বিশ্বৰ সকলো শৰণাৰ্থীক আশ্ৰয় দিবলৈ ভাৰত ধৰ্মশালা নহয়ঃ উচ্চতম ন্যায়ালয়
শ্ৰীলংকাৰ তামিল নাগৰিকৰ আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে ক’লে, “আমি ইতিমধ্যে ১৪০ কোটি জনসংখ্যাৰে সংগ্ৰাম কৰি আছো।”
চাইন অন ডেক্সঃ

ন্যায়াধীশ দীপংকৰ দত্ত আৰু কে বিনোদ চন্দ্ৰনৰ দ্বাৰা গঠিত আদালতে এইদৰে মন্তব্য কৰি কয়, “ভাৰতে বিশ্বৰ সকলো শৰণাৰ্থীক আতিথ্য দিব নেকি ? আমি ইতিমধ্যে ১৪০ কোটি জনসংখ্যাৰে সংগ্ৰাম কৰি আছো।এইটো কোনো ধৰ্মশালা নহয় যে আমি সকলো ঠাইৰ বিদেশী নাগৰিকসকলক গ্ৰহণ কৰিব পাৰো ।”
শীৰ্ষ ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এক আদেশক প্ৰত্যাহ্বান জনাই শ্ৰীলংকাৰ এজন তামিল নাগৰিকক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ (ইউ এ পি এ)ৰ অধীনত সাত বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰাৰ লগে লগে ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।যদি তেওঁ নিজৰ দেশলৈ ঘূৰি যাবলগীয়া হয় তেন্তে তেওঁ নিজৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি সুৰক্ষা বিচাৰি আবেদন জনোৱাত বিচাৰপীঠে কয়, “অন্য কোনো দেশলৈ যাওক ।”
আবেদনকাৰীৰ অধিবক্তাই যুক্তি দিছিল যে কোনোধৰণৰ প্ৰত্যাৰ্পণৰ পদক্ষেপ অবিহনে তেওঁ শাস্তিৰ পাছত প্ৰায় তিনি বছৰ ধৰি আটক হৈ আছিল । অভিযোগকাৰীয়ে ভিছাৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছতেই তেওঁ আদালতত আবেদন জনাইছিল।আবেদনকাৰীজন হৈছে শৰণাৰ্থী।তেওঁৰ পত্নী আৰু সন্তানসকলে ইতিমধ্যে ভাৰতত স্থায়ীভাৱে বাস কৰি আছে ।