...

শিশুৰ অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তা

শিশুৰ অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তা

মানকাচৰত বিশেষ সজাগতা সভা

মানকাচৰ,১২নৱেম্বৰ:

শিশুৰ অধিকাৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে মানকাচৰত অসম আৰক্ষীৰ বিশেষ পদক্ষেপ। অসম আৰক্ষীৰ উদ্যোগত আয়োজিত ‘শিশু সুৰক্ষা সপ্তাহ, ২০২৬’ৰ সৈতে সংগতি ৰাখি মানকাচৰ আৰক্ষী থানাৰ সহযোগত পি এম শ্ৰী এ এ লতিফ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰী সকলৰ মাজত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে, বৰ্তমান সময়ত শিশুৰ অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশেষকৈ কিশোৰ-কিশোৰী সকলক বিভিন্ন সামাজিক সমস্যা, নিৰ্যাতন, শোষণ তথা অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে এই সজাগতা সভাৰ আয়োজন কৰা হয়।

এই সজাগতা সভাখন মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰৰ নেতৃত্বত অনুষ্ঠিত হয়। সভাত পি এম শ্ৰী এ এ লতিফ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইৰশাদ হাছানে সভাপতিত্ব কৰে।

সভাত মানকাচৰ আৰক্ষীৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক ড° ফাৰুক আজিজ, মানকাচৰ থানা লেভেল নাগৰিক সমিতিৰ চেয়াৰমেন আমিনুল ইছলাম, মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে সাৰুৱা ভাষণ প্ৰদান কৰে।

সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলে ছাত্ৰী সকলক উদ্দেশ্যি আগবঢ়োৱা সাৰুৱা ভাষণত শিশুৰ মৌলিক অধিকাৰ, ব্যক্তিগত সুৰক্ষা, সামাজিক নিৰাপত্তা, শিশু নিৰ্যাতন প্ৰতিৰোধ, বাল্যবিবাহৰ কুফল আৰু যিকোনো বিপদজনক পৰিস্থিতিৰ সন্মুখীন হ’লে কেনেদৰে সজাগ আৰু সচেতন হ’ব লাগে, সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে।
লগতে কোনো শিশুৱে নিৰ্যাতন, অন্যায় অথবা শোষণৰ সন্মুখীন হ’লে ভয় বা সংকোচ নকৰাকৈ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী অথবা আৰক্ষীৰ কাষ চাপিবলৈ ছাত্ৰী সকলক আহ্বান জনোৱা হয়। শিশুৰ অধিকাৰ সুৰক্ষিত কৰাটো কেৱল আৰক্ষী প্ৰশাসনৰ দায়িত্ব নহয়, বৰঞ্চ পৰিয়াল, শিক্ষানুষ্ঠান আৰু সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰে সামূহিক দায়িত্ব বুলিও বক্তাসকলে উল্লেখ কৰে।
বিশেষকৈ ছাত্ৰী সকলৰ মাজত আত্মসচেতনতা বৃদ্ধি কৰাৰ লগতে নিজৰ অধিকাৰ আৰু নিৰাপত্তাৰ বিষয়ে জ্ঞান প্ৰদান কৰাই আছিল এই সজাগতা সভাৰ অন্যতম মূল উদ্দেশ্য।
উল্লেখযোগ্য যে, এই সজাগতা সভাত বিদ্যালয় খনৰ প্ৰায় ২৫০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মানকাচৰ আৰক্ষীৰ এনে পদক্ষেপে ছাত্ৰীসকলৰ মাজত শিশু অধিকাৰ আৰু নিৰাপত্তা সম্পৰ্কে সজাগতা বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে।
শিশুৰ সুৰক্ষা, শিশুৰ অধিকাৰ আৰু এখন নিৰাপদ সমাজ গঢ়াৰ লক্ষ্যৰে মানকাচৰ আৰক্ষীৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *