...
Spread the love

আহমেদাবাদত খিতাপ অৰ্জন ক’হোলিৰ

এতিয়া ব্যাপক চৰ্চাত পত্নী অনুষ্কা শৰ্মা

 

চাইন অন ডেস্কঃ

এতিয়া চৌদিশে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ জয়ধ্বনি। আহমেদাবাদত আই পি এলৰ খিতাপ জয়ৰ পাছতে বিৰাট বন্দনাৰে মুখৰ হৈ পৰিছে সামাজিক মাধ্যম।
পিছে এই চৰ্চা চলি থকাৰ মাজতে বিৰাট কোহলিৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মায়ো লাভ কৰিছে আন এক কাৰণত চৰ্চা। আন দিনৰ দৰে মঙলবাৰেও আই পি এলৰ ফাইনেল মেচ উপভোগ তথা স্বামী বিৰাটক সমৰ্থন কৰিবলৈ উপস্থিত হৈছিল অনুষ্কা শৰ্মা। ষ্টেডিয়ামৰ ভি আই পি আসনৰ পৰাই পূৰ্ণদ্যমে উৎসাহ যোগাই আছিল আৰ চি বি আৰু স্বামী বিৰাটক।
অৱশেষত পঞ্জাৱ কিংছক ৬ৰানৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হৈছিল বিৰাট কোহলিৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। তাৰ পাছতে বিৰাটে দৌৰি আহি কাষ চাপিছিল পত্নী অনুষ্কাৰ। পত্নী অনুষ্কাৰ সান্নিধ্যই আৰু অধিক উৎসাহী কৰি তুলিছিল বিৰাটক। এনেদৰে বিৰাট- অনুষ্কাই উদযাপন কৰিছিল আৰ চি বিৰ বিজয় উৎসৱ।
পিছে এই আনন্দৰ মাজতে পত্নী অনুষ্কা শৰ্মাই পৰিধান কৰা হাতঘড়ীটোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে। কিয়নো হাতঘড়ীৰ দাম জানিলে সকলোৱে আচৰিত হ’ব। তেওঁ পৰিধান কৰা হাতঘড়ীটো আছিল প্ৰখ্যাত কোম্পানী ৰলেক্স ব্ৰেণ্ডৰ। প্লেটিনাম ৰলেক্স ডে-ডেট ৪০ মডেলৰ আছিল তেওঁৰ ঘড়ীটো। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ মূল্য ৫৬,৪৭,০০০ টকা।
আন এক সূত্ৰ অনুসৰি অনুষ্কাই পৰিধান কৰা পোছাকযোৰৰো আছে এক ৰহস্য। তেওঁ পৰিধান কৰা বিলাসী বগা চাৰ্ট আৰু নীলা পেণ্টটো পূৰ্বে টি-২০ বিশ্বকাপৰ সময়ত পৰিধান কৰিছিল। বিশ্বাস কৰে যে, এই পোছাকযোৰ তেওঁৰ বাবে লাকী। গতিকে আৰ চি বিৰ ফাইনেল মেচতো তেওঁ একেযোৰ পোছাকেই পৰিধান কৰি দলটোক সমৰ্থন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *