বৃহৎ নদীবান্ধৰ বিৰুদ্ধে দাউ দাউকৈ জ্বলিছে ক্ষোভৰ জুই
তিনিচুকীয়াত বিশাল প্ৰতিবাদী কাৰ্যসূচী
তিনিচুকীয়াঃ
বৃহৎ নদীবান্ধে জয় আই অসম বুলি কোৱা ভেটিটো নিঃশেষ কৰি পেলাব। জাতি মাটি ভেটি জনগোষ্ঠীৰ মিলনভূমি, বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি সকলো উছন কৰিব বৃহৎ নদীবান্ধে। ধ্বংস হ’ব চিয়াং আৰু ব্ৰহ্মপুত্ৰ সভ্যতা। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আজি এইদৰে গৰজি উঠিছে বৃহৎ নদীবান্ধ বিৰোধী গণ মঞ্চই। বৃহৎ নদীবান্ধ বিৰোধী গণ মঞ্চৰ উদ্যোগত তিনিচুকীয়াত সাব্যস্ত কৰা বিশাল প্ৰতিবাদী কাৰ্যসূচীত চিয়াং বচাও অৰুণাচল 
কেন্দ্ৰীয় তথা অৰুণাচল প্ৰদেশ চৰকাৰে চুবুৰীয়া ৰাজ্যখনৰ চিয়াং, দিবাং, লোহিত আদি খৰস্ৰোতা নদীত বৃহৎ বৃহৎ জলবিদ্যুত প্ৰকল্প নিৰ্মাণকাৰ্য অব্যাহত ৰখাৰ সমান্তৰালকৈ কেইবাটাও প্ৰস্তাৱিত বৃহৎ নদীবান্ধৰ অনুমোদন জনোৱাত সমাগত ভৱিষ্যতক লৈ শংকিত ৰাজ্যখনৰ নৈ-পৰীয়া ৰাইজৰ মাজত দাউ দাউকৈ জ্বলিবলৈ ধৰিছে ক্ষোভৰ জুই। এই ক্ষোভৰ সূত্ৰপাত ঘটি নদীবান্ধ বিৰোধী আন্দোলন অৰুণাচলৰ পৰা ক্ৰমাৎ বিয়পিবলৈ ধৰিছে অসমীয়া ৰাইজৰ মাজতো। এনে প্ৰেক্ষাপটত অসমৰ কেইবাটাও নদীবান্ধ বিৰোধী সংগঠনে শেহতীয়াকৈ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সক্ৰিয়তা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।ইয়াৰ মাজতে আজি বৃহৎ নদীবান্ধ বিৰোধী গণ মঞ্চৰ উদ্যোগত তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত
উত্তৰ-পূৰ্বাঞ্চলৰ নদীৰ ওপৰত প্ৰস্তাৱিত আৰু নিৰ্মিত বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত প্ৰেৰণ কৰা এই স্মাৰক-পত্ৰত বৃহৎ নদীবান্ধ বিৰোধী গণ মঞ্চই উল্লেখ কৰে যে, আজিৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাইজৰ প্ৰতিনিধিসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন নদীত প্ৰস্তাৱিত আৰু নিৰ্মিত মেগা বান্ধৰ ফলস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ নদীসমূহৰ ভৱিষ্যত, প্ৰকৃতি, পৰিৱেশ, জীৱ-বৈচিত্ৰ্য আৰু জীৱনক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। উত্তৰ-পূৰ্বাঞ্চল ভূতাত্ত্বিকভাৱে অতি সংবেদনশীল আৰু ভূমিকম্প প্ৰৱণ অঞ্চল। হিমালয়ৰ পাদদেশৰ ভংগুৰ আৰু ঠেক ভূ-প্ৰকৃতি, প্ৰচণ্ড বৰষুণ, ভূমিস্খলন আৰু নদীৰ প্ৰাকৃতিক গতিপথক লক্ষ্য কৰি এই অঞ্চলত বৃহৎ নদী বান্ধৰ অগ্ৰগতিৰ ওপৰত গভীৰ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ অৰুণাচল প্ৰদেশত চিয়াং, দিবাং, সোৱণশিৰি, ছিয়মী, কামলাং আদি নদীৰ ওপৰত পৰিকল্পিত আৰু নির্মিত বৃহৎ জলবিদ্যুৎ প্রকল্পই নিজ নিজ অঞ্চলৰ জনজাতীয় জনসাধাৰণৰ জীৱিকাৰ ওপৰত প্রভাৱ পেলোৱাই নহয়, অসমৰ বিশাল নদীৰ পাৰৰ অঞ্চলৰ জনজীৱন, কৃষি, মীন সম্পদৰ ওপৰতো প্রভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰবল৷ জীৱ-বৈচিত্ৰ্য আৰু পৰিৱেশৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰাৰো আশংকা কৰা হৈছে। ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সন্মুখীন হোৱা নিৰ্মাণ সমস্যা আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে বৃহৎ নদীবান্ধৰ সুৰক্ষা আৰু জনস্বাৰ্থৰ বিষয়সমূহৰ ওপৰত পুনৰ বিবেচনা কৰাটো প্ৰয়োজনীয় হৈ পৰিছে বুলি স্মাৰক-পত্ৰত উল্লেখ কৰি বিদ্যুৎ উৎপাদন আৰু উন্নয়নে নদী, হ্ৰদ, বনাঞ্চল, খিলঞ্জীয়াৰ পৰম্পৰাগত অধিকাৰ আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰাকৃতিক সম্পদ বিপন্ন কৰিব নালাগে বুলি দাবী উত্থাপন কৰে৷
উন্নয়নৰ প্ৰৱণতা প্ৰকৃতি আৰু মানুহৰ জীৱিকাৰ লগত সামঞ্জস্যপূৰ্ণ হ’ব লাগে বুলিও উল্লেখ কৰি ২৭৮ মিটাৰ উচ্চতাৰ দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্প, ভূমিকম্প প্ৰৱণ থুনুকা পাহাৰত নিৰ্মীয়মান ওখ আৰু অধিক বিপৰ্যয়জনক চিয়াং বহুমুখী জলবিদ্যুৎ প্ৰকল্প, লোহিত নদীৰ প্ৰস্তাৱিত ডেমৱে’ জলবিদ্যুৎ প্ৰকল্পকে ধৰি উত্তৰ-পূবত নিৰ্মাণ আৰু স্থাপন কৰা সমগ্ৰ অঞ্চলটোৰ জীৱন, প্ৰকৃতি আৰু সংস্কৃতিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো প্ৰকাৰৰ বান্ধ তৎক্ষণাত বন্ধ কৰিবলৈ দাবী জনোৱা হয় । লগতে তিব্বতৰ ইয়াৰলুং চাংপো নদীত নিৰ্মাণ হৈ থকা ৬০ হেজাৰ মেগাৱাটৰ বহুমুখী জলবিদ্যুৎ প্ৰকল্পটো তাৎক্ষণিকভাৱে বন্ধ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চীনৰ বিৰুদ্ধে কূটনৈতিক হেঁচা প্ৰয়োগ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও দাবী তোলা হয় । নদী কেৱল বিদ্যুৎ উৎপাদনৰ উৎস নহয় । নদীসমূহ হৈছে কোটি কোটি মানুহৰ সভ্যতা, সংস্কৃতি, জৈৱ বৈচিত্ৰ্য আৰু জীৱিকাৰ উৎস। নদীখনৰ প্ৰাকৃতিক অস্তিত্ব ধ্বংস কৰি কোনো বহনক্ষম উন্নয়ন সম্ভৱ নহয় । উত্তৰ-পূৰ্বাঞ্চলৰ নদী আৰু নৈৰ ওপৰত নিৰ্ভৰশীল জনসাধাৰণৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত মঞ্চই ভাৰত চৰকাৰক মঞ্চৰ দাবীক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়৷