...

নগাঁৱৰ দক্ষিণপাটৰ বৰজহা কৃষি পথাৰত অবৈধভাৱে পতা চৰাই ধৰা জাল ধ্বংস,জালত আবদ্ধ পক্ষীক জীৱন্তে উদ্ধাৰ

নগাঁৱৰ দক্ষিণপাটৰ বৰজহা কৃষি পথাৰত অবৈধভাৱে পতা চৰাই ধৰা জাল ধ্বংস,জালত আবদ্ধ পক্ষীক জীৱন্তে উদ্ধাৰ

চাইন অন ডেস্ক,২৩নবেম্বৰ:

নগাঁও জিলাৰ দক্ষিণপাট পঞ্চায়তৰ অন্তৰ্গত বৰজহা কৃষি পথাৰত শনিবাৰে স্বেচ্ছাসেৱী সংগঠন “ৱাইল্ড এইড আছাম”(Wild Aid Assam)আৰু বন বিভাগৰ যুটীয়া অভিযানত অবৈধভাৱে পতা চৰাই ধৰা জাল ধ্বংস কৰাৰ লগতে জালত আবদ্ধ এটা পক্ষীক জীৱন্তে উদ্ধাৰ কৰা হয়।
বৰজহাৰ কৃষি পথাৰত অবৈধভাৱে পক্ষী চিকাৰ চলি থকাৰ এক গোপন খবৰ লাভ কৰি “ৱাইল্ড এইড আছাম”ৰ এটা দলে তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয়। দলটোৱে পথাৰখনৰ মাজভাগত অতি ওখকৈ পাতি থোৱা কেইবাখনো বৃহৎ আকাৰৰ জাল প্ৰত্যক্ষ কৰে।
জালকেইখনত মুঠ ৬টা পক্ষী আৱদ্ধ হৈ আছিল। ইয়াৰে দুটা ফুটুকী ফেঁচা আৰু চাৰিটা ফেঁচু চৰাই। দুৰ্ভাগ্যবশতঃ ইয়াৰে পাঁচটা পক্ষীৰ ইতিমধ্যে মৃত্যু ঘটিছিল যদিও এটা ফেঁচু চৰাই জীৱিত অৱস্থাত আছিল। উদ্ধাৰকাৰী দলটোৱে অতি সাৱধানতাৰে জাল কাটি জীৱিত ফেঁচু চৰাইটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে।
নগাঁও আঞ্চলিক বন সংমণ্ডলৰ বনকৰ্মীসকলৰ সহযোগত “ৱাইল্ড এইড আছাম”ৰ সদস্যসকলে ক্ষিপ্ৰতাৰে পথাৰখনত থকা সকলো কেইখন অবৈধ জাল নমাই আনে আৰু পুনৰ ব্যৱহাৰ কৰিব নোৱাৰাকৈ জুই লগাই ভস্মীভূত কৰে। স্থানীয় ৰাইজৰ সৈতে হোৱা বাৰ্তালাপত জানিব পৰা গৈছে যে উক্ত অঞ্চলটোত যোৱা কিছুদিন ধৰি এনেদৰে অবৈধভাৱে পক্ষী চিকাৰ চলি আহিছে। শনিবাৰৰ এই অভিযানত সহযোগিতা আগবঢ়োৱাৰ বাবে “ৱাইল্ড এইড আছাম”য়ে নগাঁও আঞ্চলিক বন সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে,বন্যপ্ৰাণী সুৰক্ষা আইন-১৯৭২ (Wildlife Protection Act,1972)ৰ অধীনত যিকোনো বন্য পক্ষী ধৰা বা হত্যা কৰাটো এটা দণ্ডনীয় অপৰাধ বুলি উল্লেখ কৰি সংগঠনটোৱে স্থানীয় ৰাইজক এনেধৰণৰ প্ৰকৃতি বিৰোধী কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ সজোৰে আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *