সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত জাতীয় সংগঠনৰ মুকলি সমৰ্থন
চাইন অন ডেস্ক,১৮নৱেম্বৰ:

সোণোৱাল কছাৰী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলস্বৰূপে ২০০৫ চনৰ ৮ মাৰ্চত লাভ কৰিছিল সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ। কিন্তু ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত নিৰ্বাচিত পৰিষদখনৰ কাৰ্যকাল অন্ত পৰাৰ পাছতো সময়মতে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ অভিযোগ উত্থাপন কৰিছে জনগোষ্ঠীটোৰ জাতীয় সংগঠনসমূহে।প্ৰায় তিনি বছৰ পলমকৈ অনুষ্ঠিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচনক লৈ এইবাৰ বিশেষ তৎপৰতা গ্ৰহণ কৰিছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সংস্থা আৰু সোণোৱাল কছাৰী জাতীয় পৰিষদে।সংবাদ মেলযোগে সংগঠন দুটাই স্পষ্ট কৰি দিয়ে যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখনক সাংবিধানিক সুৰক্ষাকৱচযুক্ত স্বায়ত্তশাসন ব্যৱস্থালৈ উন্নীত কৰাৰ লগতে জাতীয় সংগ্ৰামক অধিক 
কেৱল নিৰ্বাচনত জয়লাভ কৰাই নহয়, সোণোৱাল কছাৰী জনগোষ্ঠীৰ মাটি-ভেটিৰ সুৰক্ষা, ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যৎ, নিবনুৱা যুৱক-যুৱতীৰ আত্মসংস্থাপন আৰু জনগোষ্ঠীটোৰ জাতীয় ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো প্ৰতিগৰাকী প্ৰাৰ্থীয়ে দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মত প্ৰকাশ কৰে সংগঠনকেইটাই।সংবাদ মেলত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সংস্থাৰ সভাপতি দেৱানন্দ চেলেং, উপ-সভাপতি বিষ্ণু সোনোৱাল,সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব চন্দন সোনোৱাল, কছাৰী আৰু সচিব প্ৰধান চন্দন সোণোৱাল,
সহকাৰী সম্পাদক নিপন জ্যোতি সোনোৱাল, জিলা সভাপতি পবিত্ৰ সোনোৱাল আদিকে ধৰি কেইবাজনো উপস্থিত থাকে।