...

সমাগত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

সমাগত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

মিচিং জাতীয় সংগঠনৰ সমৰ্থিত প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ তুংগত

চাইন অন ডেস্ক, ১৯নৱেম্বৰ:

অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং স্বায়ত্ব শাসিত পৰিষদ। এই লৈ মিচিং জাতীয় সংগঠনৰ সমৰ্থিত প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ তুংগত টাকাম মিচিং পৰিণ কৌবাং চমুকৈ TMPKৰ । আজি জোনাইত টিএমপিকে সংগঠনৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনাত উপস্থিত থাকি টাকাম মিচিং পৰিণ কৌবাংঙৰ সভাপতি তিলক দলেয়ে সংবাদমাধ্যম আগত কয়- এইবাৰ মিচিং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনত মিচিং ৰাইজৰ মাজত যাতে বাদ বিবাদ নহয় এই বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিলো । এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ৰাজনৈতিক দলৰ হস্তক্ষেপৰ আঁতৰাই জাতীয় সংগঠনৰ মাজতে নিৰ্বাচন হ’বলৈ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ধন্যবাদ জ্ঞাপন কৰি সভাপতি তিলক দলেয়ে পুণৰ কয়
আমাৰ জাতীয় সংগঠনৰ সমৰ্থিত প্ৰাৰ্থী ২ নং মূৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাজকুমাৰ মৰাঙক সকলো ৰাজনৈতিক দলে সমৰ্থন আগবঢ়াছে গতিকে আমাৰ সমৰ্থিত প্ৰাৰ্থী ৰাজকুমাৰ মৰাং ৮৮ শতাংশ ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত হৈছে। তদুপৰি আমি ইতিমধ্যে জোনাই সমষ্টিত ২ টাকৈ পৰিষদীয় সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হ’বলৈ সক্ষম হৈছো। গতিকে বাকী ৩৮ টা পৰিষদীয় সমষ্টিটো জাতীয় সংগঠনৰ সমৰ্থিত প্ৰাৰ্থী সকলক জয়ী হোৱাটো নিশ্চিত গতিকে ৪০ টা পৰিষদীয় সমষ্টিয়ে আমি জয়ী হব।
আনহাতে ৰিপুন বৰাই মন্ত্ৰী ডাঃ ৰণোজ পেগু অনা মিচিং বুলি কোৱা কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনৰ নেতা তিলক দলেয়ে কয়- যিজন নেতা এই মন্তব্য আগবঢ়াইছে এই সম্পৰ্কে মই বিশেষ কলে বেয়াই হব। তেখেতৰ তেনে মন্তব্যত তৃণমূল পৰ্যায়ৰ ৰাইজে গৰজি উঠিছে। কাৰণ পিতামহ স্বৰূপ ডাঃ ৰণোজ পেগু যিজন ব্যক্তিয়ে আজি আমাৰ জাতীয় সংগঠনক নেতৃত্ব দি মিচিং জাতিৰ হৈ আন্দোলনত সুদীৰ্ঘ ৪৫ বছৰ নেতৃত্ব দি আহিছে। মিচিং ৰাইজৰ মাজৰ পৰাই বহুবাৰ নিৰ্বাচন খেলি তিনিবাৰকৈ বিধান সভাৰ মজিয়ালৈ গৈছে আৰু দুবাৰকৈ শিক্ষা মন্ত্ৰী হৈ আছে। তেনে এজন শিক্ষামন্ত্ৰী এজনৰ বিৰুদ্ধে কংগ্ৰেছে আবোল তাবোল বকি কোৱাটোয়ে ৰিপুন বৰা আৰু কংগ্ৰেছৰ মাইনাছ পইন্ট । যাৰ ফলত আমাৰ মিচিং অধ্যুষিত অঞ্চলত কংগ্ৰেছ সূন্য যাৰ ফলত ৱাৰ্ড মেম্বাৰ এটাও পাবলৈ সক্ষম হোৱা নাই। মই ৰিপুন বৰাৰ মন্তব্য বিসয়ে কিনো কম তেখেতৰ এই মন্তব্য তেখেতৰ নিজৰ পৰিচয় দাঙি ধৰিছে। তেখেতক এজন ৰাজনীতিবিদৰ মাজৰ এজন ডান্সবিন সকলোৱে পৰিচিত। গতিকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ বিগ জি’ৰ হব বুলি মন্তব্য কৰে। ইফালে ভাৰত চৰকাৰে মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) আৰু অসমৰ আন দুটা পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ বিষয়ত আলোচনা চলাবলৈ ইতিমধ্যে মধ্যস্থতাকাৰী (Interlocutor) হিচাপে নিযুক্তি দিছে গতিকে এই মাহৰ ২৫ আৰু ২৬ ভিতৰত মধ্যস্থতাকাৰী (Interlocutor) কাৰ্যালয় মুকলিৰ খবৰ আমি লাভ কৰিছো গতিকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে ডিচেম্বৰ মাহৰ ভিতৰতে মধ্যস্থতাকাৰী (Interlocutor) সৈতে প্ৰথম লানি আলোচনা আগবঢ়োৱা কথা ইতিমধ্যে আলোচনা কৰিছোঁ। নিশ্চিত বাবে মধ্যস্থতাকাৰী (Interlocutor) ৰ ম্যাদ এবছৰৰ গতিকে ভিতৰতে মিচিং, ৰাভা তিৱাৰ সাংবাদিক মৰ্যাদা বা ষষ্ঠ অনুসূচীত কথা সমাপন হব আৰু আমাৰ অধিকাৰ পাম বুলি দৃঢ় বিশ্বাস বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *