ড্ৰাগছ, ভাং,জুৱা,তীৰ খেলৰ অবাধ প্ৰচলন বন্ধৰ দাবী
পদক্ষেপ গ্ৰহণৰ দাবীত বাঙালী যুৱ-ছাত্ৰৰ প্ৰতিবাদ
চাইন অন ডেস্ক,২৩নবেম্বৰ:
যোৱা২২ নৱেম্বৰত ডিব্ৰুগড়ত ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছৰ প্ৰচলন, জুৱা, তীৰ খেল আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে সদৌ অসম বাঙালী যুৱ-ছাত্র ফেডাৰেশ্যন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণকৰে। এইসমূহ অসামাজিক কার্যকলাপ শীঘ্ৰে বন্ধ কৰাৰ দাবীত যোৱাকালি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্রুগড় জিলা সমিতিৰ উদ্যোগত এক প্রতিবাদী সমদল বাহিৰ কৰে।ডিব্ৰুগড় জিলাৰ নালিয়াপুল মনসাবাৰীৰ পৰা আৰম্ভ হোৱা এই সমদল গাভৰুপথাৰ তিনিআলিত সামৰণি পৰে। প্ৰতিবাদী কার্যসূচীত সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তাপস দাস, ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি সুশান্ত বেনাৰ্জী,সম্পাদক মিন্টু ভট্টাচাৰ্য ,জিলাৰ বিষয়ববীয়াৰ উপৰিও 
সদৌ অসম বাঙালী যুৱ-ছাত্র ফেডাৰেচন ডিব্ৰুগড় জিলা সমিতিয়ে ডিব্ৰুগড় জিলাৰ প্ৰশাসনক এইসমূহ কার্যকলাপ বন্ধ কৰিবলৈ ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে। অন্যথা সংগঠনে নিজাববীয়াকৈ প্রতিবাদী পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়াৰ লগতে পৰৱৰ্তী কোনো অপ্রীতিকৰ পৰিস্থিতিৰ বাবে আৰক্ষী প্রশাসন দায়ী হ’ব বুলি সকিয়াই দিয়ে।সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক গৰাকীয়ে ড্ৰাগছ,জুৱা ,ভাং আদি নিচাযুক্ত দ্ৰব্যৰ কুপ্ৰভাৱ,প্ৰচলন বন্ধ কৰি নিচামুক্ত কৰিব পাৰিলেহে এক সমৃদ্ধিশালী ,সুস্থ সবল সামাজিক পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত প্ৰতিফলন হব বুলি প্ৰকাশ কৰে।