলা !

পৰিকল্পনা এজন সুদক্ষ যুৱকৰ ?

য’ত ৰাছিয়াৰ ৭ বিলিয়ন ডলাৰৰ লোকচান হোৱাৰ আশংকা !

 

চাইন অন ডেস্কঃ

 

এজন যুৱকৰ পৰিকল্পনাত ৰাছিয়াত ইউক্ৰেইনে চলালে ধ্বংসলীলা! ৰাছিয়াৰ বিমানঘাটিত চলোৱা আক্ৰমণৰ পিছতে মস্কোৰ চোৰাংচোৱাৰ হিট লিষ্টতলৈ আহিছে এজন যুৱকৰ এটা বিশেষ নাম। আনকি ৰাছিয়াৰ সংবাদ মাধ্যমতো এই যুৱকজনৰ ফটো প্ৰচাৰ কৰি তেওঁৰ বিষয়ে বিভিন্ন তথ্য প্ৰকাশ কৰা হৈছে।
এই বিশেষ যুৱকজনৰ নাম আৰ্টেম টাইমোফিয়েভ। যোৱা ১ জুনত ইউক্ৰেইনত চলোৱা ‘স্পাইডাৰ ৱেব’ অভিযানৰ সময়ত ৰাছিয়াৰ অলেনিয়া আৰু বেলায়া বিমান ঘাটিত একপ্ৰকাৰে ধ্বংসলীলা চলিছিল।

 

এই আক্ৰমণৰ গোটেই পৰিকল্পনা প্ৰস্তুত কৰি তাক বাস্তৱায়িত কৰাৰ মাষ্টাৰ মাইণ্ড আছিল আৰ্টেম টাইমোফিয়েভ। তেওঁৰ পৰিকল্পনা অনুসৰিয়েই কিভৰ পৰা কেইবা হাজাৰ মাইল দূৰত্বত সংঘটিত হৈছিল এই ড্ৰোণ আক্ৰমণ। য’ত ৰাছিয়াৰ ৭ বিলিয়ন ডলাৰৰ লোকচান হোৱা বুলি জানিব পৰা গৈছে।
ডেইলী মেইলৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ জিট’মাইৰত জন্মগ্ৰহণ কৰা টাইম’ফিয়েভে পৰৱৰ্তী সময়ত ৰাছিয়া লৈ গৈছিল। ৰাছিয়াৰ চেলিয়াবিনস্কত তেওঁ এগৰাকী উদ্যোগী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

 

খবৰ অনুসৰি তেওঁৱেই বিশেষ চাৰিজন ট্ৰাক চালকক নিয়োগ কৰিছিল যিয়ে চাৰিখন ট্ৰাক নিৰ্দিষ্ট স্থানলৈ লৈ গৈছিল। এই ট্ৰাক কেইখন আৰ্টেম টাইমোফিয়েভৰ নামতে পঞ্জীয়ন কৰা হৈছিল।
এই ড্ৰ’ণসমূহ ট্ৰাকৰ ভিতৰত লুকুৱাই ৰখা হৈছে। চাইবেৰিয়াৰ ইৰকুটস্কত থকা বেলায়া বিমানবন্দৰ, আৰ্কটিক চাৰ্কলৰ ওচৰত থকা মুৰ্মানস্ক য’ত অলেনিয়া বিমান ঘাটি আছে, ৰিয়াজানৰ ডায়াগিলেভ বিমান ঘাটি আৰু ইভান’ভ’ৰ আন এটা ঘাটিৰ ওচৰলৈ লৈ যোৱা হৈছিল এই ট্ৰাকসমূহ।

 

তাৰ পিছত নিৰ্দিষ্ট পৰিক্লপনা অনুসৰি এটা সময়তে ট্ৰাকচালক কেইজনক ড্ৰোণসমূহ ওলাই যাব পৰাকৈ খুলি দিবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু তাৰ পিছতেই একে সময়তে ড্ৰ’ণসমূহ ওলাই গৈ চাৰিওটা বিমান ঘাটিতে ধ্বংস লীলা চলালে।
অৱশ্যে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে তেওঁলোকৰ বিমানসমূহ কেৱল অলেনিয়া আৰু বেলায়াতহে ক্ষতিগ্ৰস্ত হৈছে। অন্যান্য স্থানত এই আক্ৰমণ বিফল হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *