...

সদৌ অসম সত্ৰ মহাসভা”ৰ “সত্ৰ আৰু নামঘৰ সমাৰোহ”ৰ সামৰণি

সদৌ অসম সত্ৰ মহাসভা”ৰ “সত্ৰ আৰু নামঘৰ সমাৰোহ”ৰ সামৰণি

গুৰুজনাই সৃষ্টি কৰা সত্ৰ আৰু নামঘৰে সকলোৰে মাজত আধ্যাত্মিক পৰিবেশ গঢ়ি তুলিছে — ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য‌‌‌

 

পুৰণিগুদাম,২৪নৱেম্বৰ:

অসমৰ ১২১৫ খন সত্ৰ আৰু ২৩০০০ নামঘৰৰ উমৈহতীয়া সংগঠন সদৌ অসম সত্ৰ মহাসভাৰ উদ্যোগত যোৱা ২০ নৱেম্বৰৰ পৰা পুৰণিগুদাম ভীমৰগাঁও বৰনামঘৰ প্ৰাঙ্গণ আৰু পুৰণিগুদামৰ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম সত্ৰ আৰু নামঘৰ সমাৰোহৰ আজি সামৰণি পৰে। অসমৰ প্ৰতিখন জিলাৰ পৰা পুৰণিগুদামত আহি উপস্থিত হোৱা সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ,সত্ৰীয়া, নামঘৰ সমিতি সমূহৰ সভাপতি সম্পাদক, নামঘৰীয়া আৰু গায়ন বায়নৰ উপস্থিতিত এক ভক্তিমাৰ্গৰ পৰিবেশ বিৰাজ কৰা পুৰণিগুদামৰ এই সমাৰোহৰ আজি সামৰণিৰ মুকলি সভাত আহি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই । কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী,প্ৰধান সম্পাদক সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামী,উপ সভাপতি সত্ৰাধিকাৰ মুনমুন গোস্বামী উপস্থিত থকা মুকলি সভাত সত্ৰাধিকাৰ, সাংবাদিক আৰু সমাজৰ বিভিন্ন দিশত অৰিহনা আগবঢ়োৱা আঠ গৰাকী ব্যক্তিক বিভিন্ন বঁটাৰে সন্মানিত কৰা হয়। ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই প্ৰদান কৰা এই বটাঁত গামোচা, চেলেং,স্মাৰক, জাপি, সম্বৰ্ধনা পত্ৰ আৰু শৰাই প্ৰদান কৰা হয়। সত্ৰীয়া সংস্কৃতিৰ বিকাশত বিশেষ অৰিহনা আগবঢ়োৱা নগাঁও জিলাৰ উৰিয়াগাঁৱৰ তেলীয়াপহুকটাৰ শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ,বিশিষ্ট সত্ৰীয়া কলা-সংস্কৃতিৰ সাধক, শিক্ষাবিদ,অৱসৰপ্ৰাপ্ত অধ্যক্ষ শৈলেন্দ্ৰ গোস্বামীক জীৱন জোৰা সাধনা বঁটা, মৰিগাঁও জিলাৰ আঁহতগুৰিৰ সিধাবাৰী শ্ৰীশ্ৰী ডিফলু সত্ৰৰ সত্ৰাধিকাৰ বিশ্বজিৎ গোস্বামী,শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শ্ৰীশ্ৰী সাউদকুছি সত্ৰৰ ডেকা সত্ৰীয়া কমলজ্যোতি গোস্বামীক সত্ৰজ্যোতি বঁটা,তেজপুৰৰ ডিপোটাৰ শ্ৰীশ্ৰী চিপহা সত্ৰৰ ডেকা সত্ৰাধিকাৰ অৰূপ মহন্ত আৰু শিৱসাগৰ জিলাৰ হোলাপাৰ কালুগাঁৱৰ বিশিষ্ট বায়ন নৱজ্যোতি বৰাক সত্ৰীয়া সংস্কৃতি বঁটা প্ৰদান কৰাৰ উপৰিও আমাৰ অসম কাকতৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ জ্যেষ্ঠ উপ সম্পাদক ৰবীন ভূঞা, আৰু অসমীয়া প্ৰতিদিন কাকতৰ নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাক সংবাদ জ্যোতি বঁটা,স্মৃতি কলিতাক কাব্য জ্যোতি বঁটা প্ৰদান কৰা হয় । উল্লেখযোগ্য যে, উক্ত সভাতে বিশিষ্ট সাহিত্যিক,নগাঁও জিলাৰ শ্ৰীশ্ৰী জগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীক “সদৌ অসম নামঘৰ মহাসভা”ই প্ৰান্তিক গোস্বামীক ” সাহিত্য সৌৰভ” বঁটা প্ৰদান কৰে । শিল্পী চন্দনা বেজবৰুৱাই বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাৰ মাজত কৃষ্টি কন্যা গোস্বামীয়ে সত্ৰীয়া নৃত্য পৰিবেশন কৰাৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীত পৰিবেশন কৰাৰ উপৰিও দিহা নাম পৰিবেশন কৰা হয়। উক্ত মুকলি সভাখনত ৰাজ্যপাল গৰাকীয়ে শংকৰদেৱৰ পূণ্য ভূমি নগাঁও জিলাত “সদৌ অসম সত্ৰ মহাসভা”ই সদৌ অসম ভিত্তিত “সত্ৰ আৰু নামঘৰ সমাৰোহ” অনুষ্ঠিত কৰাৰ বাবে “সদৌ অসম সত্ৰ মহাসভা”ক ভূয়সী প্ৰশংসা কৰি ভাষন প্ৰসংগত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই কয় যে “সদৌ অসম সত্ৰ মহাসভা”ই সমাজৰ উন্নতিৰ বাবে আৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰুদুজনাৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিক আৰু সত্ৰীয়া কলা-সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্পৰে সদায় কাম কৰি আহিছে ৷ সত্ৰীয়া কলা-সংস্কৃতিৰ চৰ্চা অসমৰ গৌৰৱ ৷ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি অসমৰ কাৰণে গৌৰৱ বুলি উল্লেখ কৰে । শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শ,ধৰ্মীয় চেতনা, সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নগাঁও জিলাৰ পুৰণিগুদামত চাৰিদিনীয়াকৈ আয়োজন কৰা অনুষ্ঠানৰ অন্তিম দিনা ৰাজ্যপাল গৰাকী উপস্থিত থাকি মহাপুৰুষ দুয়োজনৰ বৰ্ণিল পৰিক্ৰমাৰ বিষয়ে বক্তব্য প্ৰদান কৰে । তেওঁ কয় যে গুৰুজনাৰ জন্মভূমি নগাঁও জিলাত “সদৌ অসম সত্ৰ মহাসভা”ৰ এই মহান অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আজি মই ধন্য । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমৰ বাবে অমূল্য সম্পদ ।গুৰুজনাই সৃষ্টি কৰা নামঘৰে সকলোৰে মাজত এক আধাত্মিক পৰিবেশ গঢ়ি তুলিছে । সকলো অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ আগত যি বৰগীত গোৱা হয় সেই বৰগীত কেতিয়াও মনোৰঞ্জন নহয় ই এক সকলো সংস্কৃতিকে এক কৰা মাধ্যম বুলি ৰাজ্যপাল গৰাকীয়ে উল্লেখ কৰে । তেওঁ সকলোকে নিচামুক্ত এখন সুস্থ সমাজ গঢ়িবলৈ আহ্বান জনায় । সভাত বিশিষ্ট সাহিত্যিক, “সদৌ অসম সত্ৰ মহাসভা”ৰ প্ৰধান সম্পাদক নগাঁও জিলাৰ শ্ৰীশ্ৰী জগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীৰ সম্পাদনাত প্ৰকাশিত তথা শ্ৰীশ্ৰী জগৰাল সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ নৰেন্দ্ৰ নাথ গোস্বামী আৰু তেখেতৰ সহধৰ্মিনী বিনু গোস্বামীৰ নামত উৎসৰ্গিত স্মৃতিগ্ৰন্থ “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱঃ সত্ৰ আৰু নামঘৰ” উন্মোচন কৰে ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ভাষনত নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ পুৰণিগুদামত “সদৌ অসম সত্ৰ মহাসভা”ৰ উদ্যোগত অনুষ্ঠিত ” সদৌ অসম সত্ৰ আৰু নামঘৰ সমাৰোহ”ত অসমৰ ৰাজ্যপাল গৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ উক্ত সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাঁচা উপস্থিত থাকি ভাষন প্ৰসংগত কয় যে শ্ৰীমন্ত শংকৰদেৱৰ পূণ্য ভুমিত ” সদৌ অসম সত্ৰ মহাসভা”ই সত্ৰীয়া কলা সংস্কৃতিৰ অবিৰত ভাবে চৰ্চা কৰি আহিছে ৷ অসমৰ এই সত্ৰীয়া কলা সংস্কৃতি ভাৰতত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে বুলি ভাষণ প্ৰসংগত তাচাই উল্লেখ কৰে ৷ সভাৰ আৰম্ভণিতে “সদৌ অসম সত্ৰ মহাসভা”ৰ প্ৰধান সম্পাদক নগাঁও জিলাৰ শ্ৰীশ্ৰী জগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰি সংগঠনটোৱে কৰি অহা কাম কাজৰ কথা উল্লেখ কৰে। গুৰুজনাৰ সৃষ্টি, আদৰ্শ, কৰ্মৰাজিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে “সদৌ অসম সত্ৰ মহা সভা”ই কাম কৰি আহিছে বুলিও প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীয়ে উল্লেখ কৰে । গুৰুজনাৰ আইতাক “আই খেৰসুতি”ৰ নামত গোৱালপাৰাত বিশ্ববিদ্যালয় স্থাপন,প্ৰতিখন জিলাত সত্ৰীয়া সংগীত বিদ্যালয় স্থাপন কৰাৰ লগতে গোলাঘাট,শোণিতপুৰ,দৰঙকে আদি কৰি চাৰিখন জিলাত চাৰিখনকৈ সত্ৰীয়া সংগীত মহাবিদ্যালয় স্থাপন কৰা হৈছে বুলিও মন্তব্য কৰে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিষয়সমূহ অৱগত কৰা হৈছে বুলি উল্লেখ কৰে ।আজিৰ মুকলি সভাত জিলা প্ৰশাসনৰ কেইবাজনো বিষয়ববীয়া, তিনিশতাধিক সত্ৰাধিকাৰ,নামঘৰীয়া,গায়ন বায়ন আৰু নামঘৰ সমিতি সমূহৰ সভাপতি সম্পাদক আৰূ স্থানীয় ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *